মেঘালয় বিধানসভাৰ যোৱা ২৭ ফেব্ৰুৱাৰিত হৈ যোৱা আৰু ৩ মাৰ্চত ফলাফল ওলোৱা নিৰ্বাচন কেবাটাও দিশৰ পৰা তাৎপৰ্যপূৰ্ণ। প্ৰথম কথা, নিৰ্বাচনৰ পৰা ফলাফললৈকে আৰু ফলাফলৰ পৰা নতুন চৰকাৰৰ শপত গ্ৰহণলৈকে অভূতপূৰ্ব কোলাহলে আপাত নীৰৱ মেঘালয়ক ছানি ধৰিছিল, যাৰ প্ৰধান ঘটক আছিল ৰাষ্ট্ৰীয় দল বিজেপি।
দ্বিতীয়তে, ৰাজ্যৰ নিৰ্বাচনত ইমান বিপুল ধনৰ ধল মেঘালয়ৰ জনতাই পূৰ্বে কাহানিও দেখা নাছিল।
তৃতীয়তে, সন্দেহযুক্ত উগ্ৰপন্থী সংগঠন জি এন্ এল্ এৰ দ্বাৰা সংঘটিত বোমা বিস্ফোৰণত এন্ চি পি দলৰ নেতা জনাথন চাংমা আৰু আন তিনিজন লোকৰ মৃত্যুৱে, আৰু তাৰ কিছুদিনৰ ভিতৰতে উক্ত সংগঠনৰ পুলিচক বাগি দিয়াত পাকৈত বুলি খ্যাত নেতা চোহন ডি শ্বিৰা মেঘালয় পুলিচৰ হাতত সন্দেহজনকভাৱে নিহত হোৱাৰ ঘটনাই, ৰাজ্যখনৰ ৰাজনীতিত নতুন পঁচন ৰোগৰ ইংগিত বহন কৰিছে।
চতুৰ্থতে, ষাঠিখন আসনৰ মাত্ৰ দুখনহে লাভ কৰা বিজেপিয়ে আঞ্চলিক দলসমূহৰ সৈতে মিত্ৰতাৰ সুবাদতে চৰকাৰৰ অংশীদাৰ হৈ যিদৰে বিজয়-আনন্দত আত্মহাৰা হোৱা দেখা গ’ল, সিয়ে জনতাৰ প্ৰত্যাখ্যানকো আলিংগন বুলি প্ৰক্ষেপ কৰাৰ এক অনাকাংক্ষিত পৰম্পৰাৰ সূচনা কৰিলে।
মূলতঃ এন্ পি পি দলক সাৰথি কৰি আৰু ইউ ডি পি, পি ডি এফ্, এইচ্চ্ এছ্ পি ডি পি দলৰ লগতে দুই নিৰ্দলীয় বিধায়কৰো সহযোগত বিজেপিয়ে মেঘালয়ৰ ৰাজক্ষমতাৰ এটা অংশ লাভ কৰিবলৈ সমৰ্থ হৈছে। প্ৰাপ্ত আসনসংখ্যা ক্ৰমে এন্ পি পিৰ ১৯, ইউ ডি পিৰ ৬, পি ডি এফৰ ৪ আৰু এইচ্ছ এছ পি ডি পিৰ ২খন। বৃ্হত্তম দল হিচাপে কংগ্ৰেছে পাইছিল ২০খন আসন। বিজেপিৰ আসনসংখ্যা ২খন।
গতিকে এই কথা স্পষ্ট যে মেঘালয়ৰ জনতাই বিজেপিক প্ৰত্যাখ্যান কৰিছে আৰু বিভাজিতভাৱে আঞ্চলিক ৰাজনৈতিক শক্তি আৰু কংগ্ৰেছক সমৰ্থন কৰিছে। অনাহক বিজয়ডংকা বজাই কৌশলেৰে বিজেপি দলে এই সত্য ঢাকি ধৰিব খুজিছে। বিজেপিৰ বিজয়ী প্ৰাৰ্থী দুগৰাকী সামাজিক কাম-কাজত আগৰণুৱা আৰু নানাজনক আৰ্থিক সাহায্য দান কৰি অহা জনপ্ৰিয় ব্যক্তি। যিকোনো দলৰ বেনাৰতে তেওঁলোক জিকিব পাৰিলেহেঁতেন। তেওঁলোকৰ জয়ক সেয়ে বিজেপিৰ হিন্দুত্ববাদী ৰাজনীতিৰ জয় বুলিব নোৱাৰি।
পূৰ্বৰে পৰাই দেখা গৈছে যে সাধাৰণতে মেঘালয়ৰ ৰাইজে দলীয় নীতি বা মতাদৰ্শলৈ চাই ভোট নিদিয়ে। প্ৰধানতঃ তেওঁলোকে ভোট দিয়ে ৰাজনীতিকৰ ব্যক্তিত্বলৈ চাই; ভোটাৰ আৰু সমাজৰ আৰ্থিক উন্নয়নত বৰঙনি দিব পৰা ক্ষমতালৈ চাই। তেহেলৈ সেই ৰাজনীতিকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ থাকক বা নাথাকক। এইটো ৰাজ্যখনৰ ৰাইজৰ একপ্ৰকাৰ সামূহিক মনস্তত্ত্ব বুলিব পাৰি।
