• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

নাগৰিকত্ব আইনৰ সংশোধনী বিধেয়ক, ২০১৬ : অসমীয়া জাতিৰ মৃত্যুবাণ

শিৱজিত দত্ত by শিৱজিত দত্ত
April 17, 2018 9:56 am
JCP
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ মঞ্চত জীয়াই থকাৰ যোগ্যতা অসমীয়া জাতিৰ আছেনে? আজি দিল্লীত অসমীয়া জাতিক ধ্বংস কৰাৰ চূড়ান্ত আখৰা চলিছে। এই খবৰে আজি অসম তোল-পাৰ কৰিব লাগিছিল। পুৱাই অসমীয়া বাতৰি কাকতত দেখিলোঁ ‘ৰঙালীৰ উছাহ’ক লৈ বিৰাট ডাঙৰ হেডলাইন। কিন্তু, হিন্দু বাংলাদেশীৰ নাগৰিকত্বক লৈ আজি দিল্লীত হ’বলগীয়া যুটীয়া সংসদীয় সমিতিৰ শুনানি বিষয়ক খবৰ প্ৰকাশ কৰা হৈছে এটা চুকত। অসমৰ ভাগ্য সলাব খোজা এই সমিতিৰ শুনানি হ’ব লাগিছিল অসমত- হৈছে দিল্লীত। তাৰিখ লোৱা হৈছে বিহুৰ মাজত যাতে ঢোল-পেঁপা-গগনাত মতলীয়া অসমীয়াই তৎ ধৰিব নোৱৰাকৈয়ে কামফেৰা হৈ যায়। শুনানিলৈ ১৪-টা সংগঠনক মাতিছে। উপস্থিত থকা সংগঠনবোৰে যদি কয় যে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়ে যদি দিয়ক, কিন্তু কেৱল অসমৰ ওপৰত জাপি নিদি অন্যান্য ৰাজ্যত ভগাই দিয়ক, তেন্তে হাতৰ কুঠাৰ ভৰিত মাৰাহে হ’ব। কাৰণ, কৌশলগত কাৰণতে সংসদীয় যুটীয়া কমিটীয়ে কথাটো মানি লোৱা যেন দেখুৱাই আইনখন পাক্কা কৰি পেলাব। আইনমতে হিন্দু বাংলাদেশীক নাগৰিকত্ব দি ল’ব পাৰিলে তেওঁলোক ভাৰতীয় নাগৰিক হ’ব আৰু পিছলৈ, কিছু পলমকৈ, ভাৰতীয় নাগৰিক হিচাপে তেওঁলোকক আকৌ অসমতেই সংস্থাপিত কৰিব। গতিকে সংগঠনসমূহে এনে স্থিতিহে ল’ব লাগে যে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান সংবিধান-বিৰোধী আৰু গণতন্ত্ৰৰ প্ৰতিকূলে।

কিন্তু সংগঠনসমূহে এই স্থিতি ল’বনে নাই সন্দেহ আছে। কেন্দ্ৰৰ চালাকিৰ সমুখত আকৌ এবাৰ (নহয়, শেষবাৰৰ বাবে!) অসমীয়া জাতিয়ে ঠগ খোৱাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে। গতিকে কিছুদিনৰ ভিতৰতে অসমীয়া জাতি বিশ্বৰ মানচিত্ৰৰ পৰা হেৰাই যাব বুলি নিশ্চিত হ’ব পাৰি।

Apply Now

নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ চৰিত্ৰ সাম্প্ৰদায়িক, অগণতান্ত্ৰিক, সংবিধানবিৰোধী আৰু অসমবিৰোধী। ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদানে সংবিধানৰ লগতে ভাৰতীয় গণতন্ত্ৰৰ মূল বৈশিষ্ট্য অৰ্থাৎ ধৰ্ম-নিৰপেক্ষতাত মোক্ষম আঘাত হানিব। ই হৈছে হিন্দুৰাষ্ট্ৰ নিৰ্মাণৰ পথত এক সুকৌশলী পদক্ষেপ। এবাৰ যদি ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দি ল’ব পৰা যায়, তেন্তে সেই উদাহৰণক সাৰথি কৰি ইয়াতকৈয়ো ডাঙৰ আৰু ভয়াবহ পদক্ষেপ লৈ ভৱিষ্যতে সংবিধানৰে সংশোধন ঘটাই আইনী প্ৰক্ৰিয়াৰেই ধৰ্ম-নিৰপেক্ষতাৰ কথাবোৰ আতৰাই দিবৰ বাট মুকলি হ’ব।

