• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰে মিত্ৰতা প্ৰত্যাহাৰ হোৱাটোৱে কাম্য অগপৰ তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 27, 2018 7:32 am
AGP (1)

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম গণ পৰিষদৰ তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মীসকলে ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপিৰ সৈতে মিত্ৰতা প্ৰত্যাহাৰ কৰি আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনত দলে অকলে প্ৰতিদ্বণ্ডিতা কৰাৰ পোষকতা কৰি থকাৰ সময়তে মঙলবাৰে বিজেপিৰ সভাপতি ৰঞ্জিত দাসে মিত্ৰতা সন্দৰ্ভত কৰা মন্তব্যই স্বাভাৱিকতে অগপৰ দলীয় নেতা-কৰ্মীক অস্বস্তিত পেলোৱা পৰিলক্ষিত হৈছে।

মঙলবাৰে এক সংবাদমেলত বিজেপিৰ সভাপতি ৰঞ্জিত দাসে আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ সময়লৈকে অগপৰ সৈতে মিত্ৰতা থাকিব বুলি এক ইংগিত দিছিল। তাৰোপৰি যোৱা মাৰ্চ মাহত অসমলৈ অহা বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহেও অগপ-বিপিএফৰ সৈতে একেলগে পঞ্চায়ত আৰু লোকসভা নিৰ্বাচন খেলিম বুলি মন্তব্য কৰিছিল।

Apply Now

ইফালে ৰঞ্জিত দাসে কৰা মন্তব্য সন্দৰ্ভত অতি কৌশলগত স্থিতি অৱলম্বন কৰি অগপৰ কেন্দ্ৰীয় উপ-সভাপতি তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবিন্দ্ৰ ডেকাই কয় ‘বিজেপিৰ সৈতে অগপৰ মিত্ৰতা যোৱা বিধানসভা নিৰ্বাচনলৈহে আছিল। কিন্তু আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনত বিজেপিৰ সৈতে অগপই মিত্ৰতা কৰা নকৰা সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত অগপৰ সাধাৰণ পৰিষদে গ্ৰহণ কৰিব’।

উল্লেখ্য যে মঙলবাৰে টিহুত অনুষ্ঠিত হোৱা এখন দলীয় সভাত বিধায়কজনে অংশগ্ৰহণ কৰি  এইদৰে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰা দেখা যায়।

অগপৰ টিহু জিলা পৰিষদৰ উদ্যোগত টিহুৰ মহাত্মা গান্ধী ভৱনত অনুষ্ঠিত হোৱা বৈঠকত দলটোৱে আগন্তুক পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে বিস্তৃত আলোচনা কৰাৰ উপৰি নিৰ্বাচনলৈ সাজু বুলি উল্লেখ কৰাৰ লগতে ইতিমধ্যে প্ৰাৰ্থী নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ কৰা বুলিও তেওঁ জানিবলৈ দিয়ে।

ইফালে সৰ্বত্ৰে প্ৰতিবাদ হৈ থকা জাতিধ্বংসী বিধেয়ক সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা সিদ্ধান্তত অসমৰ ৰাইজ তথা অগপ দল আশ্বস্ত হ’ব পৰা নাই বুলি বিধায়কগৰাকীয়ে স্পষ্ট ৰূপত উল্লেখ কৰে।

এতিয়া প্ৰশ্ন হ’ল অগপৰ বিভিন্ন জিলা সমিতিয়ে সাংগঠনিক ভেটি শক্তিশালী কৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনত অকলে যুঁজ দিয়াৰ বাবে বিভিন্ন সভা-সমিতিৰ জৰিয়তে জনমত গঠন কৰি থকাৰ সময়ত যদিহে কেনেবাকৈ পুনৰ এবাৰ ৰাষ্ট্ৰীয় দল বিজেপিৰ সৈতে মিত্ৰতা কৰে নিঃসন্দেহে অসমত অগপই নিজৰ পৰিচয় হেৰুৱাটো খাটাং হৈ পৰিব বুলিও সভাত নেতা-কৰ্মীয়ে ভাষণ প্ৰদান কৰে।

অগপৰ টিহু জিলা পৰিষদৰ সভাপতি সুৰেন্দ্ৰ নাথ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত নলবাৰী জিলা অগপৰ সভাপতি আনন্দ ৰাজবংশী, সম্পাদকদ্বয় কেশৱ ডেকা, জ্যোতিষ ঠাকুৰীয়া, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অকণমল্ল বৰুৱা আদিয়ে বিজেপি দলে কিদৰে অসমৰ পৰা আঞ্চলিক দল অগপক নিঃশেষ কৰাৰ পৰিকল্পনা ৰচিছে সেই সম্পৰ্কে ভাষণ প্ৰদান কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm
আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm
আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd