• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

প্রদীপ দত্তৰ আত্মজীৱনী ‘সময় আৰু সংগ্ৰাম’ এক সময়ৰ দলিল

পংকজ কুমাৰ কলিতা by পংকজ কুমাৰ কলিতা
June 15, 2018 4:30 pm
p dutta (1)
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰদীপ দত্তৰ অনুলিখিত আত্মজীৱনী ‘সময় আৰু সংগ্ৰাম’ হৈছে অসমৰ চলচ্চিত্ৰ আৰু সাহিত্য ক্ষেত্ৰলৈ অসমান্য বৰঙনি আগবঢ়োৱা ড০ ভৱেন্দ্ৰ নাথ শইকীয়াৰ বাল্যবন্ধু প্ৰদীপ দত্তৰ আত্মজীৱনী। প্ৰদীপ দত্ত নামৰ মানুহজন কেনে আছিল সেয়া অনুধাৱন কৰাৰ বাবে ড০ ভৱেন্দ্ৰ নাথ শইকীয়াই তেখেতৰ আত্মজীৱনী ‘জীৱনবৃত্ত’ত কেইটামান নাতিদীৰ্ঘ বাক্যৰে লিখা বৰ্ণনাৰ পৰাই সুস্পষ্ট হৈ পৰিছে। কুমলীয়া বয়সতেই সমনীয়াৰ প্ৰতি থকা দায়িত্ববোধৰ উপৰিও কেনেদৰে মানুহৰ আত্মসন্মানত আঘাত নিদিয়াকৈ সাহায্য আগবঢ়াব  লাগে তাৰ অসমান্য পৰিচয় দিছিল সেই ল’ৰাজনেই ডাঙৰ হৈ যে এগৰাকী অতি দায়িত্বশীল কিন্তু নীৰৱ ব্যক্তিলৈ ৰূপান্তৰিত সেয়া তেওঁৰ বন্ধু ভবেনৰ আত্মজীৱনীৰ সেই বাক্যকেইটাৰ পৰা সহজেই অনুমেয়।

প্ৰদীপ দত্তৰ আত্মজীৱনীখন সময়ৰ এখন দলিলস্বৰূপ। এই আত্মজীৱনীখনৰ প্ৰতিটো পাততে আজিৰ পৰা প্ৰায় ৭-৮ দশক  পূৰ্বৰ পৰা সাম্প্ৰতিক সময়লৈকে  সমাজ আৰু মানুহৰ এখন বাস্তৱ ছবি অংকিত হৈছে। আত্মজীৱনীখনত লেখকে নিজৰ বাল্যবন্ধু ভৱেনৰ আত্মজীৱনীৰ পৰা উদ্ধৃতিৰে নিজৰ পৰিচয় আৰম্ভ কৰিছে যদিও তাৰ পাছতে ক্ষিপ্ৰতাৰে আগবাঢ়ি গৈছে তেওঁৰ জীৱনৰ সৈতে জড়িত বিভিন্ন বিষয়বস্তুৰ মাজলৈ। নিজৰ বংশলতিকাৰ এটা বৰ্ণনাৰ পাছত প্ৰদীপ দত্তই তেওঁৰ লৰালি কালৰ গ্ৰাম্য পৰিৱেশৰ এটা সম্যক ধাৰণাৰ পৰা আৰম্ভ কৰি তেওঁৰ জীৱনত ভূমুকি মৰা প্ৰেম আৰু তাৰ সফল পৰিণতিৰ কথাও বৰ্ণনা কৰিছে।

Apply Now

অসমৰ এটা প্ৰখ্যাত পৰিয়াল, গুৱাহাটীত প্ৰথমটো ছপাশাল ‘চিদানন্দ প্ৰেছ’ আৰু ‘আসাম মিহিৰ’ সংবাদপত্ৰৰ প্ৰতিষ্ঠাপক ৰায়চাহাব চিদানন্দ চৌধুৰীৰ নাতি গিৰিজানন্দ চৌধুৰীৰ সৈতে তেওঁৰ ভনীয়েক বীণা দত্তৰ বিবাহৰ সূত্ৰ ধৰি দত্তই উন্মুক্ত কৰিছে অসমৰ কিছুমান অতি প্ৰয়োজনীয় ঐততিহাসিক সমল। আজি সামাজিক বনানিকৰণৰ ইতিহাসত বোধহয় গিৰিজানন্দ চৌধুৰীও এগৰাকী পথ প্ৰদৰ্শক ব্যক্তি, যিয়ে সেই তাহানিতেই সৰুমটৰীয়াত ১৪,০০০ চেগুনৰ পুলি ৰোপণ কৰিছিল। ইতিহাসক সাক্ষী কৰি সেই ব্যক্তিগৰাকীৰ স্মৃতিক বুকুত লৈ চৌধুৰী-টিলা আজিও সেউজীয়া। আজিও এই টিলাটো ভৰি আছে সেইবোৰ চেগুন গছৰেই নতুন প্ৰজন্মই। আজিও তাত পৰিভ্ৰমী চৰায়ে জিৰাবলৈ পায় গছৰ শাৰী, কাঠ বাঁহেৰে সজাই দিয়া জিৰণিঘৰ। গিৰিজানন্দ চৌধুৰীৰ পুত্ৰ দুদুল চৌধুৰীৰ নিৰ্দেশত মিস্ত্ৰীয়ে বনাই শাৰী শাৰী ওখ ওখ চেগুন গছত স্থাপন কৰা কাঠ বাঁহেৰে সজা বাঁহবোৰত  জিৰণীয়া চৰায়ে নিজৰ ইচ্ছাতে তাতে থাকিব পাৰে আৰু গুচি যাবও পাৰে।

তেওঁ আত্মজীৱনীত বৰ্ণনা কৰিছে নিজৰ কৰ্মজীৱনৰ বিভিন্ন খুটি-নাটি কথা। চাহ বাগানত নিজৰ কৰ্মজীৱন আৰম্ভ কৰাৰ বৰ্ণনাৰ তথা বিখ্যাত চাহ বেৰন হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ সৈতে কাম কৰাৰ বৰ্ণনাৰ জৰিয়তে সেই সময়ৰ চাহ বাগানৰ এটা ছবি তেওঁ তুলি ধৰিছে। সচৰাচৰ দেখা চাহ বাগানৰ এখন নেদেখা ছবিও তেওঁ অতি সুন্দৰকৈ এগৰাকী বিষয়াৰ দৃষ্টিৰে দাঙি ধৰিছে। অভিজিত বৰুৱাৰ  ‘আসাম এয়াৰ প্ৰডাক্ট’ত মুখ্য কাৰ্যবাহী বিষয়া হিচাপে যোগদান কৰি এবাৰ ড্ৰাইভাৰৰ অনুপস্থিতিত নিজেই টেংকাৰ চলাই জুলীয়া নাইট্ৰজেন সময়মতে অএনজিচিৰ ভটিয়াপাৰাৰ ফিল্ড অপাৰেশ্যন চেণ্টাৰত পাওনা কৰিছিল।

আত্মজীৱনীখনত প্ৰদীপ দত্তই তেওঁৰ ঘটনাবহুল জীৱনৰ বৰ্ণনা কৰোঁতে নিজা গাড়ীৰে দক্ষিণ ভাৰত ভ্ৰমণৰ ৰোমাঞ্চকৰ যাত্ৰা আৰু তাত লাভ কৰা বিচিত্ৰ অভিজ্ঞতাৰ সৰস বৰ্ণনা দিছে। আনহাতে দক্ষ প্ৰশাসক হিচাপেও দত্তৰ ৰূপটো প্ৰকাশিত হৈছে তেওঁৰ কৰ্মজীৱনত ভালেকেইটা সমস্যা সমাধানত প্ৰদৰ্শন কৰা প্ৰত্যুৎপন্নমতিত্বৰ পৰা। চিকাৰী হিচাপেও তেওঁৰ এটা পৰিচয় আমি পাওঁ।

তেওঁৰ বিদেশ যাত্ৰাৰ বৰ্ণনাত কেনেদৰে তেওঁ প্ৰথম জেট ইঞ্জিন চালিত কমেট বিমানত ভয়ে ভয়ে উঠিছিল তাৰ কথা পাওঁ। পাওঁ কেনেদৰে বিদেশত তেওঁক মানুহে সহায় কৰিছিল। কেনেদৰে শ্বিলঙৰ পথত মটৰচাইকেলত দুৰ্ঘটনাগ্ৰস্ত হৈছিল আৰু বাছচালকে সহায় কৰিছিল তাৰ বিৱৰণ পাওঁ।

অৱশ্যে কিছু কিছু দিশৰ প্ৰতি প্ৰদীপ দত্তৰ নিৰ্লিপ্ততাও দৃষ্টিকটু হিচাপে ধৰা পুৰিছে। উদাহৰণ স্বৰূপে এজনী গাভিনী বাঘিনীক খঙাল ৰাইজৰ বলি হ’বলৈ এৰি দিয়া কাৰ্য, প্ৰেমিক ল’ৰাজনৰ প্ৰতি দেখুওৱা নিৰ্লিপ্ততা আদিও মানি ল’ব পৰা নাযায়।

মুঠতে প্ৰদীপ দত্তৰ আত্মজীৱনী ‘সময় আৰু সংগ্ৰাম’ এখন সুখপাঠ্য ঐতিহাসিক দলিল। এই আত্মজীৱনীখনৰ পৃষ্ঠাই পৃষ্ঠাই জীৱন আৰু সমাজক নিৰ্মোহভাৱে বিশ্লেষণ কৰি পাঠকৰ মাজলৈ উলিয়াই দিয়া হৈছে। এগৰাকী আত্মবিশ্বাসী, পৰোপকাৰী, আনৰ আত্মসন্মানৰ প্ৰতি সচেতন এগৰাকী সাধাৰণ-অসাধাৰণ লোকৰ এই আত্মজীৱনীখন অত্যন্ত সুখপাঠ্য গ্ৰন্থ।

‘সময় আৰু সংগ্ৰাম’ৰ অনুলিখক হৈছে গোবিন্দ কুমাৰ খাউণ্ড আৰু প্ৰকাশক আৰু পৰিৱেশক শ্ৰীমন্ত শংকৰ একাডেমী। অক্ষৰ বিন্যাস কৰা হৈছে বঙালপুখুৰী, যোৰহাটৰ ডেল্টা কমাৰ্চিয়েলত আৰু মুদ্ৰণ কৰি উলিওৱা হৈছে গুৱাহাটী ভবানী অফছেট এণ্ড ইমেজিং ছিষ্টেম্‌ছ প্ৰা: লি:ত। কিতাপখনৰ মূল্য ২০০.০০ টকা মাত্ৰ।

পংকজ কুমাৰ কলিতা

পংকজ কুমাৰ কলিতা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd