যোৱা ৭ জুনত গোৱালপাৰা জিলাৰ ধুপধৰা থানাৰ অন্তৰ্গত কঠালগুৰীৰ লক্ষ্মী শিল কুৱেৰীৰ মেনেজাৰ সঞ্জীত নাথৰ অপহৰণকাণ্ডৰ মূল অভিযুক্ত অমিত খাকলাৰী ওৰফে অমিত লাংথা আৰক্ষীয়ে শনিবাৰে নিশা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে ৭ জুনত গোৱালপাৰাৰ কঠালগুৰিৰ লক্ষ্মী শিল কুৱেৰীৰ মেনেজাৰ সঞ্জীত নাথৰ অপহৰণকাণ্ডৰ পিছতে ধুপধৰা আৰক্ষীয়ে ১০৩/ ১৮ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৬৫ আৰু ৩৬৪ ( এ) ধাৰাত গোচৰ পঞ্জীয়ন কৰি নাথক উদ্ধাৰৰ বাবে অভিযান চলাইছিল।
ফলত আৰক্ষীয়ে অপহৰণকাণ্ড সংঘটিত হোৱা দুদিনৰ পিছতে অপহৃত মেনেজাৰজনক উদ্ধাৰ কৰাৰ লগতে এই অপহৰণ কাৰ্যত জড়িত ৬ অপহৰণকাৰীক আটক কৰিবলৈ সক্ষম হৈছিল। কিন্তু অপহৰণ কাণ্ডৰ প্ৰধান ষড়যন্ত্ৰকাৰী অমিত খাকলাৰী পলাতক অৱস্থাত আছিল।
অৱশেষত গোৱালপাৰা আৰক্ষীয়ে শনিবাৰে নিশা নাগালেণ্ডৰ পূব ডিমাপুৰৰ পৰা অমিতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।