এচামে অসমবাসীক উদ্ভট যুক্তিৰে এইবুলি ফুচুলাইছে যে হিন্দু বাংলাদেশীৰ সংস্থাপনে হিন্দুৰ সংখ্যা বঢ়াই অসমীয়া জাতিক বাংলাদেশী মুছলমানৰ আগ্ৰাসনৰপৰা ৰক্ষা কৰিব। কথাটো গোকাট মিছা। কাৰণ, আধুনিক জাতিৰ আধাৰ ধৰ্ম নহয়, ভাষা-সংস্কৃতি আদিহে। হিন্দু বাংলাদেশীৰ সংখ্যাবৃদ্ধিয়ে অচিৰেই অসমীয়াভাষীক ভাষিক সংখ্যালঘুত পৰিণত কৰিব আৰু স্বাভাৱিকভাৱেই বাংলা অসমৰ ৰাজ্যভাষা হোৱাৰ থল থাকিব। তেতিয়া বিশ্বৰ ইতিহাসত বহু ভাষা হেৰাই যোৱাৰ দৰে অসমীয়াও হেৰাই থাকিব। মনত ৰখা ভাল যে ইতিহাসত আজিলৈ ধৰ্মৰ মৃত্যু হোৱা নাই, কিন্তু হেজাৰ হেজাৰ ভাষাৰ বিলোপ ঘটিছে।

এই সংশোধনীয়ে অসম চুক্তিৰো মূল কথাটোক নাকচ কৰি চুক্তিখন অসাৰ কৰিব বিচাৰিছে। চুক্তিমতে ১৯৭১ চনৰ পিছত অহা কোনো বিদেশীৰ বোজা অসমে নলয়। এই সংশোধনীয়ে এই মূল দফাটোকে উৰাই দিব খুজিছে। আছু আৰু অসম গণ পৰিষদে যেন বাহিৰত দেখুৱাই কেটেৰাই মাতিছে,কিন্তু ভিতৰি বিজেপিৰ বেথা এৰিব পৰা নাই। অসম গণ পৰিষদে হুংকাৰ দিছে যে বিধেয়কখন আইনত পৰিণত হ’লে সমৰ্থন এৰি দিব। আৰে! সেইখন আইন হৈ যোৱাৰ পিছত, অসমীয়া জাতিৰ শ্মশান-যাত্ৰা সমাপ্ত হোৱাৰ পিছত তোমালোক বিজেপিৰ লগত থাকিলাই বা নাথাকিলাই, তাত কাৰ কি আহে যায়?

কোৱা হৈছে যে ধৰ্মৰ ভিত্তিত দেশ বিভাজন হৈছিল- গতিকে পাকিস্তান, বাংলাদেশ আদিৰ নিপীড়িত হিন্দু মানুহৰ প্ৰতি আমাৰ দায়িত্ব আছে! এইটো অনৈতিহাসিক দাবী। কাৰণ,ধৰ্মৰ ভিত্তিত জিন্নাই পাকিস্তান সৃষ্টি কৰিছিল সঁচা, কিন্তু সেই সময়ত সকলো হিন্দু আৰু সকলো মুছলমানে দেশ-বিভাজন বিচৰা নাছিল। গণ-মাধ্যমৰ প্ৰসাৰ নঘটা সেই সময়ত বহু লোকে গমেই পোৱা নাছিল দেশত কি ঘটি আছে; বহুতে নিজৰ মত প্ৰকাশ কৰাৰ সুযোগেই পোৱা নাছিল। এক মুছলিম দল আৰু এক মুছলিম নেতাৰ কাম-কাজৰ বাবে সকলো মুছলিমক জগৰীয়া কৰিব নোৱাৰি। সৰহ সংখ্যক হিন্দু-মুছলমান আছিল ওপৰৰ পৰা কোনোবাই জাপি দিয়া সিদ্ধান্ত আৰু পৰিস্থিতিৰ অসহায় ক্ৰীড়নক। আজি সংসদীয় যুটীয়া কমিটীৰ আগত মই নিবিচৰা কথা এটা যদি সংগঠনসমূহৰ নেতৃত্বই কৈ থৈ আহে তেন্তে তাৰ বাবে মই দায়ী হ’ম নেকি?

এক ঐতিহাসিক দুৰ্ভাগ্যৰ মাজেদি দেশ-বিভাজন হ’ল। কিন্তু, বিভাজনৰ পিছত ভাৰত, পাকিস্তান, বাংলাদেশ আদি পৃথক পৃথক দেশ। প্ৰত্যেক দেশৰ নাগৰিকৰ দায়িত্ব সেই দেশৰ চৰকাৰে ল’ব। হিন্দু বুলিয়ে বিদেশী নাগৰিকক লৈ আইন প্ৰণয়ন কৰিব যোৱাটো গণতন্ত্ৰবিৰোধী, অসাংবিধানিক আৰু দৃষ্টিকটুভাৱে সাম্প্ৰদায়িক।

লেখক ডুমডুমা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক

শিৱজিত দত্ত

শিৱজিত দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

September 26, 2026 1:03 pm
জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

September 26, 2026 12:29 pm
এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

September 26, 2026 10:47 am
নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

September 26, 2026 9:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

September 26, 2026 1:03 pm
জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

September 26, 2026 12:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd