নলবাৰী জিলাৰ অন্তৰ্গত কৈহাটীৰ পথাৰত বৃহস্পতিবাৰে দুপৰীয়া কুখ্যাত সন্ত্ৰাসবাদী সংগঠন আইছিছৰ ক’লা পতাকা ওলোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বুধবাৰে গোৱালপাৰাত আইছিছৰ পতাকা ওলোৱাৰ পিছত সৃষ্টি হোৱা প্ৰতিক্ৰিয়া মাৰ নৌযাওতেই নলবাৰীত এনেদৰে আইছিছৰ পতাকা দেখা গ’ল।
পথাৰৰ মাজত এনেদৰে আইছিছৰ দৰে সন্ত্ৰাসবাদীৰ পতাকা কেনেকৈ উৰি থাকিব পাৰিলে তাক লৈ ব্যাপক চৰ্চা চলিছে। নলবাৰীতো পতাকাখনত ইংৰাজীত জইন ইন আইছিছ বুলি লিখা আছিল।
নলবাৰীৰ বেলশৰ থানাৰ আৰক্ষীয়ে পতাকাখন নমাই লৈ আনে। নলবাৰীত পথাৰৰ মাজত কোনো এনেদৰে আইছিছৰ পতাকা উৰুৱালে সেই লৈ আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ দল এটাই অনুসন্ধান চলাই আছে।
উল্লেখযোগ্য যে বুধবাৰে গোৱালপাৰা চহৰৰ আৰক্ষী চকীৰ পৰা মাথোঁ ২০ মিটাৰ দূৰত ব্ৰহ্মপুত্ৰৰ পাৰৰ কাচাৰীঘাটত ইংৰাজী আৰু আৰবী আখৰেৰে আই এছ এন ই লিখা আইছিছৰ ক’লা পতাকা উদ্ধাৰ হৈছিল।
এজন স্থানীয় যুৱকে পতাকা ৬খন দেখি আৰক্ষীক খবৰ দিছিল। ইতিমধ্যে আৰক্ষী অধীক্ষক অমিতাভ সিনহাই এয়া এক সমাজ বিৰোধী চক্ৰৰ কাম বুলি মন্তব্য কৰিছিল।