• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্য মন্ত্ৰী কণা, কলা আৰু বোবা বাবে ৰাইজৰ আন্দোলন, প্ৰতিবাদৰ পাছতো নিমাতী কইনা হৈ আছে : তৰুণ গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 3, 2018 9:09 pm
সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ। ফটো : য়ু বি।

সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি ৰাজ্যৰ সকলোফালে তীব্ৰ আন্দোলন হৈ আছে। বিশিষ্ট নাগৰিকসকলেও কৈ আছে। তথাপি মুখ্য মন্ত্ৰীয়ে বোবা, কণাৰ ভাও ধৰাৰ লগতে নুশুনাৰ ভাও ধৰিছে।”

আজি কইনাধৰাস্থিত বাসগৃহত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে এক সংবাদমেলত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক এইদৰে কটাক্ষ কৰে।  তেওঁ কয় ৰাইজৰ প্ৰতিবাদক সোণোৱালে নেদেখাৰ ভাও জুৰি আছে। লগতে সোণোৱালে বিশিষ্ট নাগৰিকসকলে কোৱা কথাবোৰ শুনা পোৱা নাই। আৰু এই সকলোবোৰ হৈ থকাৰ পিছতো নিমাতী কইনা হৈ আছে।

Apply Now

মুখ্য মন্ত্ৰী সোণোৱালে জনসম্পৰ্ক স্থাপন কৰাৰ উদ্দেশ্যে বহুতো সাহিত্যিক-বুদ্ধিজীৱীৰ ঘৰলৈ যোৱাৰ প্ৰসংগ টানি গগৈয়ে কয় যে বহু বিশিষ্ট ব্যক্তিয়েই নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰিছে। এইসকল বিশিষ্ট লোকৰ উপদেশ, মতামতক যদি গুৰুত্বই নিদিয়ে, তেন্তে জনসম্পৰ্কটো ভেকো-ভাওনাৰ বাহিৰে একো নহয়।

তেওঁ লগতে কয়, “বিজেপি দলে নিজৰ গুণানুকীৰ্তন কৰিবৰ বাবে সমাজৰ বিশিষ্ট লোকসকলৰ ঘৰলৈ গৈছে। তেওঁলোকে বিজেপি চৰকাৰে ভাল কাম কৰা বুলি শলাগ নোলোৱাৰ পাছতো সৰ্বানন্দ সোণোৱাল নিমাতী কইনা হোৱাৰ কাৰণ কি? কেন্দ্ৰীয় চৰকাৰে ৪ বছৰত কি কৰিলে, ৰাজ্য চৰকাৰে ২ বছৰত কি কৰিছে ৰাইজে দেখি আছে।”

“কণা, কলা, বোবা মুখ্য মন্ত্ৰীতো কাহানিও দেখা নাই।” –এইবুলি কয় প্ৰাক্তন মুখ্য মন্ত্ৰীজনে।

“গোপীনাথ বৰদলৈৰ পৰা আৰম্ভ কৰি বিভিন্ন মুখ্য মন্ত্ৰীৰ সময়ছোৱাত বিভিন্ন সমস্যা হৈছে। এনে ধৰণৰ অসমৰ স্বাৰ্থজড়িত সমস্যাসমূহক বিসৰ্জন দি দিল্লীৰ ওচৰত আঁঠু লোৱা চৰকাৰ দেখা নাই। ৰাজ্য চৰকাৰখন অমিত শ্বাহ আৰু মোদীৰ আগত উঠ-বহ কৰা চৰকাৰ।” গগৈয়ে কয়।

“দুৰ্ভাগ্যৰ কথা, এনেকুৱা মুখ্য মন্ত্ৰী অসমৰ বুৰঞ্জীত দেখা নাই। জাতীয় সংকটৰ সময়ত অসমৰ মুখ্য মন্ত্ৰীৰ ভূমিকাত অসমৰ জনসাধাৰণ অসন্তুষ্ট। নিজৰ স্বাৰ্থৰ কাৰণে মুখ্য মন্ত্ৰী, ৰঞ্জিত দাস, হিমন্ত বিশ্ব শৰ্মা আৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে অসমীয়া জাতিৰ অস্তিত্বক বিপন্ন কৰিব বিচাৰিছে।” এইদৰে ৰাজ্যিক বিজেপিক পোনপটীয়া বাক্যবাণেৰে আক্ৰমণ কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈয়ে।

আনহাতে, উক্ত সংবাদমেলতে গগৈয়ে এন আৰ চি ৰ চূড়ান্ত খচৰা প্ৰকাশ কৰাত চৰকাৰে হেমাহি কৰা বুলি মন্তৱ্য কৰে।

এই সন্দৰ্ভত গগৈয়ে কয় “ৰাজ্যৰ তিনিখন জিলাত বানপানী হৈছিল। এই তিনিখন জিলাক বাদ কৰি অন্য জিলাত বানপানীয়ে এন আৰ চিৰ কামত বাধা দিয়াৰ কথাই নাছিল। আমি পূৰ্বেও এই তিনিখন জিলাত বাদ কৰি বাকী জিলা কেইখনত এন আৰ চিৰ খচৰা প্ৰকাশ কৰাৰ কথা কৈছিলো।”

