ডিজিটেল প্ৰেক্ষাপটৰ পটভূমিত উদ্ভৱ হোৱা সুৰক্ষাৰ প্ৰত্যাহ্বান সমূহৰ সৈতে উপযুক্তভাৱে মোকাবিলা কৰা আৰু চাইবাৰ অপৰাধসমূহ ৰোধ কৰাৰ দিশত প্ৰযুক্তিগতভাৱে অসম আৰক্ষীক সৱলীকৰণৰ দিশত সহায়ক হোৱাকৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কাহিলীপাৰাস্থিত অসম আৰক্ষীৰ বিশেষ শাখাত আছাম পুলিচৰ চাইবাৰ ড’ম প্ৰজেক্টৰ কাৰ্যালয় গৃহ এটা আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে।
উল্লেকযোগ্য যে অসম আৰক্ষীৰ চাইবাৰ ড’ম প্ৰজেক্ট ৰাজ্য চৰকাৰৰ বাজেট প্ৰতিশ্ৰুতি অনুসৰি নিৰ্মাণ কৰা হৈছে যাতে অসম আৰক্ষীৰ সেৱা প্ৰদানত তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ প্ৰয়োগেৰে সন্ত্ৰাসবাদ তথা অন্যান্য চাইবাৰ অপৰাদ সমূহৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত এক উপযুক্ত ডিজিটেল ডাটাবেছ সৃষ্টি কৰিব পৰা যায়।
এই প্ৰকল্পৰ জৰিয়তে অসম আৰক্ষীয়ে চাইবাৰ অপৰাধৰ বিৰুদ্ধে উপযুক্ত সেৱা আগবঢ়োৱাৰ দিশত সমৰ্থতা বৃদ্ধিৰ প্ৰশিক্ষণ প্ৰদানৰ লগতে জনসাধাৰণে সন্মুখীন হোৱা বিভিন্ন সমস্যা নিৰাময় কৰাৰ ক্ষেত্ৰতো প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা থাকিব।
আজিৰ উদ্বোধনী অনুষ্ঠানত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া, আৰক্ষী বিশেষ শাখাৰ সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্যকে ধৰি ভালে সংখ্যক জ্যেষ্ঠ আৰক্ষী বিষয়া সকল উপস্থিত থাকে।