ভেৰগাঁও উপ- সংমণ্ডল প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত তৃতীয় সংখ্যক চম্পক ৰায় বৰুৱা স্মাৰক ক্ৰিকেট প্ৰতিযোগিতাখনত টংলা ইংলিছ মিডিয়াম হাইস্কুলে চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে যোৱা শুকুৰবাৰে টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত ফাইনেল মেচখন টংলা ইংলিছ মিডিয়াম হাইস্কুল আৰু টংলা মডেল হাইস্কুলৰ মাজত অনুষ্ঠিত হয়।
মেচখনত টংলা ইংলিছ মিডিয়াম হাইস্কুলে ৭৩ ৰাণৰ ব্যৱধানত টংলা মডেল হাইস্কুলক পৰাস্ত কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে মেচখনত টংলা ইংলিছ মিডিয়াম হাইস্কুলে প্ৰথমে বেট ধৰি ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৪৬ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইয়াৰ বিপৰীতে টংলা মডেল হাইস্কুলে
১৪ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ৯১ ৰাণহে কৰিবলৈ সক্ষম হয়।

বিজয়ী আৰু বিজিত দলক ট্ৰফী- নগদ ধন প্ৰদান কৰে ক্ৰমে ত্ৰৈলোক্য কুমাৰ বৰুৱা, বিপুল ডেকাই।