যদি এইখনেই চুড়ান্ত খচৰা হয়, তেন্তে নাম নহাখিনিয়ে আপত্তি দৰ্শোৱাৰ সুবিধা ক’ত পাব? বুলি প্ৰশ্ন উত্থাপন কৰি গগৈয়ে কয় “নাম অন্তৰ্ভুক্ত নোহোৱাসকলে আবেদন জনোৱাৰ সময় কেনেকৈ পাব? চূড়ান্ত খচৰা হ’লেতো নাম বাদ পৰাসকলে আবেদন কৰাৰ সুবিধা নাপাব।  সেয়েহে এইখন চূড়ান্ত খচৰা নে পৰীক্ষামূলক (Trial) খচৰা সেইটো স্পষ্ট কৰক।”

আনহাতে, “৩১ ডিচেম্বৰত প্ৰকাশ পোৱা আংশিক খচৰাত কেনেকৈ ১ লাখ ৩৫ হাজাৰ বিদেশীৰ নাম অন্তৰ্ভুক্ত হ’ল?  কোন কোন অঞ্চলত বিদেশীৰ নাম সোমাল আৰু তাৰ বাবে কোন দায়ী?” গগৈয়ে প্ৰশ্ন কৰে।

“এতিয়া কেনেকৈ সেইসকল বিদেশী বুলি ধৰা পৰিল?” এনেদৰে প্ৰশ্ন কৰি গগৈয়ে কয় “একেখিনি বিষয়াই সেইসকলৰ নাম আংশিক খচৰাত সোমোৱালে একেখিনি বিষয়াই হাজেলাৰ চহী লৈ তালিকাও প্ৰস্তুত কৰিলে? এতিয়া আকৌ ১ লাখ ৩৫ হাজাৰ বিদেশী চিনাক্ত হ’ল। ইয়াৰ পৰা প্ৰমাণিত হৈছে প্ৰথম আংশিক খচৰাখন শুদ্ধ নাছিল।”

‘পূৰ্বৰ খচৰাখনক কেনেকৈ বিশ্বাসত ল’ব পাৰো? ১০০-২০০ বিদেশীৰ নাম সোমালে বেলেগ কথা।” গগৈয়ে কয়।

“এন আৰ চিৰ পৰা নাম বাদ পৰাসকলে কি কৰিব এতিয়া? এইসকল যদি বিদেশী হয়, তেন্তেতো অসমত থাকিব নোৱাৰে।” এইবুলি মন্তৱ্য কৰি তেওঁ লগতে কয় “সংশ্লিষ্ট কৰ্তৃপক্ষই যিভাৱে শুদ্ধ এখন এন আৰ চি প্ৰকাশ কৰিব লাগিছিল, কৰা নাই , এইটো তাৰে প্ৰমাণ।”

“চূড়ান্ত খচৰাত প্ৰকৃত ভাৰতীয়ৰ নাম সোমাইছে নে বিদেশীৰ নাম সোমাইছে, সেইটো কেনেকৈ বিশ্বাসত ল’ম?” এইবুলিও নিজৰ সন্দেহ প্ৰকাশ কৰে গগৈয়ে।

আনহাতে, যদি এখন শুদ্ধ নাগৰিকপঞ্জী প্ৰস্তুত কৰিব নোৱাৰে তেন্তে, এন আৰ চি ৰ বাবদ চৰকাৰে ইমান ধন খৰচ কৰি হাজাৰ-হাজাৰ বিষয়া-কৰ্মীক কামত নিয়োগ কৰাৰ ফল কি হ’ব? বুলি গগৈয়ে সংবাদমেলতে প্ৰশ্ন কৰে

তদুপৰি গগৈয়ে সংবাদমেলৰ জৰিয়তে এন আৰ চি ত থকা আসোঁৱাহসমূহ দূৰ কৰি এখন শুদ্ধ এন আৰ চি প্ৰস্তু কৰাৰ আহ্বান জনায়, যাতে প্ৰকৃত ভাৰতীয়ৰ নাম থকা এন আৰ চি প্ৰস্তুত হয়।

আনহাতে আজিও প্ৰাক্তন মুখ্য মন্ত্ৰীজনে তেওঁ পূৰ্বেও ২০১৪-১৬ চনৰ ভোটাৰ তালিকাত যিসকলৰ নাম আছে, সেইসকলৰ নাম নাগৰিকপঞ্জীত সোমাব লাগে বুলি প্ৰধান মন্ত্ৰী আৰু গৃহ মন্ত্ৰীলৈ লিখিছিল বুলি আজি দোহাৰি লগতে কয় “যিহেতু তেওঁলোক ভোটাৰ আৰু তেওঁলোকক ভাৰতীয় নাগৰিক বুলি স্বীকৃতি দিছে ভাৰতীয় নিৰ্বাচনী আয়োগে , গতিকে তেওঁলোকৰ নাম এন আৰ চি ত সোমাব লাগে।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd