• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদেশী খেদা আন্দোলনৰ চহিদৰ নামতো আত্মসাৎ ধন!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 25, 2018 11:25 pm
assam movement
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আন্দোলনৰ চহিদৰ নামতো ধন আত্মসাৎ! আচৰিত কথাটো হ’ল চহিদ পৰিয়ালৰ সংগঠন সদৌ অসম জাতীয় চহিদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদ আৰু সদৌ অসম নিৰ্য্যাতিত পৰিয়াল পৰিষদৰ নেতাই পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে উঠাইছে এই গুৰুতৰ অভিযোগ।

সদৌ অসম জাতীয় চহিদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ পৰা ফাটিয়ে চলিত বৰ্ষৰ এপ্ৰিল মাহত সদৌ অসম নিৰ্য্যাতিত পৰিয়াল পৰিষদ গঠন হৈছিল।

Apply Now

এতিয়া এটা সংগঠনৰ নেতৃবৃন্দই চাকৰিৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ তোলাৰ বিপৰীতে আনটো সংগঠনৰ নেতাই আকৌ চহিদৰ পৰিয়ালৰ নামত আবন্টিত ধন পৰিয়ালসমূহক নিদি নিজৰ পকেটত ভৰোৱাৰ অভিযোগ তুলিছে।

উল্লেখ্য যে, নিজকে চহিদ পৰীক্ষিত মণ্ডলৰ পৰিয়ালৰ সদস্য বুলি দাবী কৰা সদৌ অসম চহিদ নিৰ্য্যাতিত পৰিয়াল পৰিষদৰ বৰ্তমানৰ সাধাৰণ সম্পাদক মানিক চন্দ্ৰ দেৱনাথ পূৰ্বতে সদৌ অসম জাতীয় চহিদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ সাধাৰণ সম্পাদকৰ পদত আছিল। কিন্তু বিগত বৰ্ষৰ নৱেম্বৰ মাজত তেওঁক চহিদ পৰীক্ষিত মণ্ডলৰ পৰিয়ালৰ সদস্য নহয় বুলি অভিযোগ আনি সংগঠনৰ পৰা বহিস্কাৰ কৰে।

এই সম্পৰ্কত চহিদ সমন্বয়ৰক্ষী পৰিষদৰ সভাপতি ৰাজেন ডেকাই নৰ্থ ইষ্ট নাও-ৰ সৈতে হোৱা কথা-বতৰাত কয়  ‘মানিক চন্দ্ৰ দেৱনাথে ২০১২ চন মানত মৰিগাওঁ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ পৰা ভুৱাকৈ এখন প্ৰমাণ পত্ৰ উলিয়াইছিল। কিন্তু বিগত বৰ্ষত জিলা উপায়ুক্তই গঠন কৰি দিয়া তদন্ত কমিটি এখনে তদন্ত কৰি তেওঁ যে চহিদ পৰিয়ালৰ নহয় সেই কথা প্ৰমাণ কৰিলে। তেতিয়াই কাৰ্য্যনিৰ্বাহক বৈঠক অনুষ্ঠিত কৰি তেওঁক বহিস্কাৰ কৰা হ’ল। তেওঁ কোনো চহিদ পৰিয়ালৰ সদস্য নোহোৱা বাবে তেওঁৰ প্ৰমাণপত্ৰখন জিলা উপায়ুক্তই জমা লৈ আদালতত নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰে।‘

আনহাতে, মানিক চন্দ্ৰ দেৱনাথে ৰাজেন দাসৰ এই কথা সম্পূৰ্ণৰূপে নস্যাৎ কৰে। তেওঁ কয় ‘মৰিগাঁৱৰ তিনিটা চহিদ পৰিয়াল– চহিদ ৰামপদ ডেকা, নন্দেশ্বৰ বৰা আৰু সুকোমল বৰাৰ নামত অহা ধন বেলেগক নিশাৰ ভিতৰতে চহিদ সজাই বেলেগৰ নামত আবন্টন কৰোৱা কথাৰ মই প্ৰতিবাদ কৰাত মোক সমন্বয়ৰক্ষী পৰিষদৰ পৰা বাহিৰ কৰিলে।‘

তেওঁ লগতে কয় ‘মই ২০০০ চনতে মৰিগাওঁ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা চহিদ পৰিয়ালৰ সদস্য বুলি প্ৰমাণ পত্ৰ উলিয়াইছিলো। মোৰ নিজা মামাৰ ঘৰ নাছিল। সেয়েহে পৰিক্ষীত মণ্ডলৰ দেউতাকে মোৰ মাক নিজৰ জীয়ৰী হিচাপে তুলি-তালি ডাঙৰ-দীঘল কৰিছিল। পৰিক্ষীত মণ্ডলৰ পৰিয়ালৰ লোকে আদালতত এই কথা আদালতত স্বীকাৰ কৰিলে।‘

চহিদ পৰিক্ষীত মণ্ডলৰ পৰিয়ালৰ সৈতে তেজৰ কোনো সম্পৰ্ক নাথাকিলেও পৰিক্ষীত মণ্ডলৰ দেউতাকে নিজৰ জীয়ৰী বুলি মানি লোৱা সূত্ৰে তেওঁ নিজকে চহিদ পৰিয়ালৰ সদস্য বুলি দাবী কৰে।

তাৎপৰ্য্যপূৰ্ণভাৱে ৰাজেন ডেকাই আমাক জনোৱা অনুসৰি জিলা উপায়ুক্তই নিজাববীয়াকৈ মৰিগাওঁ জিলা ন্যায়িক দণ্ডাধীশ আদালতত গোচৰ ৰুজু কৰাৰ বিপৰীতে মাণিক দেৱনাথে আমাক জনাই যে ৰাজেন ডেকাৰ অভিযোগ মৰ্মে জিলা উপায়ুক্তই তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।

উল্লেখ্য যে, এই বিষয়টো লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত বৰ্তমানো এই গোচৰ চলি আছে।

তদুপৰি, ৰাজেন ডেকাই কৰা অভিযোগ অনুসৰি মানিক চন্দ্ৰ দেৱনাথে বিভিন্ন অঞ্চলৰ চহিদ পৰিয়ালৰ পৰা চাকৰি দিয়াৰ নামত ধন আত্মসাৎ কৰিছিল।

এই সম্পৰ্কত নৰ্থ ইষ্ট নাও-লৈ ৰাজেন ডেকাই  প্ৰেৰণ কৰা তিনিটা কপিত লখিমপুৰৰ তিনিজন চহিদ পৰিয়ালৰ সদস্য ক্ৰমে দ্বিপেন গগৈ, ডম্বৰু গগৈ আৰু মৃদুল বৰাই মুঠ ৩০ হাজাৰ টকা মানিক চন্দ্ৰ দেৱনাথৰ ইউনাইটেড বেংকৰ ২০৫৩০১০০২৯০৮৭ একাউন্ট নম্বৰলৈ ধন প্ৰেৰণ কৰা বুলি দাবী কৰি সমন্বয়ৰক্ষী পৰিয়াল পৰিষদলৈ ১৮ জুলাইত লিখিত আবেদন দিছিল।

আনহাতে, মানিক দেৱনাথে চহিদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদত থকাৰ সময়তে তিনিওজন সদস্যকে চাকৰিৰ প্ৰলোভন দি আজি পৰ্য্যন্ত সদস্যকেইজনক চাকৰি দিব নোৱাৰিলে বুলি অভিযোগ কৰি উক্ত আবেদনত দিছিল।

তাৎপৰ্য্যপূৰ্ণভাৱে গোৱালপাৰা, বৰপেটাকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা চহিদ পৰিয়ালৰ সদস্যসকলক চাকৰি দিয়াৰ প্ৰলোভন দি মোটা অংকৰ ধন সৰকোৱা বুলি মানিকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনে।

ইয়াৰ বিপৰীতে মানিক দেৱনাথে এই অভিযোগ খণ্ডন কৰি কয় ‘এয়া এক ষড়যন্ত্ৰ। যেতিয়া মই চহিদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ সভাপতি হৈ আছিলো, তেতিয়া উক্ত সদস্য তিনিজন গুৱাহাটীলৈ চিকিৎসাৰ নামত বা অন্যান্য কাৰণত আহি মোৰ পৰা কেতিয়াবা ১০ হাজাৰ আৰু কেতিয়াবা ২০ হাজাৰ টকা লৈ যায়। সেই ধনখিনি বহু দিনৰ পাছত বেংক একাউন্টৰ জৰিয়তে তেওঁলোকে মোলৈ পঠিয়াই আৰু সেয়াকে মই চাকৰিৰ নামত ধন অনা বুলি  মিছা অভিযোগ আনিছে।‘

আনহাতে সদৌ অসম চহিদ নিৰ্যাতিত পৰিয়াল পৰিষদৰ মুখ্য সম্পাদক মানিক চন্দ্ৰ দেৱনাথে  চহিদ সমন্বয়ৰক্ষী পৰিয়ালৰ সভাপতি ৰাজেন ডেকাই মৰিগাওঁ জিলাৰ সাধাৰণ সম্পাদক হৈ থকাৰ সময়তে চহিদৰ পৰিয়ালৰ নামত অহা ৫ লাখ টকাৰ আৰ্থিক সাহায্য অন্য লোকক প্ৰদান কৰি নিজেও কমিচনৰ অংক লোৱা বুলি গুৰুতৰ অভিযোগ তোলে।

এই সম্পৰ্কত তেওঁ কয় ‘নন্দেশ্বৰ ডেকাৰ পৰিয়ালে প্ৰথমবাৰত চহিদৰ নামত অহা ৩০ হাজাৰ টকাৰ সাহায্য পালে আৰু ভতিজাকে চাকৰিও ল’লে। কিন্তু ৰাজেন ডেকাই নন্দেশ্বৰ ডেকাক নন্দেশ্বৰ কোঁৱৰ সজাই মঙ্গল সিং কোঁৱৰক পুতেক বনাই ৫ লাখ টকা সাহায্য দিলে। নন্দেশ্বৰ কোঁৱৰ বৰ্তমানো জীৱিত আছে, তেন্তে কেনেকৈ তেওঁৰ মঙ্গল সিং কোঁৱৰে চহিদৰ পৰিয়ালৰ সদস্য নোহোৱাকৈ ৫ লাখ টকা লাভ কৰিলে?’

অৱশ্যে নন্দেশ্বৰ ডেকা নামৰ চহিদগৰাকী অবিবাহিত আছিল বুলি তেওঁ জানিবলৈ দিয়ে।

ইয়াৰোপৰি সুকোল বৰাক কোমল পাটৰ কৰি ৰাজেন ডেকাই  কোমল পাতৰৰ পৰিয়ালক ২০১৬ চনত ৫ লাখ টকা সাহায্য দিয়া বুলি মানিকে গুৰুতৰ অভিযোগ তোলে। আনহাতে চহিদ ৰামপদ ডেকাৰ সলনি ২০১৪ চনত মৃত্যু হোৱা ৰাম ডেকাই ৫ লাখ টকা সাহায্য লোৱা বুলিও তেওঁ আমাক জানিবলৈ দিয়ে।

তাৎপৰ্য্যপূৰ্ণভাৱে ‘এই দুৰ্নীতিৰ কথা মই পৰিষদৰ সকলোকে জনোৱাত তেওঁলোকে মোক ষড়যন্ত্ৰ কৰি পৰিষদৰ পৰা বাহিৰ কৰি দিলে।‘ এই মন্তব্য কৰে মানিক চন্দ্ৰ দেৱনাথে। তেওঁ লগতে প্ৰশ্ন কৰে ‘১৯৮৭ চনত চহিদৰ নাম আৰু ২০১৬ চনত সেই নাম বেলেগ হ’ব পাৰে নেকি?’

ইয়াৰ বিপৰীতে সভাপতি ৰাজেন ডেকাই আমাক জনাই যে মানিক ডেকাই অনা এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন। তেওঁ লগতে কয় ‘এই তালিকাখন জিলা উপায়ুক্তই নিজে বনাইছিল। তালিকাখন নিৰ্মাণ কৰাৰ দায়িত্ব চহিদ পৰিয়ালক দিয়া নাই। আঞ্চলিক ছাত্ৰ সন্থা, গাঁৱৰ গাওঁবুঢ়াই লিখি দিয়াৰ পাছত নাম কাৰোবাৰ ভুল হ’ব পাৰে, সেইটো একো ডাঙৰ কথা নহয়।‘

লক্ষণীয় কথা যে দুয়োটা পক্ষই প্ৰতিপক্ষৰ মাজত ধন আত্মসাতৰ অভিযোগ তুলিছে যদিও বৰ্তমান সময়লৈকে আইনৰ কাষ নচপাত বিষয়টোৱে অধিক তাৎপৰ্য্য বহন কৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd