মঙলবাৰৰ পৰা ডিব্ৰুগড়ৰ ভিক্টৰি পল’ গ্ৰাউণ্ডত কেপ্টেইন জিন্টু গগৈ সোঁৱৰণি ফুটবল প্ৰতিযোগিতাখনি আৰম্ভ হৈছে। নৱম ৰাজপুতনা ৰাইফলছে আয়োজন কৰা প্ৰতিযোগিতাখনৰ চতুৰ্দশ সংস্কৰণটো আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰয়াত কেপ্টেইন জিন্টু গগৈৰ পিতৃ ফ্লাইং অ’ফিচাৰ সন্মানেৰে সন্মানিত টি আৰ গগৈয়ে। মুকলি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নগেন শইকীয়াই।
মুঠতে ৰাজ্যখনৰ ১৬ টা দলে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে। আৰম্ভণিৰ খেলখনত স্থানীয় দল জকাই ৰূপজ্যোতি সংঘই গাৰোহৱাল ৰাইফলছক ২-০ ব্যৱধানত পৰাজিত কৰে। ৰূপজ্যোতি সংঘৰ হৈ দুয়োটা গ’ল দিয়ে ইন্দ্ৰজিৎ সোণোৱালে। অহা ১২ জানুৱাৰীত চূড়ান্ত খেলখন অনুষ্ঠিত হ’ব।
কাৰ্গিল যুদ্ধত শ্বহীদ হোৱা জিন্টু গগৈৰ স্মৃতিত সেনাই ২০০৪ চনৰে পৰা এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰি আহিছে। ১৭ নং গাৰহোৱাল ৰাইফলছৰ ২৮ বছৰীয়া ডেকা জোৱানজনে ১৯৯৯ চনৰ ৩০ জুনত জুবেৰ পাহাৰৰ বাটালিক খণ্ডত অনুপ্ৰৱেশকাৰী পাকিস্তানী সৈন্যৰ সৈতে যুদ্ধত জীৱন উৎসৰ্গা কৰিছিল।
পৰ্বতৰ গুহা ৰাজ্যত অত্যন্ত প্ৰতিকূল বতৰৰ মাজতো তেওঁৰ দলটোক নেতৃত্ব দি শত্ৰুৰ সৈতে যুঁজ দি মৃত্যুবৰণ কৰা জিন্টু গগৈক মৰণোত্তোৰভাৱে বীৰ চক্ৰ সন্মান প্ৰদান কৰা হৈছিল। যুৱ কেপ্টেইনজনে ৰাষ্ট্ৰৰ বাবে জীৱন উৎসৰ্গা কৰাৰ আগ মুহূৰ্তত নিজ হাতেৰে দুই শত্ৰুক হত্যা কৰিছিল। কাৰ্গিল যুদ্ধত ৫২৭ গৰাকী ভাৰতীয় সৈনিকে প্ৰাণ আহুতি দিছিল।
কেপ্টেইন গগৈক তেওঁৰ বিবাহৰ ১২ দিন পিছতে ছুটী বাতিল কৰি কৰ্তব্যত যোগ দিবলৈ নিৰ্দেশ দিয়া হৈছিল। যুদ্ধলৈ যোৱা চাৰিটা কোম্পানীৰ এগৰাকী বিষয়া আৰু ১১ গৰাকী জোৱান উভতি অহা নাছিল।
গোলাঘাট জিলাৰ খুমটাইৰ বাসিন্দা জিন্টু গগৈক ২০০৭ চনত অসম চৰকাৰে মৰণোত্তৰভাৱে বীৰ চিলাৰায় সন্মান আগবঢ়ায়। ১৯৭০ চনৰ ২১ নৱেম্বৰত জন্ম গ্ৰহণ কৰা গগৈয়ে ১৯৮৪ চনৰ ৯ মে’ত চেন্নাইৰ অ’ফিচাৰ ট্ৰেইনিং একাডেমীত যোগ দিছিল আৰু ১৯৯৫ চনৰ ১১ মাৰ্চত গাৰহোৱাল ৰাইফলছত বিষয়া হিচাপে ভৰ্তি হৈছিল।