গতিকে বিজেপিৰ ৰাজনৈতিক মতাদৰ্শৰ প্ৰতি মেঘালয়বাসী আকৃষ্ট হোৱাৰ সম্ভাৱনা ক্ষীণ। এই সম্ভাৱনা ক্ষীণতৰ হৈ পৰিছে এই কাৰণেও যে ৰাজ্যখনত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক সংখ্যাগৰিষ্ঠ। এটা সময়ত মোদী নেতৃত্বাধীন বিজেপি চৰকাৰ ‘উন্নয়নমুখী’ বুলি আৰু ‘হিন্দু-হিন্দী-হিন্দুস্তান’-ৰ সূত্ৰ এই চৰকাৰে মেঘালয়ত প্ৰয়োগ নকৰিব বুলি তেওঁলোকে বহুলাংশে বিশ্বাস কৰিছিল। কিন্তু, বিজেপি চৰকাৰে বৰদিনৰ দিনটো ‘সুশাসনৰ দিন’ আৰু গুড ফ্ৰাইডেইৰ দিনটো ‘ডিজিটেল ইণ্ডিয়া দিৱস’ হিচাপে পালন কৰাত তেওঁলোকৰ সেই বিশ্বাস ভাঙি পৰিছে আৰু বিজেপি-বিৰোধ তেওঁলোকৰ মাজত একপ্ৰকাৰ স্বতঃসিদ্ধ কথা হৈ পৰিছে।
বিজেপিৰ সৈতে আদৰ্শগত মিল নথকাৰ পিছতো, জনগণৰ ৰায় বিজেপিৰ বিৰুদ্ধে যোৱাৰ পিছতো কনৰাড চাংমাৰ এন্ পি পি দলে বিজেপিৰ সৈতে মৈত্ৰী গঠন কৰিছে। এইটো সাম্প্ৰতিক সংসদীয় ৰাজনীতিত মেঘালয়ৰ দৰে ক্ষুদ্ৰ আৰু দুৰ্বল ৰাজ্যৰ বাবে একধৰণৰ বাধ্যবাধকতা। আৰ্থিকভাৱে অনগ্ৰসৰ এনে ৰাজ্যই ধন-বিতৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত নিৰ্ভৰশীল নোহোৱাকৈ থকাৰ কথা ভাবিবই নোৱাৰে আৰু কেন্দ্ৰীয় চৰকাৰেও এওঁলোকক ইচ্ছামতে নচুওৱাৰ সুযোগৰ সদ্ব্যৱহাৰ কৰে।
এই বিশেষ শ্ৰেণীৰ ৰাজ্যসমূহৰ আৱশ্যকীয় পুঁজিৰ ৯০ শতাংশই কেন্দ্ৰৰ পৰা আহে আৰু কেন্দ্ৰৰ অনুদান ১০০ শতাংশলৈ বঢ়াবলৈ এনে ৰাজ্যৰ চৰকাৰে অহোপুৰুষাৰ্থ কৰে। কাজেই এনেবোৰ ৰাজ্যৰ চৰকাৰে কেন্দ্ৰত যি চৰকাৰ থাকে তাৰ সৈতে মিতিৰালি কৰি থকাটো সুবিধাজনক বুলি গণ্য কৰে। উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, ৰাজস্থান, মহাৰাষ্ট্ৰ আদিৰ দৰে বিয়াগোম আকাৰৰ, সম্পদশালী ৰাজ্যই কেন্দ্ৰৰ সৈতে তাল মিলাই নচলিলেও হয়; কেন্দ্ৰই তেওঁলোকক বৰ বেছি উপেক্ষা কৰিব নোৱাৰে।
আজিৰ তাৰিখত মেঘালয়ত এনে কোনো ৰাজনৈতিক শক্তি নাই যিয়ে ৰাজ্যখনক আত্মনিৰ্ভৰশীল ৰাজনীতি আৰু অৰ্থনীতিৰ বাট দেখুৱাব পাৰে, তাৰ জৰিয়তে প্ৰকৃত শান্তি আৰু প্ৰগতিৰ সোপান ৰচিব পাৰে আৰু কেন্দ্ৰৰ ওপৰত অত্যধিক, অস্বাস্থ্যকৰ নিৰ্ভৰশীলতাৰ বাধ্যবাধকতা পৰিহাৰ কৰিব পাৰে। সিংহভাগ ভোটাৰেও সীমিত আৰু সংকীৰ্ণ স্বাৰ্থপূৰণৰ তাগিদাতে ৰাজনৈতিক সিদ্ধান্ত লোৱা দেখা যায়; বহল আৰু গভীৰ ৰাজনৈতিক মতাদৰ্শৰ প্ৰতি তেওঁলোক যেন উদাসীন। এয়ে মেঘালয়ৰ মেঘ।
কিন্তু, ৰাষ্ট্ৰীয় দলৰ নানা ৰঙীন প্ৰচাৰকো নেওচি, ‘উন্নয়ন’ৰ মিছা মৰীচিকাত ভোল নগৈ, সাম্প্ৰদায়িকতাৰ ৰাজনীতিক কাৰ্যতঃ নাকচ কৰি, তেওঁলোকৰ বেছিভাগেই যে আঞ্চলিক দলৰ সমৰ্থনত থিয় দিলে, সেয়া যেন মেঘৰ মাজেদি বিৰিঙি ওলোৱা ৰ’দৰ ৰেঙনি। অনাগত দিনত আচল গণমুখী আৰু গণস্বাৰ্থসেৱী ৰাজনীতিৰ ৰ’দালিৰে মেঘালয় জল-মলাই উঠক– তাকেই কামনা কৰিছোঁ।
লেখক ডুমডুমা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক।