ৰাজ্য চৰকাৰৰ শিল্পী পেঞ্চনাৰ, বৰপেটা সত্ৰৰ ঘোষা কীৰ্তনৰ ওজা শিল্পী ৰাজেন্দ্ৰ নাথ দাসৰ আজি বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়।
সুন্দৰীদিয়া কলয়াহাটী নিবাসী দাসৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৫ বছৰ। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ তিথি আৰু মহোৎসৱ পাৰ্বনত নিৰৱচ্ছিন্নভাৱে পৰিৱেশিত হৈ থকা সত্ৰৰ নৈমিত্তিক প্ৰসংগ, ঘোষা কীৰ্তনৰ অক্লান্ত শিল্পী দাসে ১৩ বছৰ বয়সৰ পৰাই ঘোষা কীৰ্তন শিকিবলৈ আৰম্ভ কৰে।
দাসে প্ৰথমে বৰগীতৰ শিল্পী হিচাপে আত্মপ্ৰকাশ কৰি পৰৱৰ্তী সময়ত প্ৰয়াত উমাকান্ত দাস ভৰালী আৰু শ্ৰীকামাৰৰ ওচৰত গুৰু ভজি ঘোষা কীৰ্তন শিকে।
১৯৫৩ চনৰ পৰাই ১৯৫৭ চনলৈ ভাৰতীয় গণনাট্য সংঘৰ সক্ৰিয় সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰাজেন্দ্ৰ নাথ দাসে শাস্ত্ৰীয় সংগীতৰ উপৰি বৰপেটাৰ বৈঠকী শিল্পী হিচাপে পৰিচিত আছিল।
মৃত্যুৰ সময়ত শিল্পী গৰাকীয়ে চাৰিজন পুত্ৰ, চাৰিগৰাকী বোৱাৰী, এগৰাকী জীয়ৰী , নাতি-নাতিনী আৰু আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায়। আনহাতে সত্ৰীয়া শিল্পীগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।