• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মেঘালয়ৰ আমপাতি বিধানসভা উপ নিৰ্বাচন : অভিলেখ সংখ্যক ৯০.৫৫ শতাংশ ভোটদান

এন ই নাও নিউজ by এন ই নাও নিউজ
May 29, 2018 10:47 am
a37d89f6-4957-4dd0-9af9-d1ff3d5713ca
123
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে অনুষ্ঠিত হৈ যোৱা মেঘালয়ৰ আমপাতি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত ৰাজ্যখনৰ অভিলেখ সংখ্যক ৯০.৫৫ শতাংশ ভোটাৰ ৰাইজে ভোটদান সাব্যস্ত কৰে। সোমবাৰে সন্ধিয়া ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া এফ আৰ খাৰকংগ’ৰে এখন সংবাদমেলৰ আয়োজন কৰি এই কথা জানিবলৈ দিয়ে।

ৰাতিপুৱা ৭ বজাৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজৰে অনুষ্ঠিত হোৱা ভোটগ্ৰহণ কাৰ্যসূচী বিয়লি ৪ বজাত অন্ত পৰে।

উল্লেখ্য যে ৩৯ টা ভোটকেন্দ্ৰত সুকলমে অনুষ্ঠিত হৈ যোৱা বিধানসভা সমষ্টিটোৰ পৰা উপ নিৰ্বাচনটোত শাসনাধিস্থ নেশ্যনেল পিপলছ পাৰ্টীৰ ক্লিমেণ্ট জি মমিন, কংগ্ৰেছ দলৰ হৈ প্ৰাক্তন মুখ্য মন্ত্ৰী মুকুল চাংমাৰ জ্যেষ্ঠ জীয়ৰী মিয়ানি ডি শ্বিৰা আৰু নিৰ্দলীয় প্ৰাৰ্থীৰূপে শুভাংকৰ কোচে প্ৰাৰ্থিত্ব আগবঢ়াই।

জানিব পৰা মতে ৰাতিপুৱাৰে পৰা নিজৰ নিজৰ পছন্দৰ প্ৰাৰ্থীক ভোট দিবলৈ ভোটাৰসকলে প্ৰত্যেকটো ভোটকেন্দ্ৰতে ভিৰ কৰা পৰিলক্ষিত হৈছিল। তাৰোপৰি বিশেষভাৱে সক্ষম লোকসকলৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা লোৱা হয় বিশেষ ব্যৱস্থা।

উল্লেখ্য যে ১৯৯৩ চনৰ পৰাই আমপাতি সমষ্টিক প্ৰতিনিধিত্ব কৰি অহা জ্যেষ্ঠ কংগ্ৰেছী নেতা মুকুল চাংমাই যোৱাটো বিধানসভা নিৰ্বাচনত চংছাক আৰু আমপাতিৰ পৰা প্ৰতিদ্বণ্ডিতা কৰি দুয়োটা সমষ্টিৰে পৰা জয়ী হৈছিল। সেয়ে চাংমাই এটা সমষ্টি এৰি দিবলগীয়া হোৱাত আমপাতি সমষ্টিটোৰ পৰা পদত্যাগ কৰে আৰু তেতিয়াৰে পৰা আমপাতি সমষ্টিটো খালী হৈ আছিল।

শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত হৈ যোৱা উক্ত নিৰ্বাচনটোক কেন্দ্ৰ কৰি সমষ্টিটোত চিআৰপিএফৰ চাৰিটাকৈ কোম্পানী আৰু ৰাজ্যৰ আৰক্ষী কৰ্মী নিয়োগ কৰা হৈছিল।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd