• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

চিলাপথাৰ-আলো ৰে’লৱে পথ প্ৰকল্পলৈ নতুন দিল্লীৰ সেউজ সংকেত

এন ই নাও নিউজ by এন ই নাও নিউজ
January 12, 2018 11:32 am
প্ৰস্তাৱিত প্ৰকল্প সম্পৰ্কে আলোচনা কালত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সৈতে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিষয়াবৰ্গ

প্ৰস্তাৱিত প্ৰকল্প সম্পৰ্কে আলোচনা কালত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সৈতে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিষয়াবৰ্গ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (নিৰ্মাণ শাখাৰ) মহাপ্ৰৱন্ধক এন কে প্ৰসাদে বৃহস্পতিবাৰে ইটানগৰত মুখ্যমন্ত্ৰী পেমা খাণ্ডুক সাক্ষাৎ কৰি জানিবলৈ দিয়ে যে অসমৰ চিলাপথাৰৰ পৰা ৰাজ্যখনৰ পশ্চিম ছিয়াং জিলাৰ বামে হৈ আলো লৈকে মতুন ৰে’লৱে পথৰ সম্প্ৰসাৰণৰ বাবে কেন্দ্ৰই সেউজ সংকেত দিছে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এক চৰকাৰী প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ পাইছে।

খাণ্ডুৱে ৰে’লৱে সংযোগীকৰণৰ  বিষয়টো মহাপ্ৰৱন্ধকগৰাকী আৰু তেওঁৰ দলৰ বিষয়াসকলৰ সৈতে বিশদভাৱে আলোচনা কৰে। আলোচনা কালত তেওঁ বিষয়াসকলক আলো লৈকে ৰে’ল পথ সম্প্ৰসাৰণৰ কামটো অগ্ৰাধিকাৰ ভিত্তিত কৰিবলৈ জোৰ দিয়ে।

Apply Now

প্ৰসাদে আশ্বাস দিয়ে যে অতি সোনকালে ৰে’লৱে পথৰ জৰীপৰ কাম আৰম্ভ কৰা হ’ব আৰু লগতে তেওঁ জনায় যে অসমৰ উত্তৰ লখিমপুৰৰ পৰা অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰিৰ জিৰ’লৈকে আন এটা নতুন ৰে’লৱে পথৰ বাবেও অনুমোদন দিয়া হৈছে।

মুখ্যমন্ত্ৰীয়েও শীঘ্ৰেই জৰীপ তথা অনুসন্ধানৰ কাম আৰম্ভ কৰিবলৈ বিষয়াসকলক অনুৰোধ কৰাৰ লগতে ৰাজ্য চৰকাৰৰ পৰা সম্পূৰ্ণ সমৰ্থন তথা সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

তেওঁ লগতে ৰাজ্যখনৰ আন প্ৰস্তাৱিত ৰে’ল পথৰ সম্পৰ্কত স্থিতি জানিব বিচাৰে।

বিষয়াসকলে জনায় যে অসমৰ মাৰ্ঘেৰিটাৰ পৰা অৰুণাচল প্ৰদেশৰ দেওমালি (৩১ কি:মি:), লেখাপানীৰ পৰা খাৰছাং (২৫ কি:মি:) আৰু ইটাখোলাৰ পৰা ছেইজোছালৈ (১৮ কি:মি:) ৰে’ল পথৰ জৰীপৰ কাম সম্পূৰ্ণ হৈছে।

জৰীপৰ কাম চলি থকা আন ৰে’ল পথসমূহ হৈছে ডুমডুমা-নামছাই-ৱাক্ৰো, ডংৰি-ৰ’ইং, দেওমালি-নাহৰকটীয়া, খাৰছা-মিয়াও-নামপ’ঙ-নিউ কামলেং দেবন আৰু শিমলুগুৰি কানুবাৰী হৈ তিনিচুকীয়া-পাছিঘাট।

মুখ্যমন্ত্ৰীয়ে লগতে মুৰকংছেলেকৰ পৰা পাছিঘাট আৰু পাছিঘাট-তেজু-পৰশুৰামকুণ্ড-ৰূপাই ৰে’লপথৰ অগ্ৰগতি সম্পৰ্কে বুজ লয়।

বিষয়াসকলে জনায় যে মুৰকংছেলেকৰ পৰা পাছিঘাটৰ বাবে ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে আৰু জৰীপৰ কাম পূৰ্ণ গতিত চলি আছে। তেওঁলোকে লগতে জনায় যে তেজু আৰু পৰশুৰামকুণ্ড হৈ পাছিঘাটৰ পৰা ৰূপাই ৰে’ল পথৰ জৰীপৰ কামো চলি আছে।

বৈঠকত ভালুকপুঙৰ পৰা টাৱাঙলৈ ৰে’লপথৰ কামৰ বিষয়েও আলোচনা কৰা হয়। এই ৰে’লপথৰ কাম সম্পূৰ্ণ হ’লে বৰ্তমানৰ দূৰত্ব ৩৮৫ কিলোমিটাৰৰ পৰা ১৬৫ কিলোমিটাৰলৈ কমি যাব।

মুখ্যমন্ত্ৰীয়ে কয় যে এবাৰ এই ৰে’ৰ পথসমূহ সম্পূৰ্ণ কাৰ্যক্ষম হৈ উঠিলে কৃষকসকল আটাইতকৈ অধিক উপকৃত হ’ব কিয়নো যোগাযোগৰ অভাৱত এখন উন্নত বজাৰ পোৱাত তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈ আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd