• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“বৰাকক হিন্দু বাংলাদেশীৰ আৱাসভূমি কৰিবৰ বাবে চেষ্টা চলাই আছে আৰ এছ এছে; কব্জাত ৰাখিছে সংবাদ মাধ্যমকো”

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 22, 2018 11:51 pm
PressMeet
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“বৰাকৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি, এই তিনিখন জিলা সম্পূৰ্ণৰূপে অধিকাৰ কৰি ল’লে হিন্দু বাংলাদেশীৰ পক্ষত থকা আৰ এছ এছে। কেৱল সেয়াই নহয়, আৰ এছ এছে বৰাকখনক বাংলাদেশীৰ মুখ্য কাৰ্য্যালয় বনাবৰ বাবে চেষ্টা কৰিছে।” এই গুৰুতৰ অভিযোগ  কৰে আজি খিলঞ্জীয়া সুৰক্ষা মঞ্চই দিচপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত কৰা সংবাদমেলত উপস্থিত থকা বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলাৰ চেম্বাৰ্চ অব কমাৰ্চৰ অধ্যক্ষ চাহাবুৰ ইছলাম চৌধুৰীয়ে।

তেওঁ লগতে কয়, “আৰ এছ এছৰ এই উদ্দেশ্য আমি কেতিয়াও সফল হ’বলৈ নিদিওঁ।”

Apply Now

তেওঁ বৰাকৰ জনসাধাৰণে অসমীয়া লোকসকলক সমৰ্থন নকৰাটো একেবাৰে মিছা কথা বুলিও সদৰী কৰে।

তাৎপৰ্য্যপূৰ্ণভাৱে এটা বিশেষ লবীয়ে ত্ৰিপুৰাত হিন্দু বাংলাদেশীৰ আৱাসভূমি সৃষ্টি কৰা বুলি মত প্ৰকাশ কৰাৰ লগতে তেওঁ কয়, “ঠিক সেইদৰে এটা লবী বাংলাদেশৰ পৰা আহি ষড়যন্ত্ৰমূলক পদ্ধতিৰ মাধ্যমেৰে বৰাকক বাংলাদেশীৰ আৱাসভূমি কৰিবৰ বাবে চেষ্টা চলাই আছে। ইয়াৰ মূল দায়িত্ব আৰ এছ এছৰ সদস্য আৰু এই সংগঠনক সমৰ্থন কৰা লোকসকলে লৈছে।”

তদুপৰি বাংলাদেশৰ পৰা অবৈধভাৱে অহা লোকসকলে আৰ এছ এছত নামভৰ্তি কৰি লৈছে বুলিও উক্ত সংবাদমেলত দাবী জনায়।

উল্লেখ্য যে যুটীয়া সংসদীয় কমিটীয়ে বৰাকত শুনানি গ্ৰহণৰ বাবে যোৱাত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ সপক্ষে যি ৩০০টা সংগঠনে স্মাৰকপত্ৰ প্ৰদান কৰিছিল, উক্ত সংগঠনকেইটাৰ ২০টা সংগঠনহে প্ৰকৃত সংগঠন আৰু বাকী সংগঠনকেইটা ভুৱা আৰু তেওঁলোকৰ কোনো অস্তিত্ব নাই বুলিও তেওঁ উক্ত সংবাদমেলত গুৰুতৰ অভিযোগ তোলে।

ইয়াৰোপৰি তেওঁ দুখ প্ৰকাশ কৰি কয় যে আৰ এছ এছে বৰাকৰ সংবাদ মাধ্যমকো নিজৰ কব্জাত ৰাখিছে। তেওঁ কয়, “বৰাকৰ খিলঞ্জীয়া মানুহ হৈয়ো আমি প্ৰকাশ কৰা মনৰ ভাববোৰ সংবাদ মাধ্যমত প্ৰকাশ নাপায়। সেয়েহে আমি ব্ৰহ্মপুত্ৰ উপত্যকাত আহিছো আৰু স্বেচ্ছাসেৱী সংগঠনসমূৰ সৈতে আলোচনাত মিলিত হৈছো।”

“হিন্দুৱে হওক, মুছলমানেই হওক, ধৰ্মৰ নামত বাংলাদেশীক আঁকোৱালি ল’বলৈ দিয়া নহ’ব। জাতি-মাটি-ভেটি ৰক্ষাৰ খাটিৰত সকলো একত্ৰিত হৈ বাংলাদেশীসকলক খেদিব লাগিব।” চৌধুৰীয়ে এনেদৰে কয়।

তাৎপৰ্য্যপূৰ্ণভাৱে ‘বৰাকৰ কংগ্ৰেছী নেতাসকলে ভোটৰ স্বাৰ্থত হিন্দু বাংলাদেশীৰ পক্ষত থিয় দিছে’ বুলি অভিযোগ অনাৰ লগতে তেওঁ কয়, “বিধেয়কখনৰ পক্ষত বৰাকত যিসকলে মাত মাতি আছে, সেই আটাইখিনি লোকেই বাংলাদেশী।”

আনহাতে, উক্ত সংবাদমেলতে উপস্থিত থকা বৰাকৰ মানৱ অধিকাৰ কৰ্মী আব্দুল ৱাহাৱে কয় যে তেওঁলোকে বৰাক ভেলি আৰু ব্ৰহ্মপুত্ৰ ভেলিৰ মাজত সম্পৰ্ক স্থাপন কৰিবৰ বাবে চেষ্টা কৰি আহিছে।

তেওঁ লগতে কয়, “আমি পোনপটীয়াভাৱে এই বিলখনৰ বিৰোধিতা কৰি আহিছো কাৰণ এই বিলখনে অসমৰ সাৰ্বভৌমত্বত বেয়াকৈ প্ৰভাৱ পেলাব।

লক্ষণীয়ভাৱে সংবাদমেলত উপস্থিত থকা সাংবাদিকসকলে তেওঁক অসমীয়া ভাষাত ক’বৰ বাবে অনুৰোধ জনোৱাত তেওঁ দুখ প্ৰকাশ কৰি হিন্দী ভাষাতে কয় “যদি বৰাকত অসমীয়া মাধ্যমটো বাধ্যতামূলক কৰিলেহেঁতেন তেন্তে মোৰ দৰে যুৱক এজনে আজি অসমীয়া ভাষাতে কথা ক’ব পাৰিলোহেঁতেন। সকলোৰে নিজা মাতৃভাষা থাকে, কিন্তু অসমৰে অংশ হিচাপে বৰাকৰ শিক্ষা ব্যৱস্থাত অসমীয়া বিষয় অন্তৰ্ভুক্ত কৰিবৰ বাবে চৰকাৰৰ ওচৰত আহ্বান জনাই আহিছো যদিও তেওঁলোকে গুৰুত্ব নিদিয়ে।”

আনহাতে, উক্ত সংবাদমেলৰ উদ্যোক্তা খিলঞ্জীয়া মঞ্চৰ আহ্বায়ক মৃণাল হাজৰিকাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থন কৰাৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ উপত্যকাৰ লোকসকলে বৰাক উপত্যকাৰ লোকসকলৰ ওপৰত ভুল ধাৰণা এটা লৈ আছে বুলি উল্লেখ কৰে।

তেওঁ লগতে কয়, “ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীকে ধৰি অন্য কেইবাগৰাকী বিশিষ্ট লোকে বৰাক উপত্যকাৰ লোকে অসমীয়া লোকৰ প্ৰত্যেকটো কথাতে বিৰুদ্ধাচৰণ কৰে বাবে বৰাকখন অসমৰ পৰা বাহিৰ কৰি দিব লাগ বুলিও মন্তব্য কৰিছিল। কিন্তু খিলঞ্জীয়া মঞ্চই নিজেই গৈ বৰাকৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি খিলঞ্জীয়া লোকসকলৰ মনৰ ভাবসমূহ জানিবলৈ চেষ্টা কৰিছিলো। বহুখিনি লোকেই এই বিধেয়কখনৰ বিৰোধিতা কৰে।”

উল্লেখযোগ্য যে, বৰাকত প্ৰশাসন যন্ত্ৰটোও আৰ এছ এছ-বিজেপিৰ কবলত বুলি সদৰী কৰি তেওঁ কয়, “যোৱা ৩০ মে’ত খিলঞ্জীয়া মঞ্চৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিবৰ বাবে অনুমতি বিচাৰিছিল যদিও প্ৰশাসনৰ ফালৰ পৰা কোনোধৰণৰ অনুমতি নিদিয়াত এটা বিবাহ ভৱনৰ কোঠাত আলোচনা সভা অনুষ্ঠিত কৰিব বিচৰাত তাত প্ৰশাসনৰ লোকসকল গৈ উপস্থিত হৈ আমাক সভা অনুষ্ঠিত কৰাত বাধা দিলে।”

তথাপি বৰাক উপত্যকাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিবৰ বাবে এখন কমিটি গঠন কৰি দিয়া হৈছিল বুলি তেওঁ উক্ত সংবাদমেলত জনোৱাৰ উপৰিও কয়, “নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰোধী ঐক্য মঞ্চ নামৰ কমিটিখনে শিলচৰত খিলঞ্জীয়া লোকসকলৰ মনৰ কথাখিনি সংগঠিত ৰূপত আগবঢ়াই নিয়াৰ বাবে ইতিমধ্যে কাম-কাজ আৰম্ভ কৰিছে।”

আনহাতে বৰাকৰ পৰা আহি সংগঠনটোৱে গুৱাহাটীৰ সংবাদমেলত নিজৰ বক্তব্য দাঙি ধৰা সন্দৰ্ভত মৃণাল হাজৰিকাই কয়, “বৰাক উপত্যকাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ আগত তেওঁলোকে যিখিনি কথা কয়, সেইখিনি প্ৰকৃতাৰ্থত প্ৰকাশ নাপায়, গতিকে তেওঁলোকে গুৱাহাটীত আহি সংবাদমেল অনুষ্ঠিত কৰি তেওঁলোকৰ মনৰ ভাবখিনি প্ৰকাশ কৰিছে।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd