• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ধিং এক্সপ্ৰেছ’ হিমাৰ স্বৰ্ণজয় : কান্ধুলীমাৰীত আনন্দৰ জোৱাৰ

মিণ্টু দাস by মিণ্টু দাস
July 14, 2018 7:09 am
13-07-18 Dhin- Parents of Hima Das (3)
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম কন্যা হিমা দাসে জুনিয়ৰ বিশ্ব এথলেটিকছত স্বৰ্ণ জয় কৰি নতুন ইতিহাস ৰচনা কৰিলে। যিটো ইতিহাস হিমাৰ পূৰ্বে কোনেও গঢ়া নাছিল। মধ্য অসমৰ নগাঁৱৰ ধিঙৰ কন্যা হিমাৰ পূৰ্বে দেশৰ কোনে এথলিট তথা কোনো ভাৰতীয় খেলুৱৈ ট্ৰেক অন ফিল্ডত সোণৰ পদক আহৰণ কৰিবলৈ সক্ষম হোৱা নাছিল।

বৃহস্পতিবাৰে ফিনলেণ্ডৰ টেমপাৰেত অনুষ্ঠিত অনূৰ্ধ্ব-২০ আই এ এ এফ ছেম্পিয়নশ্বিপৰ ৪০০ মিটাৰত ৫১.৪৬ ছেকেণ্ডত সমাপ্ত কৰি এই ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় অসমৰ দৌৰৰ ৰাণী হিমা দাসে। ইয়াৰ পূৰ্বে জুনিয়ৰ বিশ্বকাপত সোণৰ পদক লাভ কৰিছিল নীৰাজ চোপ্ৰাই। অৱশ্যে সেয়া সফলতা আহিছিল জেভলিন থ্ৰ’ত৷ ইয়াৰ বিপৰীতে ব্ৰঞ্জ জয় কৰিছিল সীমা পুনিয়া আৰু নৱজ্যোৎ সিঙে৷

Apply Now

আনহাতে, ট্ৰেক ইভেণ্টত ভাৰতৰ কোনো এগৰাকী খেলুৱৈয়ে সুদীৰ্ঘ কাল ধৰি হিমাৰ দৰে সফলতা কঢ়িয়াবলৈ সক্ষম হোৱা নাছিল৷ এয়াই প্ৰথম সোণৰ পদক আজুৰি আনিলে হিমাই আৰু ৰচনা কৰিলে এক ইতিহাস। যাৰ ফলশ্ৰুতিত দৌৰৰ ৪০০ মিটাৰত দেশৰ ১ নং খেলুৱৈ হৈ পৰিল হিমা।

১৮ বছৰীয়া অসম কন্যা হিমাই প্ৰশিক্ষক নিপন দাসৰ চেষ্টাত এই সফলতা লাভ কৰিবলৈ সক্ষম হয়। আনকি ভাৰতীয় এথলিটৰ নতুন তাৰকা হিমাই যে স্বৰ্ণ লাভ কৰিব সেই কথা কোনেও ভাবিব পৰা নাছিল। এতিয়া সেয়ে সকলোয়ে বাট চাই ৰৈছে এছিয়ান গেমছলৈ য’ত নেকি হিমাই দেখুৱাব নিজৰ যাদু।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ গ্ৰাম্য এলেকাৰ এগৰাকী জীয়ৰীয়ে এটাৰ পিছত এটা সফলতা কঢ়িয়াই আনি সকলো সীমা ইতিমধ্যে অতিক্ৰম কৰিছে। আকাশ চুবৰ মন তথা হাবিয়াস বুকুত সাৱটি লৈ ফুৰা দৌৰৰ ৰাণী হিমাৰ হয়তো আকাশ চুবৰ বাবে বেছি দূৰ নাই।

উল্লেখ্য যে নগাঁও জিলাৰ অতি পিছ পৰা ধিঙৰ সমীপৰ কান্ধুলীমাৰী গাঁৱৰ ৰঞ্জিত দাস আৰু জোনালী দাসৰ কন্যা হিমা দাস। এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান হিমা। সৰ্বদিশতে পিছপৰা কান্ধুলীমাৰী গাঁৱত খেলৰ পৰিৱেশ নাথাকিলেও হিমাই নিজৰ একাগ্ৰতা, কঠোৰ পৰিশ্ৰম আৰু তীব্ৰ সংগ্ৰামৰ জৰিয়তে উজলি উঠি দেশ আৰু অসমীয়া জাতিক গৌৰাৱান্বিত কৰিছে।

হিমাৰ পিতৃ ৰঞ্জিত দাসে নিজ কন্যাই দেশৰ বাবে সোণৰ পদক অনাৰ বাবে গৌৰৱ প্ৰকাশ কৰে। তাই নিজক প্ৰতিষ্ঠা কৰিবলৈ অধিক কষ্ট কৰিছে। তাই অসমৰ তৰুণ প্ৰজন্মৰ বাবে আদৰ্শ হৈ ৰ’ব বুলিও পিতৃ ৰঞ্জিত দাসে কয়।ইতিমধ্যে ধাৰাবাহিক দুৰ্দান্ত প্ৰদৰ্শনৰ সুবাদত এছিয়ান গেমছৰ বাবে যোগ্যতা অৰ্জন কৰিছে হিমাই। মাত্ৰ কিছুদিনৰ পিছতেই জাকাৰ্টাত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত হিমাই বিশ্বৰ আন খেলুৱৈৰ লগত সমুখ সমৰত অৱতীৰ্ণ হ’ব ৷

ইয়াৰ পূৰ্বে হিমাই নিৰ্বাচিত হৈছিল কমনৱেলথ গেমচলৈ। ইতিমধ্যে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হৈ যোৱা কমনৱেলথ গেমচত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল হিমাই। আন্তঃৰাষ্ট্ৰীয় দৌৰবিদ হিমাই ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হৈছিল আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এথলেটিকছত অংশ লোৱাৰ সুযোগ লাভ কৰি স্প্ৰীণ্টাৰ হিমাই অষ্ট্ৰেলিয়াত অনুষ্ঠিত কমনৱেলথ গেমচত ৪০০ মিটাৰ দৌৰত ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল। ইয়াকে লৈ অসমৰ সৰ্বত্ৰে আনন্দৰ ঢল বৈছিল৷ বিশেষকৈ নগাঁও জিলাৰ কান্ধুলীমাৰী গাঁৱৰ লোকসকল আনন্দত আত্মহাৰা হৈ পৰিছিল হিমাৰ এনে সফলতাত।

ইতিমধ্যে খেলুৱৈ হিমা দাসে নতুন ইতিহাস ৰচি বিশ্ব এথলেটিকছত স্বৰ্ণ জয় কৰাৰ বাতৰিয়ে সমগ্ৰ নগাঁও জিলাৰ লগতে জন্মভূমি কান্ধুলীমাৰীত আনন্দৰ ঢল বোৱাইছে। জন্মভূমিৰ বহু উৎসাহী লোকে নাচি-বাগি আনন্দত আত্মহাৰা হৈ পৰি এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি কৰা দেখা যায়। হিমা দাসৰ এনে সফলতাই এতিয়া সকলোকে উৎফুল্লিত কৰি তুলিছে আৰু এচিয়ান গেমছত ঈৰ্ষণীয় সফলতা কঢ়িয়াই অনাটোকে সকলোৱে আশা কৰিছে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

October 17, 2026 10:00 am
এজন ৰুছ সেনা বিষয়াৰ বাবেই মৃত্যুমুখত পৰিল ৩০০ সেনা

এজন ৰুছ সেনা বিষয়াৰ বাবেই মৃত্যুমুখত পৰিল ৩০০ সেনা

October 17, 2026 9:08 am
দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

October 17, 2026 7:45 am
“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

October 17, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

October 17, 2026 10:00 am
এজন ৰুছ সেনা বিষয়াৰ বাবেই মৃত্যুমুখত পৰিল ৩০০ সেনা

এজন ৰুছ সেনা বিষয়াৰ বাবেই মৃত্যুমুখত পৰিল ৩০০ সেনা

October 17, 2026 9:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd