মেঘালয়ৰ সমাগত নিৰ্বাচনত শাসনাধিষ্ঠিত কংগ্ৰেছ দলে চাৰিও দিশৰ পৰা প্ৰত্যাহ্বান পোৱাটো নিশ্চিত হৈ পৰিছে। ইতিপূৰ্বে এন পি পি কংগ্ৰেছৰ বাবে ৰাজ্যখনত বৃহত্তম প্ৰত্যাহ্বান হিচাপে মূৰ দাঙি উঠিছে। যদিও দলটো তুলনামূলকভাৱে ৰাজ্যখনত নতুন, কংগ্ৰেছৰ বাবে যে ইয়েই বৃহত্তম প্ৰত্যাহ্বান তাত কাৰো সন্দেহ নাই। মণিপুৰত বিজেপিৰ সৈতে চৰকাৰ গঠনৰ অংশীদাৰ হৈ থকা দলটোত নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছৰ পৰা পাঁচজনকৈ বিধায়কে যোগদান কৰি ইতিপূৰ্বে ইয়াকে প্ৰমাণ কৰিছে।
এন পি পিৰ পিছতে ৰাজ্যখনৰ দুটাকৈ আঞ্চলিক দল ক্ৰমে য়ুনাইটেড ডেম’ক্ৰেটিক পাৰ্টি আৰু হিলছ ষ্টেইটছ পীপলছ ডেম’ক্ৰেটিক পাৰ্টিয়ে প্ৰাক নিৰ্বাচনী মিত্ৰতা স্থাপন কৰি তেওঁলোকৰ মূল উমৈহতীয়া টাৰ্গেট হিচাপে কংগ্ৰেছকে চিনাক্ত কৰিছে। ফলত কংগ্ৰেছ দলৰ বাবে এই নিৰ্বাচনী বৈতৰণী পাৰ হোৱাটো এক প্ৰকাৰৰ দুৰূহ হৈ পৰিছে। আনহাতে হিন্দুত্ব বা গো-ৰাজনীতি কোনোটোৱে কাম দিয়াৰ সম্ভাৱনা নথকা বাবে বিজেপিয়ে নিজৰ বলেৰে ৰাজ্যখনত বিশেষ কিবা কৰাৰ সম্ভাৱনা কম। তেওঁলোকে এই কংগ্ৰেছক লক্ষ্য কৰি লোৱা ইয়াৰ থলুৱা দলবোৰক একত্ৰিত কৰাৰ আৰু তাৰ সুবাদত ৰাজ্যখন কংগ্ৰেছৰ পৰা মুক্ত কৰাৰ সম্ভাৱনা প্ৰৱল। মেঘালয়ো হাতৰ পৰা গ’লে দেশত বৰ্তমান কংগ্ৰেছৰ শাসন থকা ৰাজ্য ৩ খনলৈ হ্ৰাস হ’ব আৰু এক প্ৰকাৰৰ কংগ্ৰেছমুক্ত ভাৰতৰ দিশত আৰু এটা খোজ পেলোৱৰ দৰে হ’ব।
যোৱা সোমবাৰে য়ু ডি পি-এইচ্ছ এছ পি ডি পিৰ এখন যুটীয়া নিৰ্বাচনী সভাত দুয়োটা দলৰ নেতাসকলে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। মাওলাই সমষ্টিৰ য়ু ডি পিৰ প্ৰাৰ্থী এম্ভাহ শ্যামলেইৰ সমৰ্থনত আয়োজিত সভাখনত য়ু ডি পিৰ নেতা পাল লিংডোৱে দুয়োটা দলে ৰাজ্যখনৰ নতুন শাসনৰ দায়িত্ব লোৱাৰ ক্ষেত্ৰত আত্মবিশ্বাসী হৈ থকা বুলি কয়। তেওঁ সুশাসনত ব্যৰ্থ হোৱা বুলি কংগ্ৰেছ দলটোক কটাক্ষ কৰি কয় যে কংগ্ৰেছ দলৰ বহুকেইজন মন্ত্ৰী-বিধায়কে এতিয়া জেইল যোৱাৰ ভয়ত কঁপি আছে আৰু আন কিছুমানে দলত্যাগ কৰিছে। গতিকে এইটো দল পুনৰ শাসনলৈ অহাৰ কোনো সম্ভাৱনা নাই। আনহাতে এইচ্ছ এছ পি ডি পিৰ নেতা আৰ্ডেণ্ট মিলাৰ বচায়ামৈতে আৱেগমুক্ত হৈ নিৰ্বাচনত ভোটদান কৰিবলৈ ৰাইজক আহ্বান জনায়। ৰাইজে যাতে এখন ভাল চৰকাৰ পায় তাৰ বাবে নিজৰ জ্ঞান-বিবেক ব্যৱহাৰ কৰিহে ভোটদান কৰিবৰ বাবে আহ্বান জনায়। তেওঁ কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত সকলো ঠিকা-ঠুকলি কংগ্ৰেছৰ মন্ত্ৰী-বিধায়কসকলে নিজেই ল’বলৈ আৰম্ভ কৰিছিল। যাৰ ফলত ঠিকাদাৰসকলে কাম-কাজ নোপোৱা অৱস্থাৰ সৃষ্টি হৈছিল। তেওঁ দুয়োটা দলৰ মিত্ৰতা দুৰ্নীতি নিৰ্মূলৰ উদ্দেশ্যত হোৱা বুলি দাবী কৰে।