NORTHEAST NOW (Assamese)
অসম

পথ দুৰ্ঘটনাত শ্বিলং-গুৱাহাটী পথত দুই জীয়েকসহ এগৰাকী মহিলা নিহত

Posted by: এন ই নাও নিউজ April 9, 2018 10:42 pm
accident

সোমবাৰে শ্বিলঙত সংঘটিত এক পথ দুৰ্ঘটনাত মাতৃ সহ দুগৰাকীৰ কন্যাৰ মৃত্যু হয়।

প্ৰাপ্ত তথ্য মতে মৰিগাঁও জিলাৰ মৈৰাবাৰী জোন্তিমায় কোঁচ নামৰ বিধবা মহিলা গৰাকীয়ে নিজৰ কন্যাসহ কৰ্মসূত্ৰে শ্বিলঙত থকা জোঁৱায়েকৰ ঘৰত ফুৰবিলৈ গৈছিল।

কিন্তু জোঁৱায়েক পংকজ বৰাৰ ঘৰৰ পৰা মৈৰাবাৰীৰ নিজ গৃহলৈ উভতাৰ পথত গুৱাহাটী শ্বিলং ৰোডৰ বৰাপানীত তেওঁলোক আহি থকা টাটা চুম’খনক সন্মুখৰ ফালৰ পৰা আহি থকা এখন তীব্ৰবেগী গাড়ীয়ে খুন্দিওৱাৰ ফলত দুৰ্ঘটনাত পতিত হয়।

ফলত জোন্তিমায় কোঁচ নামৰ মহিলা গৰাকীৰ লগতে দুই কন্যা ননী বৰা (বিবাহিত) আৰু নিতুমনি বৰাই কৰুণ মৃত্যুক সাবটি লয়। অৱশ্যে সৌভাগ্যক্ৰমে জোঁৱায়েক পংকজ বৰা আৰু নিজ বিবাহিত জীয়ৰী ননী বৰাৰ সন্তানটি ৰক্ষা পৰে।

আনহাতে ঘটনা সংঘটিত হোৱাৰ পিছত মেঘালয় আৰক্ষীয়ে দুৰ্ঘটনাত নিহত সকলৰ মৃতদেহ মৈৰাবাৰীৰ পৰিয়ালৰ লোকক চমজাই দিয়ে। শ্বিলঙত কৰ্মসূত্ৰে থকা জোঁৱায়েকৰ ঘৰ নগাঁও জিলাৰ ধিঙত বুলি জানিব পৰা গৈছে।