• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চুক্তি স্বাক্ষৰিত হোৱাৰ ৩২ বছৰৰ পিছত মুকলি কৰা হ’ল অসম চুক্তি ৰূপায়ণ কাৰ্য্যলয়

এন ই নাও নিউজ by এন ই নাও নিউজ
December 10, 2017 4:48 pm
299
VIEWS
Share on FacebookShare on Twitter

সময়ৰ হিচাপেৰে অসম চুক্তি স্বাক্ষৰিত হোৱা আজি ৩২ বছৰ হ’ল। ৩২ বছৰৰ পিছত আজি অসম চুক্তি ৰূপায়ণৰ কাম-কাজ তদাৰকৰ বাবে নিৰ্দিষ্ট এটা কাৰ্য্যলয় স্থাপন কৰা হ’ল। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যায় প্ৰাংগণত এই কাৰ্য্যালয়টো আজি মুকলি কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে, যিজন অসম চুক্তি ৰূপায়ণ বিভাগৰো দায়িত্বত আছে। ইমান দিনে এই সম্পৰ্কীয় কাম-কাজ গৃহ বিভাগৰ কাৰ্য্যালয়ৰ পৰাই চলাই থকা হৈছিল। এই বিভাগটোৱে এটা সমন্বয়ৰক্ষী বিভাগৰ দৰে কাম কৰে। ঘাইকৈ ই অসম চুক্তিৰ বিভিন্ন দফাবোৰ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগে কেনেকৈ ৰূপায়ণ কৰিছে, বা এইবোৰৰ ৰূপায়ণ কি পৰ্য্যায়ত আছে ইত্যাদি দিশবোৰ চোৱাচিতা কৰে। তাৰোপৰি আছু তথা অসম চুক্তি ৰূপায়ণৰ সৈতে জড়িত থকা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰ্যালয়ৰ সৈতে সম্পৰ্ক ৰক্ষা কৰে। অনুষ্ঠানটোত মুখ্য মন্ত্ৰীৰ লগতে  উপস্থিত আছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, চন্দ্ৰমোহন পাটোৱাৰী, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিতকে আদি কৰি ভালেকেইজন নেতা-বিষয়া।

 

আজি খানাপাৰাত অসম চুক্তি ৰূপায়ণ কাৰ্য্যলয় মুকলি কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ফটো : য়ু বি।

উল্লেখযোগ্য যে চুক্তিখন স্বাক্ষৰিত হোৱাৰ পিছত যোৱা তিনিদশকৰো অধিক দিন অসম চুক্তিক লৈ বিভিন্ন জল্পনা-কল্পনা, বিভিন্ন দাবী-দাবা পাৰ হৈ গৈছে। ৰাজনীতিও কৰা হ’ল বহুত। এটা প্ৰধান পক্ষ হিচাপে থাকি চুক্তিখন কৰা অসম আন্দোলনৰ নেতাসকলেৰে গঠিত তথা নিজকে আঞ্চলিকতাবাদী বুলি দাবী কৰা ৰাজনৈতিক দল অগপই একাধিকবাৰ চৰকাৰো গঠন কৰিলে। কংগ্ৰেছ আহিল শাসনলৈ কেইবাবাৰো। কিন্তু ৰাজনীতিৰ বাদে বিশেষ একো নহ’ল। এইবাৰ বিজেপিৰ পাল। লগত অৱশ্যে আছে মিত্ৰ দল হিচাপে অগপ, যাৰ মূল উদ্দেশ্য আছিল অসম চুক্তিৰ জৰিয়তে তেওঁলোকৰ প্ৰয়োজনীয় দাবীবোৰ ৰূপায়ণ কৰা। আজি অসম আন্দোলনৰ চহিদসকলক সোঁৱৰা দিনটোত তেওঁলোকে পুনৰ অসম চুক্তিলৈ মনত পেলোৱাৰ সুযোগ পালে। চৰকাৰত থকাৰ সুবাদতে নিজে দুই-তিনিবাৰকৈ শাসনভাৰ লৈও এই চুক্তিক সঠিকভাৱে ৰূপায়ণ কৰিব নোৱৰা গ্লানিক সামান্যভাৱে হ’লেও মচি দিয়াৰ সুযোগ পালে অগপই।

Recent News

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd