বোকাখাতঃ অসমৰ ছয় জনগোষ্ঠীয়ে দিয়া অসম বন্ধৰ সময়ত আজি পুৱাতেই বন্ধৰ সৰ্বাত্মক প্ৰভাৱ বোকাখাতত দেখিবলৈ পোৱা গ’ল। বন্ধৰ প্ৰভাৱত বোকাখাত মহকুমাৰ সকলোতে দোকান-পোহাৰ বন্ধ হোৱাৰ লগতে যাতায়াতো স্থবিৰ হৈ পৰা দেখা যায়৷
উল্লেখ্য যে বোকাখাতত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে চাহবাগিচা বোৰত। বোকাখাতৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় পথত হাতীখুলি, ৰঙাজান, মেথনি, লতাবাৰী, ইকৰাজান, লখৌজান, বিহৰা আৰু নুমলীগড়ত চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতৃত্বত বন্ধৰ সমৰ্থকে পথ অৱৰোধ কৰি টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।
আটচাৰ প্ৰতিবাদকাৰী সদস্যসকলে হাতে হাতে চৰকাৰ বিৰোধী প্লেকাৰ্ড লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তপ্ত কৰি তোলে৷
ইফালে বন্ধৰ ফলত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ বাবে প্ৰশাসনে প্ৰায়বোৰ স্থানতে আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰিছে৷ ঠাই বিশেষে বোকাখাতৰ মহকুমা দণ্ডাধীশ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰিব লগা হয়৷
মাৰ্ঘেৰিটাঃ আনহাতে আজি পুৱা ৫ বজাৰ পৰা আহ্বান জনোৱা ৪৮ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ তিনিচুকীয়া জিলাতো সৰ্বাত্মক ৰূপত পৰা পৰিলক্ষিত হয়৷
জিলাখনৰ শদিয়া,ধলা,কাকপথাৰ,ডুমডুমা,মাকুম,ফিল’বাৰী,মাৰ্ঘেৰিটা,ডিগৱৈ, লিডু, লেখাপানী, বৰগোলাই, টিপং, জাগুনত ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহ সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰাৰ লগতে যান-বাহনৰ চলাচল ব্যাহত হৈ পৰে৷
মৰাণ,মটক আৰু তাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে তিনিচুকীয়াৰ ৰে’লৱে মাণ্ডলীক কাৰ্যালয়ৰ সন্মুখত আৰু ডুমডুমাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে৷
উল্লেখযোগ্য যে বন্ধৰ সময়ত অঞ্চলটোৰ বহু কেইখন বহুজাতিক কোম্পানীৰ চাহ বাগান-ফেক্টৰি খোলা থকাত বন্ধ সমৰ্থকসকলে অসন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।