• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লোকসভা নিৰ্বাচনলৈ বহু দূৰ : ৰাজ্যিক বিজেপিৰ কুচকাৱাজৰ বিপৰীতে বহু সময় আছে বুলি মন্তব্য ৰাষ্ট্ৰীয় নেতা নলিন কোহলীৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 8, 2018 8:22 pm
গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত বিজেপিৰ কাৰ্য্যালয়ত বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নলিন কোহলীৰ।

গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত বিজেপিৰ কাৰ্য্যালয়ত বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নলিন কোহলীৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“২০১৯-ৰ নিৰ্বাচনৰ বিষয়ে এতিয়াই আলোচনা কৰাৰ সময় আহি পৰা নাই। ২০১৯ লৈ বহু দূৰ আছে। কাৰণ ২০১৯-লৈ আৰু প্ৰায় ৬ মাহ বাকী আছে। এতিয়া আমি ২০১৮ চনৰ মাজ পৰ্য্যায়ত আছো।”

আগন্তুক লোকসভাত বিজেপি দলে কি এজেণ্ডা লৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি সাংবাদিকে কৰা প্ৰশ্নৰ প্ৰসংগত আজি এনেদৰে মন্তৱ্য কৰে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নলিন কোহলীয়ে।

Apply Now

উল্লেখযোগ্য যে, আগন্তুক পঞ্চায়ত নিৰ্বাচন তথা লোকসভা নিৰ্বাচনক লক্ষ্য কৰি ৰাজ্যিক বিজেপিয়ে মালিগাওঁস্থিত ৰং ভৱনত মহিলা মৰ্চা, সংখ্যালঘু মৰ্চা, যুৱ মৰ্চাকে ধৰি ৮টা মৰ্চাৰ সৈতে সাংগঠনিক সভা অনুষ্ঠিত কৰি থকাৰ সময়তে জনতাৰ সমৰ্থন আদায় কৰাৰ চেষ্টা চলাই থকাৰ সময়তে বিজেপিৰ ৰাষ্ট্ৰীয় নেতাজনৰ এই মন্তব্যই বিশেষ তাৎপৰ্য্য বহন কৰিছে।

লক্ষণীয়ভাৱে আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ অথবা অন্য হাইপ্ৰফাইল নেতাৰ অসমলৈ সঘনাই আগমণ ঘটা পৰিলক্ষিত হৈছে।

মন কৰিব লগীয়া যে আজি গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্য্যালয়ত এখন সংবাদমেল সম্বোধন কৰি নলিন কোহলীয়ে বিজেপিৰ এজেণ্ডাত প্ৰত্যেকটো দিনেই গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে।

“চৰকাৰৰ মতাদৰ্শৰ বাবে দেশত উন্নয়ন সম্ভৱ হৈছে।”এনেদৰে মন্তব্য কৰি মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে নেতাজন।

কংগ্ৰেছ অথবা অন্য বিৰোধী দলসমূহে বিজেপি দল শাসনলৈ অহাৰ পাছৰে পৰা দেশত অশান্তিয়ে বিৰাজ কৰিছে তথা সংবিধান উলংঘা হৈছে বুলি অভিযোগ তোলাৰ বিপৰীতে তেওঁ কয় “নৰেন্দ্ৰ মোদী চৰকাৰে প্ৰথম দিনটোৰ পৰাই ভাৰতীয় সংবিধানক বিশ্বাস কৰি কাম কৰি আহিছে। সংবিধানৰ অৰ্থ হৈছে সকলো ভাৰতীয়ই আইনৰ সন্মুখত সমান। সেয়েহে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মূল এজেণ্ডাই হৈছে সবকা সাথ সবকা বিকাশ।”

তেওঁ লগতে কয় “১২০ কোটি লোকৰ উন্নয়ন মানে দেশৰ উন্নয়ন, এইটো নৰেন্দ্ৰ মোদী চৰকাৰৰ প্ৰধান আদৰ্শ। এয়াৰ অৰ্থ প্ৰত্যেকজন নাগৰিক প্ৰগতিৰ দিশত আগ বাঢ়িলে দেশখনো প্ৰগতিৰ দিশে আগবাঢ়িব।

ইয়াৰোপৰি, ‘নৰেন্দ্ৰ মোদীয়ে নিজকে প্ৰধান সেৱক হিচাপেহে বিবেচনা কৰিছে, প্ৰধান মন্ত্ৰী হিচাপে নহয়’ এই বুলি উল্লেখ কৰাৰ লগতে কয়, “প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদায় কৈ থাকে, মোক ভোটদান কৰা জনসাধাৰণৰ বাবে তথা যিসকলে ভোট দিয়া নাছিল সেইসকলৰ বাবেও মই প্ৰধান মন্ত্ৰী।”

আনহাতে, চৰকাৰৰ ৪ বছৰীয়া কাম-কাজতে প্ৰধান মন্ত্ৰীৰ দায়িত্ববোধৰ প্ৰতিফলন ঘটিছে বুলি তেওঁ সংবাদমেলত উল্লেখ কৰে।

সংবাদমেলত নেতাজনে বিজেপি চৰকাৰৰ ৪ বছৰীয়া কামৰ খতিয়ানৰ কিছু অংশ তুলি ধৰি কয়, “দেশৰ ১ লাখ ২০ হাজাৰ কিল’মিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ, ১ লাখ ৫০ হাজাৰ গাঁৱলীয়া পথ মেৰামতি, ৩১ কোটি জনতাই প্ৰধান মন্ত্ৰীৰ জন-ধন যোজনাৰ সাহায্য লাভ কৰিছে। উজালা আঁচনিৰ জৰিয়তে প্ৰায় ৪.৫০ কোটি জনসাধাৰণে গেছৰ চিলিণ্ডাৰ লাভ কৰিছে, বিদ্যুৎ ৰাহি কৰিবৰ উদ্দেশ্যে ৩০ কোটিতকৈ অধিক লোকক এল ই ডি বাল্ব বিতৰণ কৰা হৈছে।”

উল্লেখযোগ্য যে, তেওঁ সংবাদমেলত দেশৰ লক্ষাধিক কিল’মিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ তথা গাঁৱৰ ৰাস্তা-ঘাট নিৰ্মাণ তথা মেৰামতি কৰাৰ কথা জাহিৰ কৰে যদিও ৰাজ্যখনত বিভিন্ন ঠাইৰ ঘাইপথ তথা গাঁৱলীয়া পথৰ দুৰৱস্থাই জনসাধাৰণক এতিয়াও জীয়াতু ভুগাই আছে।

ইয়াৰ পৰা এটা কথা প্ৰমাণ হ’ল যে কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগে ৰাস্তা-ঘাট নিৰ্মাণৰ বাবে আঁচনি হাতত লৈছে যদিও সেই আঁচনিসমূহে বৰ্তমানো অসমক স্পৰ্শ কৰিব পৰা নাই।

আনহাতে, উক্ত সংবাদমেলতে জাতীয় কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীক সমালোচনা কৰি তেওঁ কয় “মই লক্ষ্য কৰিছো ৰাহুল গান্ধীয়ে কিছুমান কল্পনাপ্ৰসূত ইচ্ছ্যুৰ সৃষ্টি কৰি কিছুমান মন্তব্য কৰি আছে।”

“কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে যিমানেই অপ-প্ৰচাৰ চলাই থাকক, দেশৰ জনতা মূৰ্খ নহয়, তেওঁলোক স্মাৰ্ট হয়, তেওঁলোক কংগ্ৰেছৰ অপপ্ৰচাৰত ভোল নাযায়।” নলিন কোহলীয়ে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd