• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব প্ৰমাণৰ বাবে হাবাথুৰি খাইছে অসমৰ এগৰাকী খিলঞ্জীয়া মুছলমান মহিলাই

এন ই নাও নিউজ by এন ই নাও নিউজ
July 15, 2018 9:30 am
rehena-pic-edited-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উজনি অসমৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লেখাপানীৰ ৰেহেনা ইছলাম নামৰখিলঞ্জীয়া মুছলমান মহিলা এগৰাকীক বিদেশী হিচাপে চিহ্নিত কৰাত মহিলাগৰাকী সম্পূৰ্ণ ভাগি পৰিছে। এবছৰ পূৰ্বে বিদেশী ন্যায়াধিকৰণে মহিলাগৰাকীক বিদেশী হিচাপে ঘোষণা কৰাৰ পাছত তেওঁ বিগত এবছৰ ধৰি চৰকাৰী কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি ঘূৰি ভাগৰি পৰিছে।

এগৰাকী খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ অন্তৰ্গত ৰেহেনাই বিদেশী ন্যায়াধিকৰণৰ পৰা জাননী লাভ কৰাৰ পাছত এটা বিধ্বস্ত জীৱন জাপন কৰি আহিছে।

Apply Now

টাইমছ অব ইণ্ডিয়াক দিয়া এটা সাক্ষাৎকাৰত ৰেহেনাই কৈছে, ‘‘জাননীখনত ৰেহেনা বেগমৰ নাম উল্লেখ কৰা আছে, কিন্তু মই ৰেহেনা ইছলামহে। কেনেদৰে ৰেহেনা বেগম আৰু ৰেহেনা ইছলাম একে হ’ব পাৰে? তথাপিও আৰক্ষীৰ লোক আহি মোৰ দুৱাৰত খটখটাই আৰু জোৰকৈ মোক বিদেশী প্ৰতিপন্ন কৰিব বিচাৰে।

প্ৰতিৱেদনটোত ৰেহেনাৰ উদ্ধৃতিৰে আৰু কোৱা হৈছে, ‘‘মই খিলঞ্জীয়া মুছলমান। মই কেনেকৈ বিদেশী? বিগত বছৰৰ পৰা মই এটা অতি কঠিন সময় অতিবাহিত কৰি আহিছোঁ আৰু বিদেশী ঘোষিত মানুহগৰাকী যে মই নহয়, তাকে প্ৰমা: কৰাৰ বাবে আইনী বিকল্পৰ সন্ধান কৰি আহিছোঁ। দৰাচলতে, মোৰ কোনো ভুল নথকা স্বত্তেও মই শাস্তি ভুগি আছোঁ।’’

ৰেহানাই তেওঁৰ পতি আব্দুল ছালিমৰ লেখাপানীত থকা ব্যৱসায়ত সহায় কৰে। ম্ৰিয়মান হৈ পৰা ৰেহেনাই কৈছে যে বিদেশী ন্যায়াধিকৰণখনে ৰেহেনা বেগমক ২০০৫ চনত বিদেশী বুলি ঘোষণা কৰিছিল কিন্তু তেওঁ ২০১৭ৰ ৭ ছেপ্টেম্বৰত ৰেহেনা বেগমৰ নামত জাননীখন লাভ কৰিছিল। আৰু তাৰ পাছতেই তেওঁৰ মাজেৰে এটা বিপৰ্যস্ত সময় পাৰ হৈ গৈছিল।

প্রণিধানযোগ্য যে ২০১০ চনৰ ভোটাৰ তালিকাত ৰেহেনা ইছলামৰ ক্ৰমিক নম্বৰ আছিল ৩০২ আনহাতে ‘ডি’ ভোটাৰ হিচাপে চিহ্নিত ৰেহেনা বেগমৰ ক্ৰমিক সংখ্যা ৩০৪।

তেওঁ দুখেৰে কয়, ‘‘মোৰ নামটো ‘ডি’ ভোটাৰ তালিকাত চিহ্নিত হোৱা নাছিল যি ক্ষেত্ৰত ৰেহেনা বেগমৰ নামটো ‘ডি’ ভোটাৰৰ তালিকাভুক্ত আছিল। মোৰ জন্মস্থান উত্তৰ লখিমপুৰৰ বিদ্যালয়ৰ প্ৰমাণপত্ৰত জন্মৰ তাৰিখ ১৯৭০ৰ ১ নৱেম্বৰ বুলি আছে। তেতিয়া কোনো বিদেশীৰ প্ৰশ্নৰ উদয় হোৱা নাছিল।

ৰেহেনাই আঙুলিয়াই দিছে যে এটা সন্মানীয় আৰু সচ্চল পৰিয়ালৰ লোক হোৱা স্বত্তেও নিজৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ বাবে যি দৰে তেওঁ আকাশ পাতাল একাকাৰ কৰিবলগীয়া হৈছে, সেই ক্ষেত্ৰত নিৰীহ দুখীয়া শ্ৰেণীটোৰ কি অৱস্থা হ’ব, সেই কথা সহজেই অনুমেয় কাৰণ এই দুখীয়া শ্ৰেণীটোৰ মাজতেই গৰিষ্ঠ সংখ্যক ‘ডি’ ভোটাৰ আছে।

তেওঁ আৰু কৈছে যে বিদেশী হিচাপে ঘোষিত হোৱাৰ ফলত তেওঁৰ সামাজিক মৰ্যাদাত আঘাত পৰিছে।

তিনিটা সন্তানৰ মাতৃ ৰেহেনাই শোকত ভাঙি পৰি কৈছে, ‘‘এখন চহকী ঘৰৰ হিচাপে সমাজত মোৰ এটা খ্যাতি আছে, কিন্তু মোৰ গাত লগা বিদেশী মাৰ্কাটোৱে মোক মানুহৰ মাজত হেয় কৰি তুলিছে আৰু মই খিলঞ্জীয়া হোৱা সত্তেও লোকে এতিয়া মোলৈ অন্য দৃষ্টিৰে চায়। মই বৰ্তমান একেবাৰে ভাঙি পৰিছোঋ যদিও মোৰ স্বামীয়ে সকলোখিনি ঠিক হ’ব মোক আশা যোগাই আহিছে।’’

এই ক্ষেত্ৰত ৰেহেনাই একমাত্ৰ উদাহৰণ নহয়। অসমত এনে বহুতো নাগৰিক আছে, যি সকলে নিজকে অসমৰ খিলঞ্জীয়া বুলি নিশ্চিত কৰিছে কিন্তু তেওঁলোকক ‘ডি’ ভোটাৰ বুলি মাৰ্কা মাৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

July 11, 2026 10:51 am
ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

July 11, 2026 9:44 am
অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

July 11, 2026 8:52 am
শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

July 11, 2026 7:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

July 11, 2026 10:51 am
ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

July 11, 2026 9:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd