• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লুই বাৰ্জাৰ কেলেংকাৰি : আমেৰিকাৰ তিনিটা কোম্পানিৰ হাজাৰ কোটি টকাৰ লেনদেনৰ তথ্য ফাদিল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 27, 2018 12:02 am
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী মহানগৰীত খোৱাপানী যোগান প্ৰকল্প নিৰ্মাণৰ নামত সংঘটিত লুই বাৰ্জাৰ কেলেংকাৰিৰ ন-ন তথ্য পোহৰলৈ আহিছে বুলি আজি গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেলত মন্তব্য কৰিছে স্বৰাজ অসমৰ মুখ্য আহ্বায়ক ভবেন সন্দিকৈয়ে।

‘তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ আমোলত হিমন্ত বিশ্ব শৰ্মা জি এম ডি এৰ মন্ত্ৰী হৈ থাকোতে সংঘটিত এই ভয়াবহ দুৰ্নীতি ফাদিল কৰিবলৈ দীৰ্ঘদিন ধৰি যুঁজ কৰি আহিছো,’ দাবী সন্দিকৈৰ।

Apply Now

তেওঁ এই কেলেংকাৰিটোৰ পূৰ্বৰ তদন্তকাৰী সংস্থা চি আই ডিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন শপতনামা দাখিল কৰিছিল বুলি মন্তৱ্য কৰি লগতে কয় ‘এই শপতনামাৰ মিথ্যাচাৰ ফাদিল কৰিবলৈ বিগত বৰ্ষৰ ২৯ মে’ত য়ুএছ ডিপাৰ্টমেন্ট অব জাষ্টিচলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিলো। এই পত্ৰখনৰ তাৎক্ষণিক প্ৰত্যুত্তৰ হিচাপে ৮ জুন,২০১৭ ত য়ুএছডিওজিয়ে পত্ৰ প্ৰেৰণ কৰিছিল। তাৰ পাছৰে পৰা য়ুএছডিওজি আৰু এফবিআই ত থকা লুইচ বাৰ্জাৰ কেলেংকাৰিৰ তথ্য উদঘাটন কৰাৰ চেষ্টাত নামি পৰিছিলো।’

আনহাতে, উক্ত সংস্থা দুটাৰ পৰা তথ্য সংগ্ৰহ কৰাৰ ক্ষেত্ৰত আইনগত সীমাবদ্ধতা থকা বুলি মন্তৱ্য কৰি তেওঁ তথ্য দাঙি ধৰি কয় ‘এই তথ্যসমূহৰ আধাৰত আমি ক’ব পাৰো যে ২৮ জানুৱাৰী ২০১৩ চনত য়ুএছডিওজি ৱাশ্বিংটন কাৰ্য্যালয়ত লুইচ বাৰ্জাৰ কেলেংকাৰিৰ সন্দৰ্ভত বেকাৰ এণ্ড মেকেঞ্জি নামৰ ল ফাৰ্মৰ সদস্যৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল।‘

‘বৈঠকত LAW FIRM খনে গোৱা আৰু গুৱাহাটীৰ খোৱা পানী যোগান প্ৰকল্পৰ নিৰ্মাণৰ নামত সংঘটিত হোৱা তথ্য অৱগত কৰে। তওঁলোকে আমাক জনোৱা অনুসৰি জেআইচিএ নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৰ অৰ্থ সাহায্যত প্ৰায় ১৭ মিলিয়ন ডলাৰৰ এই প্ৰকল্পটোত লুই বাৰ্জাৰে প্ৰায় ১২,০৩০,২৮৫ ডলাৰৰ গুৱাহাটীৰ খোৱাপানী যোগান প্ৰকল্পৰ নিৰ্মাণৰ কাম আবন্টন পোৱাৰ পিছতে ৮ ফেব্ৰুৱাৰি, ২০১০ ত SEGMENTEL CONSULTANTING SUPPORT SERVICES, HOLISTICS URBAN DEVELOPMENT আৰু KJ  TECHNO নামৰ তিনিটা বিতৰ্কিত আৰু সন্দেহজনক প্ৰতিষ্ঠানকেইটাক লুইচ বাৰ্জাৰ কোম্পানীৰ সেইসময়ৰ ভাৰত আৰু ভিয়েটনামত প্ৰকল্পৰ দায়িত্বত থকা JAMES MCLUNG নামৰ বিষয়াজনে ঠিকা প্ৰদান কৰে। ইয়াৰে দুটা কোম্পানীৰ JAMES MCLUNG ৰে মালিকীস্বত্বৰৰ অংশীদায়িত্ব আছে, যি কথা আমেৰিকাস্থিত কোম্পানীটোৰ শীৰ্ষ বিষয়াসকল অৱগত নাছিল‘ এই গুৰুতৰ অভিযোগ আনে স্বৰাজ অসমৰ মুখ্য আহ্বায়ক ভবেন সন্দিকৈয়ে।

তদুপৰি JAMES MCLUNG নামৰ লোকজনে উক্ত প্ৰতিষ্টানকেইটাক গুৱাহাটী প্ৰকল্পৰ বাবে ৮,৭৩,১৪৯ ডলাৰ ওলিয়াই দিয়া বুলি তথ্যসহকাৰে অভিযোগ তোলে। তেওঁ লগতে কয় যে এই ধন নিৰ্দিষ্ট ব্যক্তিবিশেষক প্ৰদান কৰাৰ ক্ষেত্ৰত উক্ত কোম্পানীকেইটাই দালালৰ ভূমিকাত অৱতীৰ্ণ হৈছিল।

আনহাতে, JAMES MCLUNG  কোম্পানীকেইটাক গুৱাহাটী প্ৰকল্পৰ বাবে ওলিয়াই দিয়া ধনৰ ৮,৫৩,৭৩২ ডলাৰ ধন প্ৰকল্পৰ সৈতে জৰিত চৰকাৰী বিষয়া আৰু আমোলাক দিবলৈ অনুমতি প্ৰদান কৰিছিল। ২০১০ চনৰ ১৭ আগষ্টত কোম্পানীৰ ফালৰ পৰা JAMES MCLUNG লৈ পঠিওৱা এটা ই-মেইলত এই কথা স্পষ্টৰূপে উল্লেখ আছে যে প্ৰতিশ্ৰুতি প্ৰদান কৰা মুঠ ৮,৫৩,৭৩২ ডলাৰৰ প্ৰায় ৬,৮৫,০০০ ডলাৰ ধন ইতিমধ্যে দিয়া হৈছে আৰু বাকী ধনখিনি এজন নিৰ্দিষ্ট ব্যক্তিবিশেষৰ বাবে মজুত ৰাখিছে কোম্পানীটোৱে। এইবুলিও অভিযোগ তোলে ভবেন সন্দিকৈয়ে।

ইয়াৰোপৰি সংবাদমেলত সন্দিকৈয়ে শ্বাহ টেকনিকেল কনচালটেন্ট নামৰ কোম্পানীটোৰ পৰা ২০১০ চনৰ ১৭ আগষ্টত পঠোৱা এটা ই-মেইলত অসমৰ কোন-কোন ৰাজনৈতিক নেতা-আমোলাক কিমান ধনৰৰ কেনেকৈ যোগান ধৰিছিল, সেই সম্পৰ্কে উল্লেখ আছে বুলিও উল্লেখ কৰে। তেওঁ লগতে কয় ‘চিবিআই আৰু ইডিয়ে শীঘ্ৰে এই কোম্পানীৰ সৈতে জৰিত শীৰ্ষ বিষয়াক গ্ৰেপ্তাৰ কৰিলে লুইচ বাৰ্জাৰ কেলেংকাৰীৰ ধন কোন আমোলাই কেনেকৈ লাভ কৰিছিল সেই সমস্ত তথ্য উদঘাটন হ’ব।‘

তাৰোপৰি তদন্তকাৰী বিষয়া অৱনীশ কুমাৰে তেওঁৰ সৈতে হোৱা টেলিফোনিক বাৰ্তাত শীঘ্ৰে অসমলৈ তদন্তৰ বাবে অহাৰ আশ্বাস দিয়া বুলি সংবাদমেলত সন্দিকৈয়ে সদৰী কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd