• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব নাগালেণ্ড

নাগালেণ্ডত সাংবিধানিক প্ৰক্ৰিয়াক সন্মান জনাই ২২জন প্ৰাৰ্থীৰ মনোনয়নপত্ৰ দাখিল

by
February 6, 2018 8:57 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাবুকি তথা দোদুল্যমান ৰাজনৈতিক পৰিস্থিতিৰ মাজতে নাগালেণ্ডত আজি ২২জন প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হ’বৰ বাবে মনোনয়নপত্ৰ দাখিল কৰিছে। এই কথা নিশ্চিত কৰিছে ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়াই। নাগা ট্ৰাইবেল হোহো আৰু শীৰ্ষস্থানীয় বেচৰকাৰী সংগঠনবোৰ তথা বিদ্ৰোহী সংগঠনৰ কঠোৰ স্থিতিৰ পৰিপ্ৰেক্ষিতত এই পদক্ষেপ বিশেষ তাৎপৰ্য্যপূৰ্ণ বিবেচিত হৈছে। সূত্ৰটোৱে জনোৱা মতে মনোনয়ন দাখিল কৰা প্ৰাৰ্থীকেইজন ক্ৰমে নৱগঠিত এন ডি পি পিৰ লগতে শাসনাধিষ্ঠিত এন পি এফ, এন ডি পি পিৰ সৈতে মিত্ৰতা কৰা বিজেপি আৰু জে ডি (য়ু)ৰ। মনোনয়ন পত্ৰ দাখিলৰ কাইলৈ, অৰ্থাৎ ৭ ফেব্ৰুৱাৰি অন্তিম দিন।

উল্লেখযোগ্য যে নাগালেণ্ডত অহা ২৭ ফেব্ৰুৱাৰিত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। কিন্তু দেশৰ নিৰ্বাচন আয়োগে নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পিছতে নাগা হোহো আৰু শীৰ্ষস্থানীয় বেচৰকাৰী সংগঠনবোৰৰ ক’ৰ কমিটিয়ে নিৰ্বাচনৰ পূৰ্বেই নাগা ৰাজনৈতিক সংকট সমাধান কৰাৰ দাবী জনাই নিৰ্বাচন বৰ্জনৰ আহ্বান জনাইছিল। এই পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ আটাইবোৰ ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে এক যৌথ বিবৃতিৰ জৰিয়তে নিৰ্বাচন বৰ্জনৰ কথা ঘোষণা জনাইছিল। কিন্তু পিছত বিজেপিকে ধৰি এন পি এফ, কংগ্ৰেছে এই স্থিতিৰ পৰা আঁতৰি আহি নিৰ্বাচনত অংশগ্ৰহণৰ কথা ঘোষণা কৰে।

Apply Now

ইয়াৰ লগতে এন এছ চি এনে (আই এম)-ও নাগা ৰাইজৰ আহ্বানক অৱমাননা কৰিলে বিষম পৰিণতিৰ সন্মুখীন হ’ব বুলি কঠোৰভাৱে সকীয়াই দিছিল।

এনে পৰিপ্ৰেক্ষিততে মনোনয়ন দাখিলৰ পঞ্চম দিন পৰ্য্যন্ত এখনো মনোনয়নপত্ৰ পৰা নাছিল।

আজি মনোনয়নপত্ৰ দিয়া প্ৰাৰ্থীসকলৰ ভিতৰত এন ডি পি পিৰ ক’হিমাৰ পৰা চাৰিজনে, ফেকৰ পৰা দুজনে, জুনেবোটোৰ পৰা দুজনে, বিজেপিৰ ডিমাপুৰৰ পৰা ছজনে, ফুংঘোবোটোৰ পৰা এজনে, ফেকৰ পৰা এজনে, জুনেবোটোৰ পৰা দুজনে আৰু ওষাৰ পৰা এজনে, এন পি এফৰ ফেকৰ পৰা তিনিজনে, জুনেবোটোৰ পৰা এজনে, ওখাৰ পৰা দুজনে আৰু টুৱেনচাঙৰ পৰা এজনে আৰু জে ডি (য়ু)ৰ ওখাৰ পৰা এজনে মনোনয়নপত্ৰ দাখিল কৰিছে।

আনহাতে কংগ্ৰেছে যদিও ২৩জন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে, তেওঁলোকৰ এজন প্ৰাৰ্থীয়েও এই পৰ্য্যন্ত মনোনয়নপত্ৰ দাখিল কৰা নাই।

আজি নিজৰ কাৰ্য্যালয়ত নাগালেণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়া অভিজিৎ সিনহাই এখন সংবাদমেল পাতি জনাইছে যে পাঁচখন জিলাৰ পৰা এজনো প্ৰাৰ্থীয়ে মনোনয়নপত্ৰ দাখিল কৰা নাই। জিলাকেইখন হ’ল- মন, লংলেং, কিফিৰে, পেৰেন আৰু মোককচাং।

জানিব পৰামতে ৭ ফেব্ৰুৱাৰি মনোনয়নপত্ৰ দাখিলৰ অন্তিম তাৰিখ হোৱাৰ বিপৰীতে ৮ ফেব্ৰুৱাৰিত স্ক্ৰুটিনি তথা ১২ ফেব্ৰুৱাৰি মনোনয়নপত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন।

আনহাতে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াজনে জনাইছে যে ৰাজ্যৰ বাহিৰত মনোনয়নপত্ৰ দাখিল কৰিব নোৱাৰিব। আৰু যদি মনোনয়নপত্ৰ দাখিলত বাধা দিয়া হৈছে তেন্তে প্ৰাৰ্থীজনে নিৰ্বাচন প্ৰাধিকাৰী (ৰিটাৰ্নিং অফিচাৰ), জিলা নিৰ্বাচন বিষয়া আৰু আৰক্ষী অধীক্ষকক অৱগত কৰিব পাৰে। তেওঁ সকলোকে নিৰ্বাচন প্ৰক্ৰিয়াটোক সন্মান জনাবলৈ আহ্বান জনায়।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd