গোলাঘাট আৰক্ষীয়ে যোৱা ৩০ মে’ত ফৰকাটিং ৰে’লৱে ষ্টেচনৰ পৰা আটক কৰা চোৰাংচিকাৰী বোকাখাতৰ তামুলীপথাৰৰ শৰৎ শইকীয়া আৰু মণিপুৰৰ চোৰাচান্দ পুৰৰ এন থাংবাইৰ স্বীকাৰোক্তিৰ ভিত্তিত বন বিভাগে আজি বোকাখাতৰ শুকানিগাঁৱৰ পাপু বৰা নামৰ আন এজন যুৱকক আটক কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে শৰৎ শইকীয়া আৰু মণিপুৰৰ চোৰাংচিকাৰী এন থাংবাইৰ লগত পাপু বৰা নামৰ এই যুৱকজনেও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ পৰিকল্পনা কৰিছিল ৷
আনহাতে ৩০ মে’ৰ অভিযানত গোলাঘাটৰ আৰক্ষীয়ে পাপু বৰাকো আটকৰ পৰিকল্পনা কৰিছিল যদিও পাপু বৰা পলায়ন কৰিবলৈ সক্ষম হৈছিল ৷ আৰু তাৰ পিছৰে পৰাই পাপু বৰাৰ সন্ধানত অনুসন্ধান অব্যাহত ৰাখিছিল আৰক্ষী আৰু বন বিভাগে। অৱশেষত আজি পাপু বৰাক কৰায়ত্ত কৰিবলৈ বন বিভাগ সফল হয়।
আটকাধীন পাপু বৰাই শৰৎ শইকীয়া আৰু এন থাংবাইৰ সৈতে গঁড় হত্যাৰ পৰিকল্পনা কৰাৰ কথা স্বীকাৰ কৰিছে। আৰক্ষীয়ে বৰ্তমান কাজিৰঙাত গঁড় হত্যাৰ পৰিকল্পনাৰ অধিক তথ্য লাভৰ বাবে পাপু বৰাক মাৰথান জেৰা চলাই আছে বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।