• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

মানি লোৱা নাই ভাৰতীয় সংবিধান : ফ্ৰেইমৱৰ্ক চুক্তি সন্দৰ্ভত আৰ এন ৰবিৰ বিপৰীত ভাষ্য এন এছ চি এন (আই এম)ৰ

ভদ্ৰ গগৈ by ভদ্ৰ গগৈ
July 22, 2018 9:48 pm
RN_Ravi

সফল মধ্যস্থতাকাৰী আৰ এন ৰবি। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহত্তম নাগালিম গঠনৰ দাবী কৰি থকা নাগা বিদ্ৰোহী আৰু চৰকাৰৰ মাজত মধ্যস্থতাকাৰী আৰ এন ৰবিয়ে ১৯ জুলাইত নাগা ফ্ৰেইমৱৰ্ক চুক্তিখনৰ মূল দফাবোৰ এখন গৃহ দপ্তৰৰ সংসদীয় স্থায়ী কমিটীৰ আগত ৰাজহুৱা কৰাৰ তিনি দিন পিছতে আজি তাৰ বিপৰীত ধৰণৰ কথা প্ৰকাশ কৰিছে বিদ্ৰোহী সংগঠন এন এছ চি এন (আই এম)-এ।

বিদ্ৰোহী সংগঠনটোৱে কয় যে ৰবিৰ উদ্বৃতিৰে সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ দৰে সংগঠনটোৱে তেওঁলোকৰ স্থিতি শিথিল কৰি কেতিয়াও চুক্তিত চহী কৰা নাই। তেওঁলোকে কয়, “ভাৰতীয় সংবিধানক মানি লোৱা দূৰৰ কথা, নাগা বসতিপ্ৰধান অঞ্চলবোৰক একত্ৰীকৰণকে ধৰি নাগাসকলৰ ইতিহাস, পৰিচয়, অধিকাৰৰ প্ৰশ্নত তেওঁলোকে পিছ হুঁহকি অহা নাই।”

Apply Now

উল্লেখযোগ্য যে আৰ এন ৰবিয়ে বিদ্ৰোহী সংগঠনটোৱে পূৰ্বৰ ‘ভাৰতৰ সৈতে, ভাৰতৰ ভিতৰত নহয়’ স্থিতিৰ পৰা আঁতৰি আহি চুক্তিত চহী কৰা বুলি জানিবলৈ দিছিল সংসদীয় কমিটীৰ আগত। ভাৰতৰ সংবিধানক মানি লৈ ভাৰতৰ ভিতৰতে বিশেষ মৰ্যাদাৰ ৰাজ্য হৈ থকাৰ বাবে সন্মত হৈছে আৰু চুক্তিবদ্ধ হৈছে।

মন কৰিব লগীয়া যে উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যৰ নাগা বসতিপ্ৰধান অঞ্চলবোৰক সামৰি এক পৃথক নাগালিম গঠন কৰাৰ বাবে কেইবা দশক জোৰা সশস্ত্ৰ আন্দোলন কৰি আহিছিল এন এছ চি এন নামৰ বিদ্ৰোহী সংগঠনটোৱে। কিন্তু ভাৰত চৰকাৰৰ সৈতে হোৱা কেইবা দশকজোৰা আলোচনাৰ ফলত যোৱা ২০১৫ চনৰ ৩ আগষ্টত ভাৰত চৰকাৰ আৰু এন এছ চি এন (আই-এম)ৰ মাজত এখন চুক্তি স্বাক্ষৰিত হৈছিল। বিগত প্ৰায় তিনি বছৰ ধৰি চুক্তিখনৰ সবিশেষ ৰাজহুৱা কৰা নাছিল কোনো পক্ষই। ফলত চুবুৰীয়া ৰাজ্যবোৰৰ অংশ নাগালিমত অন্তৰ্ভুক্ত হ’ব বুলি এক শংকাৰ পৰিৱেশ সৃষ্টি হৈছিল এই ৰাজ্যকেইখনত।

কিন্তু শেহতীয়াকৈ ১৯ জুলাইত সকলোকে আচৰিত কৰি নতুন দিল্লীত হঠাতে মধ্যস্থতাকাৰী আৰ এন ৰবিয়ে এখন সংসদীয় কমিটীৰ সন্মুখত ওপৰত কোৱাৰ দৰে ৰাজহুৱা কৰিছিল চুক্তিখনৰ মূল কথাবোৰ।

তাৰ তিনি দিন পিছতে নাগা বিদ্ৰোহী গোটটোৱে এইদৰে ৰবিৰ কথাক সম্পূৰ্ণ ভিত্তিহীন বুলি কোৱাটোৱে তাৎপৰ্য্য বহন কৰাৰ লগতে বিভ্ৰান্তিৰ সৃষ্টি কৰিছে।

এন এছ চি এন (আই এম)-এ সংবাদ মাধ্যমৰ বাতৰিটো সন্দৰ্ভত আৰ এন ৰবিক ইংগিত কৰি কয়, “ব্যক্তিগত স্বাৰ্থত চুক্তিখনক কোনেও বিকৃত কৰিব নালাগে।”

তাৎপৰ্য্যপূৰ্ণভাৱে প্ৰস্তাৱিত বৃহত্তৰ নাগালিমত নাগা বসতি থকা অসম, অৰুণাচল প্ৰদেশ আৰু মণিপুৰৰ ভূখণ্ড এই বৃহত্তৰ নাগালিমত অন্তৰ্ভুক্ত হ’ব বুলি বাতৰি প্ৰকাশ হৈছিল। ফলত নগা ফ্ৰেমৱৰ্ক চুক্তি সন্দৰ্ভত উত্তৰ-পূবৰ জনসাধাৰণ, দল-সংগঠনৰ বহুদিনীয়া উৎকণ্ঠা আছিল। ১৯ জুলাইৰ আৰ এন ৰবিৰ স্পষ্টীকৰণত উত্তৰ-পূবৰ জনসাধাৰণ, দল-সংগঠন বহু পৰিমাণে আশ্বস্ত হৈছিল যদিও এন এছ চি এন (আই এম)-অৰ বিপৰীত ভাষ্যই পুনৰ বিভ্ৰান্তিলৈ ঠেলি দিছে।

 

ভদ্ৰ গগৈ

ভদ্ৰ গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

August 23, 2026 7:57 am
হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

August 23, 2026 7:57 am
হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd