• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰসঙ্গঃ পুলিচ-আইন- আইন বহিঃৰ্ভূত কাৰ্য

এদিন সময়ৰ গৰ্ভত হেৰাই যাব নেকি এই ৰহস্যময় মৃত্যু

মাৰ্ধুয বৰুৱা by মাৰ্ধুয বৰুৱা
June 12, 2023 6:53 pm
প্ৰসঙ্গঃ পুলিচ-আইন- আইন বহিঃৰ্ভূত কাৰ্য
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ যিকোনো ৰাষ্ট্ৰৰ পুলিচ অস্ত্ৰধাৰী হ’বই লাগিব। নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা যিকোনো ৰাষ্ট্ৰৰে প্ৰথম দায়িত্ব। এখন ৰাষ্ট্ৰৰ নাগৰিকৰ জীৱন আৰু সম্পত্তি কিমান সুৰক্ষিত তাৰ ওপৰতে ৰাষ্ট্ৰৰ আইনৰ শাসনৰ মান নিৰ্ভৰ কৰে। ৰাষ্ট্রৰ সশস্ত্ৰ বাহিনী সংবিধান প্ৰদত্ত আইনৰ দ্বাৰা সু-শৃংখলিত আৰু সুনিয়ন্ত্ৰিত হ’ব লাগিব। অন্যথা সশস্ত্ৰ বাহিনীটোৰ একাংশৰ দ্বাৰা ক্ষমতাৰ অপ-প্ৰয়োগ হ’বই। অসমত বৰ্ত্তমান ইয়াৰ স্পষ্ট প্ৰতিফলন দেখা গৈছে।

আজি দুটা বছৰৰ পূৰ্বে বৰ্ত্তমান চৰকাৰখনে শাসনভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা অপৰাধীৰ বিৰুদ্ধে “এনকাউণ্টাৰ কালচাৰ” আৰম্ভ হৈছিল। একাংশ তথাকথিত সমাজৰ স্বয়ম্ভু চৰ্দাৰ সদৃশ সংবাদ মাধ্যমে গৰু চুৰ, ড্ৰাগছৰ বেপাৰী, হত্যাকাৰী, ধৰ্ষণকাৰীৰ বিৰুদ্ধে পুলিচৰ এনে এনকাউণ্টাৰৰ সপক্ষে মুকলিকৈ সমৰ্থন দিছিল, ভাল পাইছিল ৰাইজৰ একাংশইও। কিন্তু যেতিয়া নগাঁও চহৰত মাতৃৰ গুষধ আনিবৰ বাবে ফাৰ্মাচীলৈ যোৱা প্ৰাক্তন “আছু” নেতা এজনক সুৰামত্ত আৰক্ষী বিষয়াই ভৰিত গুলীয়াই জীৱনৰ বাবে পংগু কৰি দিলে, ড্ৰাগছৰ বেপাৰী সজাবলৈ মুখত মদ ঢালি যন্ত্ৰণাত চটফটাই থকা প্ৰাক্তন ছাত্ৰনেতাজনৰ পকেটত ড্ৰাগছৰ কণ্টেইনাৰ ভৰাই দিয়াৰ অভিযোগ আহিল, তেতিয়াহে ৰাইজে প্ৰতিবাদত সোচ্চাৰ হৈ পৰিল।

“ফেক এনকাউণ্টাৰ’ আৰু “বুলডজাৰ কালচাৰ”ৰ সংক্ৰান্তত মহামান্য আদালতেও চৰকাৰক প্ৰশ্ন কাৰছে, অসন্তোষ ব্যক্ত কৰিছে।

বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ লগতে ভাৰত আৰু অসমতো সশস্ত্ৰ বাহিনীক সীমাহীন ক্ষমতা প্ৰদান কৰিলে হোৱা ব্যাপক অপ-প্ৰয়োগৰ অজম্ন উদাহৰণ আছে। আন নালাগে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ সেনাবাহিনী ইমানেই শক্তিশালী যে গণতান্ত্ৰিক ব্যৱস্থাটো বিগত ৭৫ বছৰ জুৰি শক্তিশালী নহ’ল। ভাৰততো বিগত শতিকাৰ ৭০ৰ দশকত যেতিয়া জৰুৰী অৱস্থা ঘোষণা কৰা হৈছিল তেতিয়া ৰাষ্ট্ৰখনত পুলিচ ইমানেই শক্তিশালী হৈ উঠিছিল যে নিৰপৰাধীক অপৰাধী সজোৱা, ভূৱা-এনকাউণ্টাৰ, আনকি নাৰীজনিত অপৰাধতো একাংশ পুলিচ জড়িত হৈ পৰাৰ অভিযোগ আহিছিল। একেদৰে ৯০ৰ দশকতো অসমত আলফাৰ বিৰুদ্ধে হোৱা সেনা-পুলিচৰ অভিযানৰ কালতো নিৰপৰাধীক হত্যা, ধৰ্ষণ, কাৰাৰুদ্ধ কৰাৰ লগতে নিৰ্মম অত্যাচাৰৰো বহু অভিযোগ আছিল।

স্পষ্টতঃ ৰাষ্ট্ৰৰ সশস্ত্ৰ বাহিনীৰ হাতত সংবিধান তথা আইন বহিঃভূত অপৰিসীম ক্ষমতাৰ অধিকাৰী হ’বলৈ দিলে মাফিয়া সদৃশ একোটা লবীৰ সৃষ্টি হয়। অপৰাধীৰ লগত মিলি-ভগত হৈ অপৰিসীম ধন-সম্পদৰ অধিকাৰী হৈ পৰাতো বিশ্বজনীন সত্য আৰু অসমো এনে প্ৰক্ৰিয়াত সোমাই পৰিলে এনে পৰিৱেশৰ ব্যতিক্ৰম হোৱাৰ প্ৰশ্নই উঠিব নোৱাৰে।

জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পাছৰে পৰা নগাঁও আৰু লক্ষিমপুৰ জিলাৰ পুলিচৰ এনে কলা অধ্যায়সমূহ ক্ৰমাৎ পোহৰলৈ অহা পৰিলক্ষিত হৈছে। আভাজ্যোতি ৰাভা, ৰুণা নেওগকে আদি কৰি বহু পুলিচ বিষয়াৰ পাহাৰ সদৃশ সম্পদৰ তথ্যৰ পাছতো অনুসন্ধান যেনে ক্ষিপ্ৰ হ’ব লাগিছিল তেনে হোৱা পৰিলক্ষিত হোৱা নাই। ৰাজ্যখনৰ গৃহবিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰীজনে এই ক্ষেত্ৰত সংবাদ মাধ্যমৰ আগত ফালৰি কাটিবলৈ চেষ্টা কৰাহে দেখা গৈছে। জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পাছত বহু প্ৰশ্ন এৰি গৈছে যাৰ উত্তৰ আজি এটা পষেক অতিক্ৰমৰ পাছতো পাবলৈ ৰাইজে সক্ষম হোৱা নাই।

প্ৰথমতে, বৃহৎ কণ্টেইনাৰখনে কি পৰিস্থিতিত মৃত ৰাভাৰ গাড়ীখনত খুন্দা মাৰিছিল তাৰ কোনো উত্তৰ আজিও পোৱা নগ’ল। 

দ্বিতীয়তে, দূৰ্ঘটনা সংঘটিত হোৱাৰ প্ৰায় আধাঘণ্টাৰ ভিতৰতে আৰক্ষী দূৰ্ঘটনাস্থলীত উপস্থিত হোৱাৰ কথা আৰক্ষী বিষয়াজনে নিজ মুখে সংবাদ মাধ্যমৰ সন্মুখত ব্যক্ত কৰিছে।

তাৰ পাছতো এজন কনিষ্ঠ বিষয়াৰ দূৰ্ভাগ্যজনক মৃত্যুৰ পাছতে স্বয়ং আৰক্ষী অধীক্ষকে কি বিচাৰি অথবা কি তথ্য নষ্ট কৰিবলৈ মৃত ৰাভাৰ বাসভৱনত সমষ্ট মানৱীয় প্ৰমূল্য জলাঞ্জলী দি দুধৰ্ষ অপৰাধীৰ ঘৰত ৰেইড কৰাদি অভিযান চলাবলৈ গৈছিল।

তৃতীয়তে, এগৰাকী আৰক্ষী বিষয়াৰ মৃত্যুৰ পাছত দূৰ্ঘটনাস্থলীৰ ভিডিঅ’গ্ৰাফী কৰা হোৱা নাছিল, ফিংগাৰপ্ৰিণ্টছ লোৱা হোৱা নাছিল। এই দুৰ্ঘটনাৰ দিশটো অৱহেলা কৰি পুলিচে কাক সুৰক্ষা দিবলৈ চেষ্টা কৰিলে?

চতুৰ্থতে, মৃত ৰাভাৰ মাতৃ তথা পৰিয়ালবৰ্গই মৃতকৰ দেহত ৰ’ডেৰে মৰিওৱাৰ চিহ্নৰ কথা উল্লেখ আৰু অভিযোগৰ পাছতো ফৰেনচিক বিশেষজ্ঞৰ সহায় লোৱাৰ পৰিৱৰ্তে শ্মশানত ততাতয়াকৈ জ্বলাই দিয়া হ’ল কিয়?

পঞ্চমতে, লক্ষিমপুৰৰ নকল সোণৰ আৰু জাল নোটৰ ব্যৱসায়ী আজগৰ এণ্ড কোম্পানীৰ এখন এজাহাৰৰ ভিত্তিত দুভাগ নিশা ৰিজাৰ্ভ ক্লজ কৰাই নহয় কেচো ৰেজিষ্টাৰ কৰিলে আৰু স্বয়ং আৰক্ষী অধীক্ষকগৰাকী শেষ নিশা ৰাভাৰ মৃত্যুৰ পাছত তেওঁৰ বাসগৃহত ৰেইড কৰিবলৈ গ’ল। কিন্তু কিয় সিহঁতে মৃত ৰাভাক ৬ লাখকৈ টকা আদায় দিছিল সেই প্ৰশ্ন কৰাৰ প্ৰয়োজন বিন্দুমাত্ৰও অনুভৱ নকৰিলে। তাৎপৰ্যপূৰ্ণ যে নতুনকৈ কাৰ্যভাৰ গ্ৰহণ কৰিয়েই লক্ষীমপুৰ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই দিয়া এটা মাত্র হুংকাৰতে মৃত ৰাভাৰ বিপেক্ষ এজাহাৰ দাখিল কৰা আজগৰে ভিজা মেকুৰীৰ দৰে আত্মসমৰ্পণ কৰিলেহি কিয়?

ষষ্ঠতে, অসম জাতীয় পৰিষদৰ শীৰ্ষনেতা তথা “আছু”ৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে সংবাদ মেলত এখন ফটো প্ৰদৰ্শন কৰি স্পষ্টকৈ অভিযোগ কৰিছিল যে স্বয়ং মুখ্যমন্ত্ৰীৰ ভাতৃৰ সৈতে থকা সু-সম্পৰ্কৰ বাবেই নগাঁওৰ বিতৰ্কিত সেই আৰক্ষী অধীক্ষক লীনা দলেৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল। এনে ভয়ংকৰ অভিযোগৰ পাছতো মৃুখ্যমন্ত্ৰীজনে কোনো বক্তব্য নিদিলে কিয়?

সপ্তমতে, চি.বি.আই.ৰ দল আজি পৰ্যন্ত মৃত ৰাভাৰ ৰহস্যজনক মৃত্যুৰ অনুসন্ধানৰ বাবে অহা নাই কিয়? যিহেতু প্ৰণালীবদ্ধভাৱে মৃত ৰাভাৰ তথ্যপ্ৰমাণ সংগ্ৰহ নকৰাৰ বহু অভিযোগ উঠিছে। গতিকে পলমে অনুসন্ধানত স্বাভাৱিকতেই প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব।

অষ্টমতে, আমাৰ ৰাষ্ট্ৰৰ পুলিচ ব্যৱস্থাৰ পৰা জনসাধাৰণ সাধাৰণতে আতঁৰি থাকিবলৈ বিচাৰে আইনী মেৰপেচত সোমাই পৰিব বুলি ভয় কৰি। তেনে অৱস্থাত মাত্ৰ ৩৪ বছৰীয়া আই.পি.এচ. বিষয়া লক্ষিমপুৰৰ নৱ-নিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক এবাৰ দেখা কৰিবলৈ, লগ পাবলৈ হেতা-ওপৰা কৰা দেখা গৈছে। এগৰাকী অতি জনপ্ৰিয় নায়ক অথবা অভিনেতাৰ দৰে ৰাইজে আদৰিছে। এনে নহয় যে তেওঁ মাত্ৰ এইবোৰৰ পাছতে লাগি আছে, নিজৰ একো কাম কৰা নাই। কৰ্মত যোগদানৰ মাত্ৰ এসপ্তাহৰ ভিতৰতে অৰ্দ্ধশতাধিকৰো অধিক নকল সোণৰ বেপাৰী, ড্ৰাগছ মাফিয়া, জালনোটৰ ব্যৱসায়ী আদিক হয় কৰায়ত্ব কৰিছে নহয় আত্মসমৰ্পণৰ বাবে বাধ্য কৰাইছে। অপৰাধীৰ বিপক্ষে অত্যন্ত কঠোৰ আৰু সাধাৰণ জনতাৰ বাবে ভাতৃবৎসল হোৱাৰ সময়তে তেওঁৰ প্ৰতি মুখ্যমন্ত্ৰীৰ সকীয়নি কিয় ইও এক ৰহস্যৰ সৃষ্টি কৰিছে। এজন আৰক্ষী বিষয়া জনপ্ৰিয় হোৱাৰ ক্ষেত্ৰত আইনগত বাধা ক’ত?

নৱমতে, মৃত ৰাভাৰ গাড়ীত খুন্দিওৱা ট্ৰাকখনৰ চালকজনে কেনেকৈ ইমান সহজে জামিন পাই নগাঁও জেলৰ পৰা ওলাই উত্তৰ প্ৰদেশৰ নিজ গৃহ পালেগৈ?

দশমতে, আনন্দ মিশ্ৰই কিয় সংবাদ মাধ্যমৰ ওচৰত বক্তব্য ৰাখিব নোৱাৰিব? টি.ভি.ৰ পৰ্দাত শীৰ্ষ পৰিবহন বিষয়া গৌতম দাস, আৰক্ষী বিষয়া পাৰ্থপাৰথি মহন্তকে আদি কৰি বহু গুৰুত্বপূৰ্ণ চৰকাৰী বিভাগৰ শীৰ্ষ বিষয়াসকলেচোন বক্তব্য উপস্থাপন কৰিয়েই থাকে। তেনে অৱস্থাত কেৱল আনন্দ মিশ্ৰ নিষিদ্ধ কিয়?

একাদশতে, ডি:.জি.পি. জি.পি. সিঙকে আদি কৰি কোনো শীৰ্ষ বিষয়া জোনমণি ৰাভাৰ মাতৃক সান্তনা দিবলৈও নগ’ল কিয়? কিয় এই উপেক্ষা?

অসমৰ জনসাধাৰণৰ মনত উদিত বহু প্ৰশ্নৰ ভিতৰত ওপৰত উল্লেখিত কেইটা দুটামানহে মাত্ৰ৷ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী বিষয়াই যেতিয়া ৰহস্যজনক দূৰ্ঘটনাত প্ৰাণ হেৰুৱাই, সেই মৃতকৰে ঘৰত যেতিয়া তেওঁৰ উৰ্দ্ধতন স্বয়ং আৰক্ষী অধীক্ষকগৰাকীয়ে অমানৱীয়ভাৱে ৰেইড কৰে, তাকো এটা নকল সোণৰ অপৰাধীৰ এজাহাৰৰ ভিত্তিত, যিটোৱে আনন্দ মিশ্ৰৰ এটা হুংকাৰতে থানাত হাজিৰ হয়হি, তেতিয়া জনসাধাৰণৰ মনত বহু প্ৰশ্নৰ উদয় হয়। দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াৰ বিপক্ষে কোনো ব্যৱস্থা গ্ৰহণ কৰা হ’বনে? এগৰাকী আৰক্ষী বিষয়াৰে যদি জীৱনৰ নিৰাপত্তা নাথাকে জনসাধাৰণৰ কি অৱস্থা হ’ব? মৃতকৰ মাতৃয়ে ন্যায় বিচাৰি হাহাকাৰ কৰা পৰিস্থিতিটো অত্যন্ত দুখজনকেই নহয় হতাশজনকো।

প্ৰকৃত অনুসন্ধান হ’বনে নহয়? অন্যথাই হয়তো এটা সাধাৰণ দূৰ্ঘটনা ৰূপেই ফাইল সামৰি থোৱাৰ যি আশংকা সচেতন মহলে সততে কৰি আছে সেয়াই সত্য হ’ব নে নহ’ব ভৱিষ্যততহে স্পষ্ট হ’ব।

কিন্তু ধুবৰীত স্বয়ং আৰক্ষী অধীক্ষকে মহিলা শিশুকে ধৰি বহুকেইজনক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ নকৰা, এজাহাৰত নাম থকা সত্বেও যোৰহাটৰ আৰক্ষীয়ে পৰ্ণগ্ৰাফী নিৰ্মাণৰ মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ নকৰাৰ বাবে ৰাইজে আন্দোলন কৰিবলৈ বাধ্য হোৱা, ট্ৰাক ড্ৰাইভাৰে পইচা নিদিয়া বাবে গুৰুলা-গুৰুলকৈ মাৰপিট কৰাকে আদি কৰি এইকেইদিনত সংঘটিত বহু ঘটনাপ্ৰবাহ কিন্তু পুলিচৰে একাংশৰ আইন বহিঃভূত কাৰ্যক্ৰমণিকাৰ দুটামান উদাহৰণহে মাত্ৰ। এনে কাৰ্য প্ৰতিহত হ’ব লাগিব| পুলিচ জনগণৰ বন্ধু হ’ব লাগিব। এই ক্ষেত্ৰত কোনো আইনগত বাধা থকাৰ প্ৰশ্ন উঠিবই নোৱাৰে।

– মাধুয বৰুৱা
জ্যোতি নগৰ, মাকুম
মা’বাহলঃ ৯৪০১১০১৭০৪

মাৰ্ধুয বৰুৱা

মাৰ্ধুয বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

August 13, 2025 7:38 pm
কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

August 13, 2025 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd