• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিগত চাৰি বছৰত ৩০ বাৰ উত্তৰ-পূব ভ্ৰমণ কৰিলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে : জিতেন্দ্ৰ সিং

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 26, 2018 6:14 pm
FourthAnniversary

মংগলবাৰে দিচপুৰস্থিত গড়কাপ্তানী বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত কেন্দ্ৰীয় চৰকাৰৰ চাৰিবছৰীয়া বৰ্ষপূৰ্তি তথা ৰাজ্য চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তিত চৰকাৰৰ কামৰ খাতিয়ান দাঙি ধৰিছে উত্তৰ-পূব উন্নয়ন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“বিজেপি চৰকাৰে উত্তৰ-পূবক যথেষ্ট গুৰুত্ব দিছে। নিৰ্বাচনত জয়ী হোৱাৰ পিছৰ পৰা, অৰ্থ্যাৎ যোৱা চাৰিবছৰত মোদীয়ে ৩০বাৰ উত্তৰ-পূব ভ্ৰমণ কৰিছে।”

মংগলবাৰে দিচপুৰস্থিত গড়কপ্তানী বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত কেন্দ্ৰীয় চৰকাৰৰ চাৰিবছৰীয়া বৰ্ষপূৰ্তি তথা ৰাজ্য চৰকাৰৰ দুবছৰীয়া কামৰ খাতিয়ান দাঙি ধৰাৰ উদ্দেশ্যে সংবাদমেল অনুষ্ঠিত কৰি এই মন্তব্য কৰিছে উত্তৰ-পূব উন্নয়ন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে।

Apply Now

সংবাদমেলখনতে তেওঁ কয় যে উঃ-পূবৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৫০ হাজাৰ কোটি টকা বাজেটত ধাৰ্য কৰিছে।

তেওঁ লগতে কয়, “বিশেষ ৰাজ্যৰ মৰ্যাদাৰে উত্তৰ-পূবৰ ৰাজ্যসমূহক  ৯০:১০ত পুঁজি আবণ্টন দিছে কেন্দ্ৰীয় চৰকাৰে। তদুপৰি  বান সাহায্যৰ বাবদ অসমলৈ ইতিমধ্যে কেন্দ্ৰই  ৩৪০ কোটি টকা মুকলি কৰি দিছে বুলিও উক্ত সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰী সিঙে জানিবলৈ দিয়ে।

তেওঁ লগতে কয়, “গৃহ বিভাগে দুৰ্যোগ প্ৰশমনৰ বাবদ ইতিমধ্যে অসমক ২৩৯ কোটি দিছে আৰু ‘দুৰ্য্যোগৰ ফলত ক্ষতি হোৱা আন্তঃগাঁথনিৰ বাবে ১০১ কোটি টকা ইতিমধ্যে মোকলাইদিছে।”

ইয়াৰোপৰি তেওঁ পূৰ্বৰ কংগ্ৰেছ চৰকাৰক কটাক্ষ কৰি কয়, “পূৰ্বৰ চৰকাৰৰ দিনত ড’নাৰ মন্ত্ৰ্যালয়ে এনেদৰে উন্নয়নমূলক কাম কৰাৰ কোনো উদাহৰণ নাই।”

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ৮গৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে উত্তৰ-পূবৰ প্ৰতি যথেষ্ট গুৰুত্ব আৰোপ কৰা বুলি মন্তৱ্য কৰি কয়, “কেন্দ্ৰীয় মন্ত্ৰীৰ উঃ-পূবলৈ সঘনাই আগমনো একপ্ৰকাৰৰ অভিলেখ।”

আনহাতে, বিজেপি চৰকাৰে প্ৰত্যেক বছৰে ২৬ জুন তাৰিখটো ক’লা দিৱস হিচাপে উদযাপন কৰি অহা বুলি সদৰী কৰি কয়, “১৯৭৫ চনত ইন্দিৰা গান্ধীৰ শাসন চলি থকাৰ সময়ত ২৬ জুনত ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন ব্যৱস্থা আনিছিল। সেই সময়ছোৱাত ইন্দিৰা গান্ধীয়ে স্বৈৰাচাৰী শাসন চলাইছিল। দেশখনৰ কোনো লোকেই শান্তিত জীয়াই থাকিব পৰা নাছিল। গণতন্ত্ৰক সেই সময়ত কংগ্ৰেছ চৰকাৰে হত্যা কৰিছিল।”

জৰুৰীকালীন ব্যৱস্থাৰ সময়ছোৱাত হোৱা পৰিস্থিতি সন্দৰ্ভত তেওঁ কয় “ইন্দিৰা গান্ধীয়ে কণ্ঠৰোধ কৰিছিল সংবাদ মাধ্যমৰ। ২৫০তকৈ অধিক সংবাদকৰ্মীক কাৰাৰুদ্ধ কৰিছিল। ১৯৭৫ চনৰ পৰা ৭৭ৰ ভিতৰৰ সময়ছোৱাত এইকেইগৰাকী সংবাদকৰ্মীক কাৰাৰুদ্ধ কৰিছিল।”

তদুপৰি এই সময়ছোৱাত  একমাত্ৰ কংগ্ৰেছক বিৰোধিতাৰ বাবেই বিশিষ্ট গায়ক কিশোৰ কুমাৰকো আকাশবাণীত গীত পৰিৱেশন কৰাৰ বাবে  নিষিদ্ধ কৰা হৈছিল বুলি সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

আনহাতে, বিৰোধী দলৰ বহুতো নেতাকো কংগ্ৰেছ চৰকাৰখনে  কাৰাগাৰলৈ নিক্ষেপ কৰিছিল। এই বাবেই বিজেপিয়ে ২৬ জুনৰ দিনটোত প্ৰত্যেক বছৰে ক’লা দিৱস হিচাপে পালন কৰি আহিছে বুলি সিঙে জানিবলৈ দিয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd