খ্ৰীষ্টমাছ উদযাপনৰ মাদকতা শেষ হোৱাৰ সময়তে পূবৰ স্কটলেণ্ড হিচাপে পৰিচিত শ্বিলং বনভোজৰ উল্লাস আঁকোৱালি ল’বলৈ সাজু হৈ উঠিছে।
মেঘৰ আলয়ৰ পাইন চহৰখনে গোটেই দেশৰ লগতে বিদেশৰো পৰ্যটকক আকৰ্ষণ কৰি আহিছে।
চহৰখনৰ পৰ্যটনস্থলীসমূহ দেশৰ বিভিন্ন অংশৰ পৰা অহা লোকেৰে ভৰি পৰে। বিশেষকৈ চুবুৰীয়া অসম, উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যকেইখন আৰু লগতে পশ্চিমবংগৰ পৰা অহা ভ্ৰমণকাৰীৰে ভৰি পৰে চহৰখন।
মেঘালয়ৰ ৰাজধানী চহৰখনৰ নিকটৱৰ্তী অঞ্চলত অৱস্থিত বৰাপানী হিচাপে পৰিচিত বিখ্যাত উমিয়াম হ্ৰ’দ হৈছে অন্যতম পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আৰু বনভোজ প্ৰেমীয়ে নতুন বছৰক আদৰিৱলৈ প্ৰতিদিনে তাত বনভোজৰ আয়োজন কৰে আৰু ৰঙ-ৰ’হইচেৰে হিয়া মন উপচাই তোলে।
আনহাতে, আসন্ন বিধানসভাৰ নিৰ্বাচনলৈ লক্ষ্য ৰাখি প্ৰাৰ্থিত্ব প্ৰয়াসীসকলৰো প্ৰায়ভাগেই ৰাইজৰ ওচৰ চপাৰ কৌশল হিচাপে সামূহিক ভোজ আৰু ৰাজনৈতিক বনভোজৰ আয়োজন কৰি উৎসৱৰ আনন্দ ভগাই লয়।
ছিলঙৰ হোটেলবোৰ এই সময়ত পৰ্যটকেৰে ভৰি পৰে আৰু আগতীয়াকৈ কোঠা বুক নকৰাকৈ আহি ছিলঙত উপস্থিত হোৱা পৰ্যটকসকলে একপ্ৰকাৰ সংকটত পৰিবলগীয়া হয়।
হালধীয়া আৰু ক’লা ৰঙৰ স্থানীয় টেক্সিবোৰ এই সময়ত অতি ব্যস্ত হৈ পৰে। সকলোৱে বিচৰা এই টেক্সিবোৰত উঠি যাত্ৰীসকলে চহৰখনৰ ইটো পৰ্যটন স্থলীৰ পৰা সিটোলৈ গতি কৰে। বহুতে কাষৰীয়া বনভোজস্থলীলৈ যাবলৈকে এই টেক্সিবোৰ ব্যৱহাৰ কৰে।
মাওফ্লাঙৰ সংৰক্ষিত বনাঞ্চল হৈছে আন এটা উৎকৃষ্ট বনভোজস্থলী। অৱশ্যে ইয়াত বনভোজ দলৰ বাবে ঠাইসমূহ পৰিস্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা পালন কৰিবলগীয়া আছে।
চেৰাপুঞ্জি সদায়েই অনৱগুণ্ঠিত এক স্থান। ইয়াৰ ৰিজ’ৰ্টসমূহ এই সময়ত পৰ্যটকেৰে ভৰি পৰে। তদুপৰি দিনজোৰা বনভোজ প্ৰেমীৰ ভিৰটো আছেই।
নৈসৰ্গিক শোভাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা আৰু হিন্দী চলচ্চিত্ৰ ‘ৰক অ’ন ইট’ এ বহিৰ্বিশ্বৰ সৈতে পৰিচয় কৰি দিয়া লইতলুম হৈছে বনভোজ প্ৰেমীৰ বাবে শেহতীয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু।