• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাহ শ্ৰমিকক প্ৰতাৰণা কৰি মন্ত্ৰী পল্লৱলোচনে পকেট গৰম কৰাৰ অভিযোগ চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 11, 2018 12:23 pm
চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিৰ সংবাদমেল।

চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিৰ সংবাদমেল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“ৰাজ্যিক বিজেপি চৰকাৰে পূৰ্বতে পশ্চিম বংগৰ চৰকাৰে কৰা কামৰে আৰ্হি লৈছে। সাময়িক সকাহৰ নামত মালিক পক্ষক প্ৰায় ৪০০ কোটি টকা দি পল্লৱলোচনে নিজৰ পকেটটো গৰম কৰিব। এইটো পল্লৱলোচনৰ অংক।”

১০ জুলাইত চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিয়ে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি এই মন্তব্য কৰে সমিতিৰ মুখ্য আহ্বায়ক বিবেক দাসে।

Apply Now

নিৰ্বাচনৰ পূৰ্বে চৰকাৰখনে চাহ শ্ৰমিকসকলৰ মজুৰি ৩৫১.৩৩ টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও বৰ্তমান চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী পল্লৱলোচনে ৩০ টকাহে বৃদ্ধি কৰাত চৰম অসন্তোষ্টি প্ৰকাশ কৰিছে আঠটাকৈ চাহ জনজাতীয় সংগঠনৰ সন্মিলিত সমিতিয়ে।

আনহাতে, ব্ৰহ্মপুত্ৰ উপত্যকাত ১৩৭ টকাৰ পৰা ১৬৭ টকালৈ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আৰু বৰাক উপত্যকাত ১১৫ টকাৰ পৰা ১৪৫ টকালৈ মজুৰি বৃদ্ধি কৰা কাৰ্য্যক সাময়িক সকাহ বুলি আখ্যা দিয়ে সমিতিৰ মুখ্য আহ্বায়ক বিবেক দাসে।

তেওঁ লগতে কয়, “এটা স্থায়ী মজুৰি দিবলৈ সিদ্ধান্ত ল’ব নোৱৰাটো চৰকাৰৰ শ্ৰম বিভাগৰ চৰম ব্যৰ্থতা।”

তদুপৰি ২০১৭ চনৰ ৩১ ডিচেম্বৰত চাহ শ্ৰমিকসকলৰ মজুৰি চুক্তিৰ অন্ত পৰিছিল বুলি জানিবলৈ দি তেওঁ লগতে কয় “২০১৮ চনৰ জানুৱাৰি মাহৰ পৰা নতুন মজুৰি চাহ শ্ৰমিকসকলে লাভ কৰিব লাগিছিল যদিও জানুৱাৰি-ফেব্ৰুৱাৰি মাহ দুটা চৰকাৰে বাদ দিছে।”

আনহাতে, কিছুবছৰ আগতে পশ্চিম বংগ চৰকাৰে চাহ শ্ৰমিকসকলৰ সাময়িক সকাহ(Interim Relief) ৰ নামত তিনিবছৰ ধৰি তেনেকৈয়ে শ্ৰমিকসকলক মজুৰি দি ঠগি আহিছিল বুলি তেওঁ সংবাদমেলত জানিবলৈ দিয়ে।

লক্ষণীয়ভাৱে, ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগানত কাম কৰা শ্ৰমিকসকলৰ বাবে চৰকাৰে ২৪৬টকা মজুৰি ধাৰ্য্য কৰিছে বুলি তেওঁ জানিবলৈ দিয়াৰ লগতে কোম্পানিৰ বাগানত যিসকলে কাম কৰে তেওঁলোকৰ বাবে কিয় ১৬৭ টকা ধাৰ্য্য কৰা হ’ল বুলি চৰকাৰক প্ৰশ্ন কৰে।

তাৎপৰ্য্যপূৰ্ণভাৱে, ‘বস্তুৰ জুইছাই দামত শ্ৰমিকসকল ১৬৭টকা মজুৰিত কেনেকৈ চলিব?’ বুলি প্ৰশ্ন কৰি তেওঁ কয় “পল্লৱলোচন দাসক দিচপুৰৰ পৰা বাহিৰলৈ গৈ ৰাজ্যৰ বাগানসমূহত বজাৰ কৰিবৰ বাবে আহ্বান জনাইছো, তেওঁ ১৬৭ টকা পকেটত লৈ সেই টকাৰে বজাৰ কৰিব পাৰেনে নাই এবাৰ চাওকচোন।”

আনহাতে, কংগ্ৰেছ চৰকাৰে চাহ শ্ৰমিকসকলক যিধৰণে প্ৰতাৰণা কৰিছিল সেই আৰ্হিকে বিজেপিয়ে বৰ্তমান গ্ৰহণ কৰি চাহ শ্ৰমিকসকলক কংগ্ৰেছতকৈও অধিক পৰিমাণে প্ৰতাৰণা কৰিছে বুলি সংবাদমেলত দাসে অভিযোগ আনে।

কেৰালাত শ্ৰমিকসকলে ২০১৭ চনৰ ৩১ ডিচেম্বৰলৈকে ৩১০টকা মজুৰি লাভ কৰিছিল আৰু ২০১৮ চনৰ পৰা চৰকাৰে ৪৫০ টকাকৈ প্ৰদান কৰাৰ প্ৰস্তাৱ হাতত লৈছে। তামিলনাডুত ২৮৯ টকা আৰু কৰ্ণাটকত ২৬৯ টকা  বুলি তেওঁ জানিবলৈ দিয়ে।

আনহাতে উক্ত সংবাদমেলত উপস্থিত থকা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি ষ্টিফেন লাকৰাই শ্ৰমিকসকলৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি নকৰিলে অহা ২০ আগষ্টত ৰাজ্যৰ সমগ্ৰ বাগানতে শ্ৰমিকসকলৰ কাম বন্ধ ৰাখিব বুলিও ঘোষণা কৰে। লগতে বৰ্ষাকালীন অধিবেশনত চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সমিতিৰ উদ্যোগত দিচপুৰ ঘেৰাও কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ কথা তেওঁ সংবাদমেলৰ জৰিয়তে ঘোষণা কৰে।

তেওঁ লগতে কয় “বিজেপি চৰকাৰৰ শ্ৰম বিভাগে প্ৰদান কৰিব বিচৰা ২৫০০ টকাৰ এককালীন সাহায্য কোনো চাহ শ্ৰমিকে বিচৰা নাছিল, তেওঁলোকে মজুৰি বৃদ্ধি কৰিবৰ বাবেহে দাবী জনাইছিল।”

উল্লেখযোগ্য যে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ, অসম মজুৰি বৃদ্ধি শ্ৰমিক য়ুনিয়ন, অসম মজদুৰ য়ুনিয়ন, অসম টি লেবাৰ য়ুনিয়ন, অসম টি লেবাৰ য়ুনিয়ন, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি, সদৌ অসম আদিবাসী মহিলা সমিতি, -এই ৮টা চাহ জনজাতীয় সংগঠন একত্ৰিত হৈ উক্ত সমিতিখন গঠন কৰা হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm
এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

July 9, 2026 7:31 pm
সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

July 9, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd