• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

মেঘালয়ৰ মেঘ আৰু ৰ’দ

শিৱজিত দত্ত by শিৱজিত দত্ত
April 6, 2018 4:12 pm
Meghalaya-Assembly-Elections-2018
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয় বিধানসভাৰ যোৱা ২৭ ফেব্ৰুৱাৰিত হৈ যোৱা আৰু ৩ মাৰ্চত ফলাফল ওলোৱা নিৰ্বাচন কেবাটাও দিশৰ পৰা তাৎপৰ্যপূৰ্ণ। প্ৰথম কথা, নিৰ্বাচনৰ পৰা ফলাফললৈকে আৰু ফলাফলৰ পৰা নতুন চৰকাৰৰ শপত গ্ৰহণলৈকে অভূতপূৰ্ব কোলাহলে আপাত নীৰৱ মেঘালয়ক ছানি ধৰিছিল, যাৰ প্ৰধান ঘটক আছিল ৰাষ্ট্ৰীয় দল বিজেপি।

দ্বিতীয়তে, ৰাজ্যৰ নিৰ্বাচনত ইমান বিপুল ধনৰ ধল মেঘালয়ৰ জনতাই পূৰ্বে কাহানিও দেখা নাছিল।

Apply Now

তৃতীয়তে, সন্দেহযুক্ত উগ্ৰপন্থী সংগঠন জি এন্‌ এল্‌ এৰ দ্বাৰা সংঘটিত বোমা বিস্ফোৰণত এন্‌ চি পি দলৰ নেতা জনাথন চাংমা আৰু আন তিনিজন লোকৰ মৃত্যুৱে, আৰু তাৰ কিছুদিনৰ ভিতৰতে উক্ত সংগঠনৰ পুলিচক বাগি দিয়াত পাকৈত বুলি খ্যাত নেতা চোহন ডি শ্বিৰা মেঘালয় পুলিচৰ হাতত সন্দেহজনকভাৱে নিহত হোৱাৰ ঘটনাই, ৰাজ্যখনৰ ৰাজনীতিত নতুন পঁচন ৰোগৰ ইংগিত বহন কৰিছে।

চতুৰ্থতে, ষাঠিখন আসনৰ মাত্ৰ দুখনহে লাভ কৰা বিজেপিয়ে আঞ্চলিক দলসমূহৰ সৈতে মিত্ৰতাৰ সুবাদতে চৰকাৰৰ অংশীদাৰ হৈ যিদৰে বিজয়-আনন্দত আত্মহাৰা হোৱা দেখা গ’ল, সিয়ে জনতাৰ প্ৰত্যাখ্যানকো আলিংগন বুলি প্ৰক্ষেপ কৰাৰ এক অনাকাংক্ষিত পৰম্পৰাৰ সূচনা কৰিলে।

মূলতঃ এন্‌ পি পি দলক সাৰথি কৰি আৰু ইউ ডি পি, পি ডি এফ্‌, এইচ্চ্‌ এছ্‌ পি ডি পি দলৰ লগতে দুই নিৰ্দলীয় বিধায়কৰো সহযোগত বিজেপিয়ে মেঘালয়ৰ ৰাজক্ষমতাৰ এটা অংশ লাভ কৰিবলৈ সমৰ্থ হৈছে। প্ৰাপ্ত আসনসংখ্যা ক্ৰমে এন্‌ পি পিৰ ১৯, ইউ ডি পিৰ ৬, পি ডি এফৰ ৪ আৰু এইচ্ছ এছ পি ডি পিৰ ২খন। বৃ্হত্তম দল হিচাপে কংগ্ৰেছে পাইছিল ২০খন আসন। বিজেপিৰ আসনসংখ্যা ২খন।

গতিকে এই কথা স্পষ্ট যে মেঘালয়ৰ জনতাই বিজেপিক প্ৰত্যাখ্যান কৰিছে আৰু বিভাজিতভাৱে আঞ্চলিক ৰাজনৈতিক শক্তি আৰু কংগ্ৰেছক সমৰ্থন কৰিছে। অনাহক বিজয়ডংকা বজাই কৌশলেৰে বিজেপি দলে এই সত্য ঢাকি ধৰিব খুজিছে। বিজেপিৰ বিজয়ী প্ৰাৰ্থী দুগৰাকী সামাজিক কাম-কাজত আগৰণুৱা আৰু নানাজনক আৰ্থিক সাহায্য দান কৰি অহা জনপ্ৰিয় ব্যক্তি। যিকোনো দলৰ বেনাৰতে তেওঁলোক জিকিব পাৰিলেহেঁতেন। তেওঁলোকৰ জয়ক সেয়ে বিজেপিৰ হিন্দুত্ববাদী ৰাজনীতিৰ জয় বুলিব নোৱাৰি।

পূৰ্বৰে পৰাই দেখা গৈছে যে সাধাৰণতে মেঘালয়ৰ ৰাইজে দলীয় নীতি বা মতাদৰ্শলৈ চাই ভোট নিদিয়ে। প্ৰধানতঃ তেওঁলোকে ভোট দিয়ে ৰাজনীতিকৰ ব্যক্তিত্বলৈ চাই; ভোটাৰ আৰু সমাজৰ আৰ্থিক উন্নয়নত বৰঙনি দিব পৰা ক্ষমতালৈ চাই। তেহেলৈ সেই ৰাজনীতিকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ থাকক বা নাথাকক। এইটো ৰাজ্যখনৰ ৰাইজৰ একপ্ৰকাৰ সামূহিক মনস্তত্ত্ব বুলিব পাৰি।

গতিকে বিজেপিৰ ৰাজনৈতিক মতাদৰ্শৰ প্ৰতি মেঘালয়বাসী আকৃষ্ট হোৱাৰ সম্ভাৱনা ক্ষীণ। এই সম্ভাৱনা ক্ষীণতৰ হৈ পৰিছে এই কাৰণেও যে ৰাজ্যখনত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক সংখ্যাগৰিষ্ঠ। এটা সময়ত মোদী নেতৃত্বাধীন বিজেপি চৰকাৰ ‘উন্নয়নমুখী’ বুলি আৰু ‘হিন্দু-হিন্দী-হিন্দুস্তান’-ৰ সূত্ৰ এই চৰকাৰে মেঘালয়ত প্ৰয়োগ নকৰিব বুলি তেওঁলোকে বহুলাংশে বিশ্বাস কৰিছিল। কিন্তু, বিজেপি চৰকাৰে বৰদিনৰ দিনটো ‘সুশাসনৰ দিন’ আৰু গুড ফ্ৰাইডেইৰ দিনটো ‘ডিজিটেল ইণ্ডিয়া দিৱস’ হিচাপে পালন কৰাত তেওঁলোকৰ সেই বিশ্বাস ভাঙি পৰিছে আৰু বিজেপি-বিৰোধ তেওঁলোকৰ মাজত একপ্ৰকাৰ স্বতঃসিদ্ধ কথা হৈ পৰিছে।

বিজেপিৰ সৈতে আদৰ্শগত মিল নথকাৰ পিছতো, জনগণৰ ৰায় বিজেপিৰ বিৰুদ্ধে যোৱাৰ পিছতো কনৰাড চাংমাৰ এন্‌ পি পি দলে বিজেপিৰ সৈতে মৈত্ৰী গঠন কৰিছে। এইটো সাম্প্ৰতিক সংসদীয় ৰাজনীতিত মেঘালয়ৰ দৰে ক্ষুদ্ৰ আৰু দুৰ্বল ৰাজ্যৰ বাবে একধৰণৰ বাধ্যবাধকতা। আৰ্থিকভাৱে অনগ্ৰসৰ এনে ৰাজ্যই ধন-বিতৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত নিৰ্ভৰশীল নোহোৱাকৈ থকাৰ কথা ভাবিবই নোৱাৰে আৰু কেন্দ্ৰীয় চৰকাৰেও এওঁলোকক ইচ্ছামতে নচুওৱাৰ সুযোগৰ সদ্ব্যৱহাৰ কৰে।

এই বিশেষ শ্ৰেণীৰ ৰাজ্যসমূহৰ আৱশ্যকীয় পুঁজিৰ ৯০ শতাংশই কেন্দ্ৰৰ পৰা আহে আৰু কেন্দ্ৰৰ অনুদান ১০০ শতাংশলৈ বঢ়াবলৈ এনে ৰাজ্যৰ চৰকাৰে অহোপুৰুষাৰ্থ কৰে। কাজেই এনেবোৰ ৰাজ্যৰ চৰকাৰে কেন্দ্ৰত যি চৰকাৰ থাকে তাৰ সৈতে মিতিৰালি কৰি থকাটো সুবিধাজনক বুলি গণ্য কৰে। উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, ৰাজস্থান, মহাৰাষ্ট্ৰ আদিৰ দৰে বিয়াগোম আকাৰৰ, সম্পদশালী ৰাজ্যই কেন্দ্ৰৰ সৈতে তাল মিলাই নচলিলেও হয়;  কেন্দ্ৰই তেওঁলোকক বৰ বেছি উপেক্ষা কৰিব নোৱাৰে।

আজিৰ তাৰিখত মেঘালয়ত এনে কোনো ৰাজনৈতিক শক্তি নাই যিয়ে ৰাজ্যখনক আত্মনিৰ্ভৰশীল ৰাজনীতি আৰু অৰ্থনীতিৰ বাট দেখুৱাব পাৰে, তাৰ জৰিয়তে প্ৰকৃত শান্তি আৰু প্ৰগতিৰ সোপান ৰচিব পাৰে আৰু কেন্দ্ৰৰ ওপৰত অত্যধিক, অস্বাস্থ্যকৰ নিৰ্ভৰশীলতাৰ বাধ্যবাধকতা পৰিহাৰ কৰিব পাৰে। সিংহভাগ ভোটাৰেও সীমিত আৰু সংকীৰ্ণ স্বাৰ্থপূৰণৰ তাগিদাতে ৰাজনৈতিক সিদ্ধান্ত লোৱা দেখা যায়; বহল আৰু গভীৰ ৰাজনৈতিক মতাদৰ্শৰ প্ৰতি তেওঁলোক যেন উদাসীন। এয়ে মেঘালয়ৰ মেঘ।

কিন্তু, ৰাষ্ট্ৰীয় দলৰ নানা ৰঙীন প্ৰচাৰকো নেওচি, ‘উন্নয়ন’ৰ মিছা মৰীচিকাত ভোল নগৈ, সাম্প্ৰদায়িকতাৰ ৰাজনীতিক কাৰ্যতঃ নাকচ কৰি, তেওঁলোকৰ বেছিভাগেই যে আঞ্চলিক দলৰ সমৰ্থনত থিয় দিলে, সেয়া যেন মেঘৰ মাজেদি বিৰিঙি ওলোৱা ৰ’দৰ ৰেঙনি। অনাগত দিনত আচল গণমুখী আৰু গণস্বাৰ্থসেৱী ৰাজনীতিৰ ৰ’দালিৰে মেঘালয় জল-মলাই উঠক– তাকেই কামনা কৰিছোঁ।

লেখক ডুমডুমা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক।

 

শিৱজিত দত্ত

শিৱজিত দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

June 4, 2026 5:35 pm
গ্ৰহৰ সঞ্চালন, শুক্ৰ গ্ৰহক ঢাকি ধৰিব চন্দ্ৰই! জুন মাহত ঘটিব একাধিক মহাজাগতিক পৰিঘটনা

গ্ৰহৰ সঞ্চালন, শুক্ৰ গ্ৰহক ঢাকি ধৰিব চন্দ্ৰই! জুন মাহত ঘটিব একাধিক মহাজাগতিক পৰিঘটনা

June 4, 2026 5:31 pm
সাত দশকৰ বৰ্ণিল যাত্ৰাৰ অন্ত: ৰূপালী পৰ্দাক চিৰবিদায় জনালে ক্লিণ্ট ইষ্টউডে

সাত দশকৰ বৰ্ণিল যাত্ৰাৰ অন্ত: ৰূপালী পৰ্দাক চিৰবিদায় জনালে ক্লিণ্ট ইষ্টউডে

June 4, 2026 5:15 pm
ট্ৰেকিংত গৈ সন্ধানহীন ২৪ বছৰীয়া এম বি এ ছাত্ৰী; যুৱতীৰ ২ বন্ধুক আটক কৰি জেৰা, বাঢ়িছে ৰহস্য

ট্ৰেকিংত গৈ সন্ধানহীন ২৪ বছৰীয়া এম বি এ ছাত্ৰী; যুৱতীৰ ২ বন্ধুক আটক কৰি জেৰা, বাঢ়িছে ৰহস্য

June 4, 2026 4:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

June 4, 2026 5:35 pm
গ্ৰহৰ সঞ্চালন, শুক্ৰ গ্ৰহক ঢাকি ধৰিব চন্দ্ৰই! জুন মাহত ঘটিব একাধিক মহাজাগতিক পৰিঘটনা

গ্ৰহৰ সঞ্চালন, শুক্ৰ গ্ৰহক ঢাকি ধৰিব চন্দ্ৰই! জুন মাহত ঘটিব একাধিক মহাজাগতিক পৰিঘটনা

June 4, 2026 5:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd