• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজয়াৰ সাজেৰে পিয়াঁজৰ মালা পিন্ধি ৰাজপথত কংগ্ৰেছী ববিতা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 6, 2018 5:01 pm
c2ce4ab0-5d9b-480a-bc5f-20a5721287d6
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছৰ শাসনৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈ গৈ বৰ্তমান গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে এসময়ত পিয়াঁজৰ মালা পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰিছিল। এইক্ষেত্ৰত তেওঁৰ সৈতে সহযোগিতা কৰিছিল প্ৰশান্ত ফুকনে।

আজি তাৰে এক অনুৰূপ দৃশ্য দেখা পোৱা গ’ল গুৱাহাটী জিলা কংগ্ৰেছে মূল্য বৃদ্ধি ৰোধৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদত।

Apply Now

উল্লেখ্য যে গুৱাহাটীৰ মেঘদূত ভবনৰ সন্মুখত গুৱাহাটী জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিবাদী কাৰ্য্যসূচীত কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাই পিয়াঁজৰ মালা আৰু বেঙেনাৰে মালা পিন্ধি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। তদুপৰি এখন ঠেলাত পেট্ৰ’লবিহীন বাইক এখন উঠাই লৈ তাত এডাল ফুলৰ মালা আঁৰি ঠেলি-ঠেলি প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছী প্ৰতিবাদকাৰীসকলে।

হাস্যকৰভাবে বিজেপিয়ে বিৰোধী ভূমিকা গ্ৰহণ কৰাৰ সময়ত গৰুগাড়ীত চিলিণ্ডাৰ বান্ধি প্ৰতিবাদ কৰাৰ লেখীয়া আজি কংগ্ৰেছেও এখন ৰথত ৰন্ধন গেছৰ চিলিণ্ডাৰ শাক-পাচলি বান্ধি লৈ প্ৰতিবাদ সাব্যস্ত কৰে।

06-06-18 Guwahati- Congress Protest (6)

উল্লেখযোগ্য যে পেট্ৰ’ল ডিজেলৰ দৈনিক মূল্যবৃদ্ধি আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত আজি সমগ্ৰ ৰাজ্যজুৰি কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে অভিনৱ ধৰণে ৰন্ধন গেছৰ চিলিণ্ডাৰ, বন্ধাকবি, জিকা, লাউ ইত্যাদি চাঙিত উঠাই লৈ মোদী চৰকাৰৰ শ্মশান যাত্ৰাও কৰে গুৱাহাটী জিলা কংগ্ৰেছে।

উক্ত প্ৰতিবাদত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীয়ে নৰ্থ ইষ্ট নাওক কয়, ‘নৰেন্দ্ৰ মোদীৰ নিচিনা মিছলীয়া প্ৰধান মন্ত্ৰী কোনো দিনে দেখা নাই, এওঁক যিমান সোনকালে গাদীৰ পৰা অঁতৰাব পাৰে সিমানে দেশৰ ৰাইজৰ কাৰণে মঙ্গল।‘

ইয়াৰোপৰি মোদী চৰকাৰে নিৰ্বাচনৰ পূৰ্বে দিয়া সমগ্ৰ প্ৰতিশ্ৰুতিৰ ওলোটাটোহে কৰা বুলি কংগ্ৰেছী নেত্ৰী ববিতা শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়।

আনহাতে প্ৰতিবাদত অংশগ্ৰহণ কৰি প্ৰাক্তন মন্ত্ৰী অকন বৰাই নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত কয়, ‘মোদীয়ে দিয়া আশ্বাসৰ ফল দেশবাসীয়ে ৪ বছৰ পাৰ হৈ যোৱাৰ পাছতো নাপালে। খাদ্য-সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱা পৰিবৰ্তন ৰাইজে বিচৰা নাছিল।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

August 27, 2026 11:17 am
মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

August 27, 2026 6:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

August 27, 2026 11:17 am
মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd