• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতত প্ৰতি তিনি মিনিটত এজনকৈ লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হয় : আধা সংখ্যক ভুক্তভোগীৰ আত্মীয়ই নাপায় ক্ষতিপূৰণ

এন ই নাও নিউজ ব্যুৰো by এন ই নাও নিউজ ব্যুৰো
December 3, 2017 12:58 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত প্ৰতি তিনি মিনিটত এজনকৈ লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হয়। এই ভয়ংকৰ তথ্যত নিজৰ উদ্বেগ প্ৰকাশ কৰি যোৱা ৩০ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে চৰকাৰৰ এই সম্পৰ্কীয় স্পষ্ট নীতিহীনতাক জগৰীয়া কৰিছে আৰু লগতে কিছুমান নিৰ্দেশনা জাৰি কৰিছে। উল্লেখযোগ্য যে ২০১৪ আৰু ২০১৫ চনত দেশত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ক্ৰমে ১,৩৯, ৬৭১ জন আৰু ১,৪৬,১৩৩ জন। এই তথ্য লাভ কৰাৰ পিছতে শীৰ্ষতম আদালতখনে নিজৰ অসন্তুষ্টি ব্যক্ত কৰে আৰু ইয়াৰ প্ৰতিকাৰৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ নিৰ্দেশনা দিয়ে। উচ্চতম ন্যায়ালয়ে বিশেষকৈ দিল্লী, অসম, নাগালেণ্ড, ত্ৰিপুৰা আৰু আন দুটা কেন্দ্ৰশাসিত অঞ্চলক এই ক্ষেত্ৰত অতি নীতিহীন বুলি চিনাক্ত কৰে, কাৰণ এইকেইখন ৰাজ্যত কোনো ধৰণৰ পথ নিৰাপত্তা নীতি নাই। ন্যায়ালয়ৰ দ্বাৰা নিযুক্ত ন্যায়মিত্ৰ (amicus curiae) গৌৰৱ আগ্ৰৱালৰ অনুৰোধ গ্ৰহণ কৰি মহামান্য আদালতখনে উপৰোক্ত ৰাজ্যকেইখন আৰু কেন্দ্ৰ শাসিত অঞ্চলকেইটাক অহা ৩১ জানুৱাৰিৰ ভিতৰত এই সম্পৰ্কীয় স্পষ্ট পথ নিৰাপত্তা নীতি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে ন্যায়ালয়ে এইটোও নিৰ্দেশ দিয়ে যে যিবিলাক ৰাজ্যৰ পথ নিৰাপত্তা পুঁজি নাই, সেইবোৰ ৰাজ্যই ২০১৮ চনৰ ৩১ মাৰ্চৰ ভিতৰত একোটাকৈ পথ নিৰাপত্তা পুঁজি (road safety fund) গঠন কৰিব লাগিব। ন্যায়ালয়ে অধিবক্তা আগ্ৰৱালৰ সৈতে একমতত উপনীত হয় যে দুৰ্ঘটনাৰ এটা প্ৰধান কাৰণ হ’ল পথৰ দুৰৱস্থা, অনুপযুক্ত আৰ্হি আৰু পৰ্য্যাপ্ত পৰিমাণে কেঁকুৰি, চুক আৰু গভীৰতা নথকা, যিবোৰ গুৰুত্বপূৰ্ণ পথ সংযোগত থাকিব লাগে। ন্যায়ালয়ে লগতে এইটো কয় যে কেন্দ্ৰীয় চৰকাৰে পথ নিৰ্মাণ আৰ্হিৰ নিৰ্ধাৰিত নীতিবোৰ পুনৰ পৰ্য্যালোচনা কৰি চাব লাগে। ন্যায়াধীশ মদন বি লকুৰ আৰু দীপক গুপ্তাৰে গঠিত এক বিচাৰপীঠে এই সম্পৰ্কত কয় যে পথ নিৰাপত্তাৰ বাবে আছুতীয়াকৈ প্ৰচুৰ পুঁজি ৰখাৰ পিছতো প্ৰতিবছৰে বৃহৎ সংখ্যক লোকে পথ দুৰ্ঘটনাত মৃত্যুক সাবটি ল’ব লগা হৈছে। বিচাৰপীঠখনে কয়, ‘পথ দুৰ্ঘটনাত প্ৰতি তিনি মিনিটত এজনকৈ লোকৰ মৃত্যু হৈ আছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে দুৰ্ঘটনাৰ বলিসকলৰ মাজৰ আধা সংখ্যকৰ পৰিয়ালৰ লোকে ক্ষতিপূৰণ নাপায় (বোধহয় তেওঁলোকে নিজৰ অধিকাৰ সম্পৰ্কত অৱগত নোহোৱা বাবেই)। বিচাৰপীঠখনৰ হৈ ৰায় দি ন্যায়াধীশ লকুৰে পথ নিৰাপত্তা পুঁজি যান-বাহন আইন ভংগকাৰীৰ পৰা সংগ্ৰহ কৰা টকাৰে গঠন কৰাত জোৰ দিয়ে আৰু এই পুঁজি পথ নিৰাপত্তা সম্পৰ্কীয় বিষয়ত খৰচ কৰিব লাগিব। ৰায়টোত লগতে কোৱা হয় যে যিবোৰ ৰাজ্য বা কেন্দ্ৰ শাসিত অঞ্চলে পথ নিৰাপত্তা পুঁজি গঠন কৰা নাই সেইবোৰে অহা ৩১ মাৰ্চৰ ভিতৰত গঠন কৰি তাৰ প্ৰতিবেদন পথ নিৰাপত্তা কমিটিৰ (উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ কে এছ ৰাধাকৃষ্ণনৰ নেতৃত্বৰ ) ওচৰত দাখিল কৰিব লাগিব।

Apply Now
এন ই নাও নিউজ ব্যুৰো

এন ই নাও নিউজ ব্যুৰো

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd