• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলাদেশে আদৰণি জনোৱাৰ পিছত এতিয়া ৰহিঙিয়া মুছলমান শৰণাৰ্থীসকলে নতুন দুৰ্দশাৰ সন্মুখীন হৈছে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 31, 2017 10:51 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাৰ্মিজ সেনাৰ নৃশংস আক্ৰমণৰ পিছত দিশহাৰা হৈ পৰা ৰহিঙিয়া মুছলমান শৰণাৰ্থীসকলে এতিয়া বাংলাদেশৰ সীমান্ত অঞ্চলত দুৰ্বিষহ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। ৰাষ্ট্ৰসংঘ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই ‘জনগোষ্ঠীয় নিৰ্মূলকৰণ অভিযান’ হিচাপে আখ্যায়িত কৰা বাৰ্মিজ সেনাৰ এই আক্ৰমণৰ পিছত ম্যানমাৰ ত্যাগ কৰি বাংলাদেশমুখী হোৱা শৰণাৰ্থীসকলে এতিয়া চৰম দুৰ্দশাৰ সন্মুখীন হৈছে।

কক্স বজাৰৰ শিৱিৰৰ অৱস্থা দিনে দিনে অধিক ৰহিঙিয়া শৰণাৰ্থী আহি থকাৰ বাবে শোচনীয় হৈ পৰিছে আৰু ইয়াত থকাসকলৰ বাবে ভৱিষ্যৎ অন্ধকাৰ যেন হৈ পৰিছে।

Apply Now

বিগত সপ্তাহত বাংলাদেশ আৰু বাৰ্মা চৰকাৰে ৰহিঙিয়াসকলক সীমান্তৰ সিপাৰলৈ ওভতাই নিয়াৰ বাবে এটা কৰ্মগোট প্ৰস্তুত কৰিছিল যদিও আন্তঃৰাষ্ট্ৰীয় পৰ্যবেক্ষকসকলে ইয়াক অসুৰক্ষিত বুলি কৈছিল। আনহাতে, শৰণাৰ্থীসকলে শিৱিৰতে বহু বছৰ কটাবলগীয়া হ’ব বুলি শংকিত হৈ পৰিছে আৰু সেয়া হ’লে ই হ’ব বিশ্বৰ ভিতৰতে প্ৰথমটো বৃহত্তম আয়তনৰ শৰণাৰ্থী শিৱিৰ।

সীমান্ত অঞ্চলৰ শেহতীয়া পৰিস্থিতি অনুসৰি স্থানীয় বাংলাদেশী সম্প্ৰদায়ে তেওঁলোকৰ সগোত্ৰীয় মুছলমান শৰণাৰ্থীসকলৰ প্ৰতি দৰদ সীমিত কৰি তুলিছে। মাটি আৰু হাজিৰাক লৈ সংঘাত বৃদ্ধি পাবলৈ লৈছে। শৰণাৰ্থীসকলে তেওঁলোকৰ দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ বাবে নগদ ধনৰ অভাৱত ভূগিছে আৰু মাটিৰ মালিকসকলে তেওঁলোকৰ অৱস্থাৰ সুযোগ লৈছে।

কক্স বজাৰৰ ওচৰত খেতি পথাৰত কাম কৰা ১৪ বছৰীয়া কিশোৰ এগৰাকী দিনটো কাম কৰি বাংলাদেশী ৩০০ টকা লাভ কৰে যিটো সাধাৰণতে স্বাভাৱিক মজুৰিৰ আধা। দ্য ইণ্ডিপেন্টডেন্ট কাকতৰ এক প্ৰতিবেদনত এই বাতৰি প্ৰকাশ পাইছে।

‘’মই ছেপ্টেম্বৰত আহি ইয়াত উপস্থিত হৈছিলো,’’ – বাৰ্মাৰ ৰাখাইনৰ পশ্চিম প্ৰদেশৰ সীমান্তৰ মউংদো চহৰৰ পৰা অহা ১৫ বছৰীয়া আৱাজে কয়। ‘’ সেনা আহি মুকলিকৈ গুলীবৰ্ষণ কৰিছিল আৰু আমি সকলো এৰি পলাই আহিছিলো,’’-আৱাজে কয়। পথৰ ওপৰত প্লাষ্টিকৰ তম্বুৰ তলত থাংখালি শিৱিৰত থকা আৱাজৰ লগতে আছে পিতৃ-মাতৃ আৰু পাঁচ গৰাকী ভাতৃ।

‘’ ঘৰলৈ উভতি যাম, আমাৰ নিজা মাটি আছে,’’-কিশোৰজনে লগতে কয়।

ৰাষ্ট্ৰসংঘৰ পৰিসংখ্যা অনুসৰি বাৰ্মাৰ উত্তৰ-পশ্চিম সীমান্ত পাৰ হৈ চাৰি মাহত ৬৫৫,০০০ লোকৰ প্ৰব্ৰজন ঘটিছে। জ্বলি যোৱা গাওঁসমূহ, খেতি আৰু জীৱিকাৰ সমল সকলো এৰি শৰণাৰ্থীসকলে কক্স বজাৰ জিলাৰ পাহাৰীয়া সীমান্তত স্থানীয় লোকৰ ভূমিত বসতি কৰি বহিছে।

অঞ্চলটোত কাম কৰি অহা বেচৰকাৰী সংস্থা এটাই জনাইছে যে ৰহিঙিয়া সকলক মাটিৰ মালিকসকলে সহজতে ব্যৱহাৰ কৰিব পাৰিছে। ব্যাপক প্ৰব্ৰজনৰ ফলত দুখীয়া বাংলাদেশী শ্ৰমিকৰ বাবে কাম পোৱাটো কঠিন হৈ পৰিছে। পূৰ্বতে বাংলাদেশী শ্ৰমিকে ৫০০-৬০০ টকা হাজিৰা লাভ কৰিছিল যদিও ৰহিঙিয়া শৰণাৰ্থী সকলে কম মজুৰিতে কাম কৰিবলৈ লৈছে। আনহাতে সামগ্ৰীৰ দাম দুগুণ বৃদ্ধি পোৱাৰ ফলত জীৱন যাত্ৰা দুৰ্বিষহ হৈ পৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd