• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰেশ অসমৰ শান্তি আহ্বানৰ পিছতো কিয় নীৰৱ মোদী?

দিবাকৰ বৰুৱা by দিবাকৰ বৰুৱা
June 29, 2018 7:53 pm
Paresh_Baruah
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত চৰকাৰৰ সৈতে শান্তি আলোচনাৰ কাৰণে প্ৰস্তুত বুলি আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ অসমে শেহতীয়াকৈ কে’বাবাৰো ঘোষণা কৰা সত্ত্বেও এতিয়ালৈকে ভাৰত বা অসম চৰকাৰে প্ৰকাশ কৰা নাই কোনো প্ৰতিক্ৰিয়া।

‘ভাৰত চৰকাৰৰ সৈতে শান্তি আলোচনাৰ বাবে সম্পূৰ্ণৰূপে সাজু’ বুলি পৰেশ অসমে কৰা ঘোষণা যোৱা ২১ জুনত অসমৰ এখন বাতৰি কাকতত প্ৰকাশ পাইছিল।

Apply Now

তাৰ মাত্ৰ কিছুদিন পূৰ্বে যোৱা ৫ মে’ত শান্তি আলোচনাৰ বাবে নিজৰ আগ্ৰহৰ কথা অসমৰ এক টিভি চেনেলৰ সৈতে হোৱা কথা-বাৰ্তাত জনাইছিল আলফা নেতাজনে।

অৰৱিন্দ ৰাজখোৱা নেতৃত্বাধীন আলফাৰ গোটৰ সৈতে আলোচনা চূড়ান্ত পৰ্য্যায়ত উপনীত হোৱা বুলি ভাৰত চৰকাৰ তথা আলোচনাপন্থী আলফাই দাবী কৰি অহাৰ সময়ত উত্তৰ-পূবৰ বিদ্ৰোহী সংগঠনসমূহৰ অন্যতম মুখ পৰেশ অসমক শান্তি আলোচনাত সামৰি লোৱাটো অসমৰ স্থায়ী শান্তিৰ কাৰণে নিশ্চিতভাৱে হ’ব গুৰুত্বপূৰ্ণ। উল্লেখযোগ্য যে আলফাৰ সৈতে আলোচনা চূড়ান্ত স্তৰত থকা বুলি যোৱা ৭ এপ্ৰিলত আলফাৰ প্ৰতিষ্ঠা দিৱসৰ দিনা স্বয়ং কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে গুৱাহাটীত ঘোষণা কৰিছিল।

খাপলাঙৰ মৃত্যু আৰু এন এচ চি এন (আই এম)ৰ সৈতে কেন্দ্ৰৰ দীৰ্ঘদিনধৰি চলি থকা শান্তি আলোচনাই ‘নাগা চুক্তি’ৰ ৰূপ ল’ব বুলি চৰকাৰ আৰু বিদ্ৰোহী দুয়োপক্ষই দাবী কৰি অহাৰ সময়ত শান্তি আলোচনাত পৰেশ বৰুৱাৰ অংশগ্ৰহণে উত্তৰ-পূবৰ বিদ্ৰোহী সমস্যাটোকে দিব পাৰে এক সুদূৰপ্ৰসাৰী গতি যিটো ভাৰত চৰকাৰৰ লগতে অঞ্চলটোৰ কাৰণেও হ’ব পাৰে স্বস্তিদায়ক।

তাৰোপৰি পৰেশ অসমে ৰাষ্ট্ৰসংঘৰ নিৰীক্ষণত আলোচনা আৰু তৃতীয় দেশত আলোচনা-ৰ প্ৰসংগ উত্থাপন কৰা নাই যিটো ভাৰত চৰকাৰৰ কাৰণে হ’ব পাৰে কেৱল সৌভাগ্য।

‘গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই। গণতন্ত্ৰ আলোচনা আৰু কথা-বতৰাৰ যোগেদি চলে, বন্দুকেৰে নহয়’ বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে আহি অসমৰ মাটিতে বাৰেচহৰীয়া ভাওনা উদ্বোধন কৰিবলৈ আহি যোৱা ১ মাৰ্চত ঘোষণা কৰিছিল।

এনে পৰিস্থিতিত আলফা (স্বাধীন)এই নহয় উত্তৰ-পূবৰ সকলো উগ্ৰপন্থীৰে সংগঠনসমূহৰে প্ৰধান নেতা হিচাপে নেতৃত্ব দি অহা আলফা নেতাজনক শান্তি আলোচনাত জৰিত কৰাটো চীনৰ সৈতেও হ’লহেঁতেন ভাৰত ৰাষ্ট্ৰৰ এক কূটনৈতিক বিজয় আৰু ভাৰতে ‘এক্ত ইষ্ট নীতি’ অনুসৰি পূবত ভালকৈ দৃষ্টি দিব পাৰিলেহেঁতেন।

কিন্তু বিকাশৰ বাবে লগা শান্তি আৰু সমাধান হ’ব পৰা জাতীয় সমস্যা এটাত তৎপৰ নহৈ কিয় নীৰৱ ‘বিকাশ পুৰুষ’ প্ৰধান মন্ত্ৰী মোদী আৰু ‘জাতীয় নায়ক’ মুখ্য মন্ত্ৰী সোণোৱাল?

আলফাৰ সৈতে আলোচনাত গুৰুত্বপূৰ্ণ ভূমিকা লৈ অহা বুলি ইতিমধ্যে চৰকাৰ আৰু বিদ্ৰোহী দুয়োপক্ষই স্বীকাৰ কৰা ৰেৱতী ফুকনৰ ‘নিৰুদ্দেশ’টো ৰহস্যজনক চৰকাৰৰ ভূমিকা। আনে কোৱা নাই; ৰাইজক নহয়, আদালততহে দাখিল কৰিব পৰাকৈ ৰেৱতী ফুকন সম্বন্ধীয় তথ্য আছে বুলি চৰকাৰী পক্ষৰ পৰাই কোৱা হৈছে।

এনে প্ৰেক্ষাপটত এই প্ৰশ্নটো উঠিব পাৰেনে- অসমত সঁচাকৈয়ে স্থায়ী শান্তি বিচাৰেনে ভাৰত চৰকাৰে?

দিবাকৰ বৰুৱা

দিবাকৰ বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd