• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰেধিতাৰে নগাঁৱৰ উৰিয়াগাঁৱত মহন্তৰ নেতৃত্বত অগপৰ জোঁৰ সমদল

মিন্টূ দাস by মিন্টূ দাস
June 2, 2018 10:51 am
Former Assam CM Mahanta keeps his cool, says coming electoral fight will be tough for AGP

ফাইল ফটো- প্ৰফুল্ল মহন্ত।

483
VIEWS
Share on FacebookShare on Twitter

যি সময়ত কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰ আৰু বিজেপি দলে অৱস্থান গ্ৰহণ কৰি  বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মীয়ে বিভিন্ন বিভ্ৰান্তিকৰ  মন্তব্য প্ৰদান কৰিছে, সেই সময়তে মিত্ৰজোঁ‌ট চৰকাৰখনৰ অন্যতম অংশীদাৰ অসম গণ পৰিষদ দলে বিধেয়কখনৰ বিৰূদ্ধে অহৰহ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰা কাৰ্য‌ই ৰাজনৈতিক মহলত খলকনিৰ সৃষ্টি কৰিছে।

এই প্ৰতিবাদৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন স্থানত দলটোৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি ৰাজ্যৰ ৰাজনীতি উত্তাল কৰি ৰাখিছে। শুকুৰবাৰে অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত দলটোৰ নগাঁও সমিতি আৰু উৰিয়াগাঁও আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত উৰিয়াগাঁৱত জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে এক জোঁৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে।

স্থানীয় কেবাটাও সংগঠন আৰু ৰাইজৰ সহযোগত উলিওৱা এই জোঁ‌ৰ সমদলে উৰিয়াগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ কঁ‌পাই তোলে। কেবা শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে জোৰ লৈ কেন্দ্ৰীয় চৰকাৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আদিৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।

জোঁ‌ৰ সমদলত অংশ লৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা স্থানীয় বঢ়মপুৰ সমষ্টিৰ বিধায়ক মহন্তই কয় – বিধেয়কখন আইনত পৰিণত হ’লে অসমীয়া জাতি সংখ্যালঘুত পৰিণত হ’ব। অসমৰ ভাষা-সংস্কৃতিও বিপন্ন হ’ব। সেয়ে কোনো কাৰণতেই এই বিধেয়কখন মানি লোৱা নহয়।

অসমৰ ৰাইজৰ আৱেগ-অনুভূতিক সন্মান জনাই কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই বিধেয়কখন প্ৰত্যাহাৰ কৰিব লাগে। এই ক্ষেত্ৰত অসম চৰকাৰে বলিষ্ঠ ভূমিকা গ্ৰহণ কৰা উচিত। প্ৰসংগ ক্ৰমে তেওঁ বিধেয়কখনৰ বিৰুদ্ধে সকলো স্তৰৰ ৰাইজক ৰাজপথত উলাই আহিবলৈ আহ্বান জনায়।

এই জোঁ‌ৰ সমদলত মহন্তৰ লগতে অগপৰ জিলা সম্পাদক নিৰঞ্জন বৰা, উৰিয়াগাঁও আঞ্চলিক সমিতিৰ সভাপতি তোষেশ্বৰ কলিতা, সম্পাদক লীলা শৰ্মা, দলটোৰ যুৱ সংগঠন যুৱ পৰিষদৰ জিলা সম্পাদক ৰঞ্জন বৰা, বঢ়মপুৰ সমষ্টিৰ অগপৰ নেতা-কৰ্মীসকলেও অংশ গ্ৰহণ কৰে।

Recent News

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd