ফিনলেণ্ডৰ টেম্পেৰিত চলি থকা এথলেটিকছৰ বিশ্ব জুনিয়’ৰ প্ৰতিযোগিতাত মহিলাৰ ৪০০ মিটাৰ দৌৰত ৫১.৪৬ ছেকেণ্ডেৰে স্বৰ্ণ পদক অৰ্জন কৰি সমগ্ৰ দেশবাসীকে গৌৰৱান্বিত কৰিছে অসম সন্তান হিমা দাসে। কিয়নো হিমা হ’ল ট্ৰেক ইভেণ্টত স্বৰ্ণ জয় কৰা প্ৰথমজন ভাৰতীয় এথলীট।
বৃহস্পতিবাৰে নিশা অনুষ্ঠিত হৈ যোৱা ৪০০ মিটাৰ শাখাত এই কৃতিত্বৰ অধিকাৰী হোৱাৰ পাছতে এতিয়া ছ’চিয়েল মিডিয়াত হিমা দাসক শুভেচ্ছাৰে উপচাই পেলোৱা পৰিলক্ষিত হৈছে।
ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, বিগ বি অমিতাভ বচ্চন, ৰাহুল গান্ধীৰ পৰা পাঁচবাৰৰ বিশ্ব চেম্পিয়ন বক্সাৰ মেৰী কমলৈকে সকলোৱে টুইটাৰযোগে অভিনন্দন জনাইছে খেলুৱৈগৰাকীক।
হিমা দাসৰ এই সাফল্যত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে অভিনন্দন জনাই কয়, ‘ভাৰত আজি গৌৰাৱান্বিত, হিমাৰ সাফল্যত ভাৰতবাসী উৎফুল্লিত। হিমাৰ এই সাফল্যই নৱ প্ৰজন্মৰ এথলীটসকলক অনুপ্ৰাণিত কৰিব’।
‘দেশবাসীক স্বাভিমানেৰে মূৰ দাঙিবলৈ সুযোগ দিছে হিমাই’। এইদৰে হিমাক অভিনন্দন জনাই বলিউডৰ বিগ বি অমিতাভ বচ্চনে।
আনহাতে চেম্পিয়ন বক্সাৰ মেৰী কমেও হিমাৰ এই সাফল্য অতুলনীয় বুলি অভিহিত কৰি শুভেচ্ছা জ্ঞাপন কৰে।
অভিনন্দন জনোৱাৰ ক্ষেত্ৰত পিছ পৰি নাথাকিল পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জী। তেওঁ টুইটযোগে কয়, ‘হিমাৰ সাফল্যই অনুপ্ৰাণিত কৰিব সমগ্ৰ দেশৰে নাৰীক। তেওঁৰ এই বিজয় ঐতিহাসিক’।
ইফালে কেন্দ্ৰীয় মন্ত্ৰী ৰাজ্যবৰ্ধন সিং ৰাথোৰে হিমাৰ এই সাফল্যই সমগ্ৰ ভাৰতবৰ্ষকে গৌৰাৱান্বিত কৰিলে বুলি মন্তব্য কৰে।
সকলোৰে অভিনন্দনৰ মাজতে হিমাই নিজৰ ফেইচবুক একাউণ্টৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছে সকলোকে। নিজৰ অনুভৱ ব্যক্ত কৰি হিমাৰ মন্তব্য- ‘দেশৰ বাবে স্বৰ্ণপদক আজুৰি মই অত্যন্ত সুখী। আগলৈও আৰু পদক বিজয়ৰে মই মোৰ দেশৰ নাম উজলাবলৈ সদায়েই প্ৰয়াস কৰি যাম’।





