• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যুৱ কংগ্ৰেছৰ নির্বাচন : জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ লবী ৰাজনীতিত বৃদ্ধি পাইছে নিৰ্বাচনী উত্তাপ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 25, 2018 9:19 am
কংগ্ৰেছ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম প্রদেশ যুৱ কংগ্ৰেছৰ সাংগঠনিক নির্বাচনক কেন্দ্ৰ কৰি দলটোৰ আভ্যন্তৰীণ লবীকেন্দ্রিক ৰাজনীতিৰ তৎপৰতা স্পষ্ট হৈ পৰিছে। প্ৰদেশ কংগ্ৰেছৰ বাবে গুৰুত্বপূৰ্ণ সাংগঠনিক ভেটি প্ৰতিষ্ঠাৰ আধাৰ হিচাপে কাম কৰা যুৱ কংগ্ৰেছৰ নির্বাচনত নিজৰ পছন্দৰ প্রার্থীক বিজয়ী কৰাই আনিবলৈ দলটোৰ একাংশ শীর্ষ নেতাই যৎপৰোনাস্তি চেষ্টা চলাইছে।

ইতিমধ্যে ২৪ খন জিলাৰ ৩৫ টা বিধানসভা সমষ্টিত প্রথম পর্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হৈ গৈছে। আনহাতে, আন ৪০ টা বিধানসভা সমষ্টিত দ্বিতীয় পর্যায়ৰ ভোটগ্রহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে।

Apply Now

বৰপেটা জিলাৰ ভৱানীপুৰ, বাঘবৰ, চেঙা, বিশ্বনাথৰ গহপুৰ, কাছাৰৰ শিলচৰ, বৰখোলা, চৰাইদেউৰ মাহমৰা, চিৰাঙৰ বিজনী, দৰঙৰ কাইগাঁও, ধেমাজিৰ জোনাই, ধুবুৰীৰ গৌৰীপুৰ, গোলককগঞ্জ, ডিব্ৰুগড়ৰ মৰাণ, টিংখাং, নাহৰকটীয়া, গোৱাললপাৰাৰ দুধনৈ, গোৱাললপাৰা পূব, গোৱাললপাৰা পশ্চিম, গোলাঘাটৰ বোকাখাত, খুমটাই, হাইলাকান্দি, হোজাই, যোৰহাটৰ টীয়ক, যোৰহাট, কামৰূপ মহানগৰৰ পূব গুৱাহাটী, কামৰূপৰ বকো, পলাশবাৰী, কাৰ্বি আংলঙৰ হাওৰাঘাট, কৰিমগঞ্জৰ দক্ষিণ কৰিমগঞ্জ, লখিমপুৰৰ বিহপুৰীয়া, নাওবৈচা, মৰিগাঁৱৰ লাহৰীঘাট, নগাঁৱৰ বঢ়মপুৰ, চামগুৰি, নগাঁও, নলবাৰীৰ বৰক্ষেত্ৰী, শিৱসাগৰ আৰু শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি, বৰছলা তথা ৰঙাপৰা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে।

এইবাৰ যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতিৰ পদত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা দহগৰাকী প্রার্থীৰ ভিতৰত আছে অংকিতা দত্ত, অৰূপ তালুকদাৰ, প্ৰণৱ কলিতা, ৰাতুল পাটোৱাৰী, কামৰুল ইছলাম চৌধুৰী, মৃণাল হাজৰিকা, ৰণোজ পেগু, জিতু গগৈ, মহিম পায়েং আৰু মূৰ ছফিকুল ৱাজিদ।

প্রার্থীসকলে নির্বাচনী অভিযান তীব্রতৰ কৰি তুলিছে। প্রদেশ কংগ্ৰেছৰ একাংশ শীর্ষ নেতাই পছন্দৰ নিজৰ প্রার্থী বিজয়ী কৰাবলৈ উঠি-পৰি লাগিছে। প্রদেশ কংগ্ৰেছৰ ভিতৰচৰাত কার্যতঃ যুৱ কংগ্ৰেছ নির্বাচনৰ নামত এতিয়া লবীকেন্দ্রিক ৰাজনীতি তুংগত উঠিছে।

কংগ্ৰেছৰ ভিতৰুৱা সূত্ৰসমূহৰ পৰা জানিব পৰা মতে বিৰাধী দলপতি  দেৱব্ৰত শইকীয়াই ৰাতুল পাটোৱাৰীক যুৱ কংগ্রেছৰ সভাপতি পদৰ প্ৰাৰ্থী হিচাপে সমৰ্থন আগবঢ়ইছে। সেইদৰে প্রাক্তন মন্ত্রী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনৰ পছন্দৰ প্রার্থী হ’ল কামৰুল ইছলাম চৌধুৰী। আন এগৰাকী প্রাক্তন মন্ত্রী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা প্রদ্যুৎ বৰদলৈয়ে অৰূপ তালুকদাৰক প্রক্ষেপ কৰিছে।

সাংসদ গৌৰৱ গগৈয়ে এন এছ ইউ আইৰ প্রাক্তন সভাপতি মৃণাল হাজৰিকাক  সমর্থন জনোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে গগৈয়ে একাংশ বিধায়কে সমৰ্থন কৰা প্রদেশ কংগ্রেছৰ প্রাক্তন সভাপতি প্রয়াত অঞ্জন দত্তৰ কন্যা অংকিতা দত্তক সমৰ্থন কৰিলেও আচৰিত হ’বলগীয়া নাই।

আনহাতে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই যুৱ কংগ্ৰেছৰ নিৰ্বাচনত নিৰপেক্ষতা অৱলম্বন কৰাত প্ৰাৰ্থীসকলে অন্য পথেৰে যুৱ কংগ্ৰেছীসকলক আকৰ্ষণ কৰা চেষ্টা চলাইছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

June 23, 2026 9:13 pm
লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

June 23, 2026 8:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd