• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰসূতিৰ মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ অসমত অধিক

এন ই নাও নিউজ by এন ই নাও নিউজ
February 17, 2018 6:05 pm
mmr-570x320
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰসূতিৰ মৃত্যুৰ হাৰৰ ৰাষ্ট্ৰীয় গড় ১৬৭ৰ বিপৰীতে অসমত এই হাৰ ৩০০। আনহাতে, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত ২০১৭-১৮ বৰ্ষত আৱন্টিত পুজিৰ মাত্ৰ ১৩.৫৮ শতাংশ ধন।

প্ৰসূতিৰ মৃত্যুৰ হাৰ হৈছে বছৰি প্ৰতি ১,০০,০০০ মহিলাৰ গৰ্ভধাৰণৰ সময়ৰ সমস্যা বা ইয়াৰ ব্যৱস্থাপনা সম্পৰ্কীয় কোনো সমস্যাৰ বাবে প্ৰসূতিয়ে জন্ম দিওতে হোৱা মৃত্যুৰ হাৰ।

Apply Now

স্বাস্থ্য অৰু পৰিয়াল কল্যাণ বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী অশ্বিনী কুমাৰ চৌবে কয় যে চৰকাৰে অসমত অস্বাভাৱিকভাৱে বৰ্দ্ধিত সংখ্যা নিম্নগামী কৰাৰ দিশত প্ৰচেষ্টা অব্যাহত ৰাখিছে।

‘’প্ৰসূতিৰ মৃত্যুৰ হাৰ অতি বেছি। গোটেই ভাৰতৰ বৰ্তমান সামগ্ৰিক গড় ১৬৭ ৰ বিপৰীতে ইয়াৰ গড় হাৰ ৩০০। তালিকাৰ ই একেবাৰে তলৰ স্থানত আছে। চাৰি বছৰ আগতে অসমত এই হাৰ আছিল ৩৮৩ আৰু ২০০২ আছিল ৪৪৭,’’-চৌবে জানিবলৈ দিয়ে।

কেন্দ্ৰই অসমৰ বহুকেইখন জিলাত ক্ষিপ্ৰতাৰে চিটাকৰণ আৰু আন চিকিৎসা অভিযান চলাই আছে। ‘ইন্দ্ৰধনুষ অভিযান’ৰ অধীনত নগাঁও, ধুবুৰী, গোৱালপাৰা, কাৰ্বি আংলং, কোকৰাঝাৰ আৰু চিৰঙত এই অভিযান চলাই থকা হৈছে।

অশ্বিনী কুমাৰ চৌবেই কয় যে কেচুৱাৰ মৃত্যুৰ হাৰো (এবছৰৰ তলৰ জন্মলাভ কৰা প্ৰতি ১,০০০ শিশুৰ ভিতৰত মৃত্যুৰ হাৰ) অসমত অধিক। এইক্ষেত্ৰত ৰাষ্ট্ৰীয় গড় ৩৭ ৰ বিপৰীতে অসমত এই সংখ্যা ৪৪ গৰাকী।

তেওঁ কয় যে কেন্দ্ৰই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত ২০১৭-১৮ বৰ্ষৰ বাবে অসমক ১,০৫৬.২৫ কোটি টকা আৱন্টন দিছে।

‘’ইয়াৰ ভিতৰত আমি ৫১৪.৮১ কোটি টকা মুকলি কৰি দিছো। ইয়াত ৰাজ্যৰ অংশ হৈছে ৩৫ কোটি টকা। আমাৰ তথ্য অনুসৰি ৰাজ্য চৰকাৰে এতিয়ালৈ ১৪৩.৪২ কোটি টকা খৰচ কৰিছে।‘’ তেওঁ কয় যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত ৰাজ্যখনত  ৮১ খন বিভিন্ন আঁচনিৰ কাম চলি আছে।

ৰাজ্যখনত চিকিৎসকৰ সংখ্যাও অতি পুতৌজনক। ইয়াত প্ৰতি ৩,০০০ লোকৰ বিপৰীতে এগৰাকী চিকিৎসক আছে।

‘’বিশ্ব স্বাস্থ্য সংস্থাৰ মান অনুসৰি প্ৰতি ১,০০০ গৰাকী লোকৰ বিপৰীতে এগৰাকী চিকিৎসক থাকিব লাগে। এইক্ষেত্ৰত দেশৰ গড় হৈছে ১,৫৯২ গৰাকী লোকৰ বিপৰীতে এগৰাকী চিকিৎসক। উত্তৰ-পূৰ্বাঞ্চলৰ অৱস্থা অতি পুতৌজনক,’’-তেওঁ কয়।

নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশত প্ৰায় ৪,০০০ লোকৰ বিপৰীতে মাত্ৰ এজন চিকিৎসক আছে বুলি চৌবে জানিবলৈ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd