• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰসিদ্ধ সাংবাদিক, লিখক অনন্ত কুমাৰ দাসৰ বিয়োগ

ছফিকুল আহমেদ by ছফিকুল আহমেদ
March 18, 2018 8:26 am
Veteran-journalist-no-more-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইবাখনো গ্ৰন্থৰ লিখক, প্ৰসিদ্ধ সাংবাদিক অনন্ত কুমাৰ দাসৰ বহস্পতিবাৰে নিশা নিজা বাসভৱনত মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯২ বছৰ। গোৱালপাৰা জিলা, বিশেষকৈ ধূপধৰা অঞ্চলৰ পৰা তেওঁ সংবাদ সেৱা আগবঢ়াইছিল।

তেওঁৰ মৃত্যুৰ খৱৰ পাই সহস্ৰাধিক লোকে শেষবাৰৰ বাবে শ্ৰদ্ধা জনাবলৈ কলেজ নগৰত থকা তেওঁৰ বাসভৱনত উপস্থিত হয়। শুকুৰবাৰে তেওঁৰ গুণমুগ্ধ তথা অনুগামীসকলে তেওঁৰ মৃতদেহ ৰাজপথলৈ শোভাযাত্ৰা কৰি উলিয়াই আনি ধূপধৰাৰ বিভিন্ন সংগঠনৰ আৰু প্ৰতিষ্ঠানৰ কাৰ্যালয়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে নিয়ে। তেওঁ ওত:প্ৰোতভাৱে জড়িত হৈ থকা ৰূপজ্যোতি সাহিত্য সভা, মিলন সংঘ, চেম্বাৰ্চ অফ কমাৰ্ছ, ধূপধৰা ছোৱালী হাইস্কুল, ধূপধৰা হাইস্কুল আদি অনুষ্ঠানলৈ তেওঁৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে নিয়া হয়।

Apply Now

১৯২৬ চনত জন্ম লাভ কৰা অনন্ত দাসৰ পিতৃ আছিল অগৰুৰাম দাস আৰু মাতৃ ধৰ্মেশ্বৰী দাস। তেওঁ জনমভূমি আৰু দৈনিক অসমকে ধৰি কেইবাখনো দৈনিক আৰু সাপ্তাহিক কাকতৰ বাবে কাম কৰিছিল।

কেৱল সেয়াই নহয়, তেওঁ আন কেইবাখনে কাকতৰ সংবাদদাতা হিচাপে কাম কৰিছিল আৰু জিলাখনৰ সমস্যাসমূহ দাঙি ধৰিছিল। তেওঁ তেজপুৰৰ পৰা প্ৰকাশিত ‘মহাজাতি’, হাউলীৰ পৰা প্ৰকাশিত ‘আমাৰ দেশ’ আৰু বৰপেটাৰ পৰা প্ৰকাশিত ‘বৰপীঠ’তো সংবাদসেৱা কৰিছিল।

তেওঁৰ এই দীঘলীয়া আৰু উৎসৰ্গিত সেৱাৰ বাবে অসমৰ বাতৰিককাকতৰ ডেৰশ বছৰীয়া জয়ন্তীত তেওঁক সম্বৰ্দ্ধনা জনোৱা হৈছিল। তেওঁ ৰাজ্যিক পৰ্যায়ৰ বাতৰি কাকতত কাম কৰা ধূপধৰাৰ প্ৰথমগৰাকী সাংবাদিক আছিল।

সাংবাদিকতা কৰাৰ উপৰিও অনন্ত দাসে অসমীয়া সাহিত্যলৈও বৰঙণি আগবঢ়াই গৈছে। সাহিত্যৰ প্ৰতি থকা তেওঁৰ আকৰ্ষণৰ ফলশ্ৰুতিত তেওঁ লিখি উলিয়াইছিল ‘’মীৰা বনৰ জীয়ৰী’’, ‘‘ছিৰি চিন্তা’’, ‘’কল্পনা’’, ‘’মৃত্যুৰ পিছত’’, ‘’বনৰাণী’’ আৰু ‘’সাহিত্য নে প্ৰেম’’ নামৰ গ্ৰন্থ।

যদিওৱা তেওঁৰ সাহিত্য কৰ্ম আধুনিক পাঠকে কমকৈ জানে তথাপি তেওঁৰ সমকালীন পাঠকসকলে সেইয়া স্মৰণ কৰে।

তেওঁ তিনিবাৰকৈ অসম সাহিত্য সভাৰ ৰাজ্যিক কাৰ্যবাহী সদস্য হিচাপে নিৰ্বাচিত হৈছিল। কেইবাটাও সামাজিক আৰু সাংবাদিক সংগঠনে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে আৰু তেওঁৰ মৃত্যু এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে।

 

ছফিকুল আহমেদ

ছফিকুল আহমেদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd