• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শক্তি বিভাগৰ ২৭৪ গৰাকী নৱ নিযুক্ত অভিযন্তাক নিযুক্তি পত্ৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী সোণোৱালে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 13, 2018 7:17 am
মুখ্যমন্ত্ৰী সোণোৱালে শক্তি বিভাগৰ নৱ নিযুক্ত অভিযন্তাসকলক নিযুক্তি পত্ৰ বিতৰণ কৰা মুহূৰ্তত। ফটো : ইউবি

মুখ্যমন্ত্ৰী সোণোৱালে শক্তি বিভাগৰ নৱ নিযুক্ত অভিযন্তাসকলক নিযুক্তি পত্ৰ বিতৰণ কৰা মুহূৰ্তত। ফটো : ইউবি

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী সোণোৱালে শক্তি বিভাগৰ অধীনস্থ এ পি ডি চি এল, এ ই জি চি এল আৰু এ পি জি চি এলত নতুনকৈ নিযুক্তি লাভ কৰা ২৭৪ গৰাকী সহকাৰী অভিযন্তা তথা কনিষ্ঠ অভিযন্তাক শুকুৰবাৰে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত নিযুক্তি পত্ৰ বিতৰণ কৰে। এই নৱ নিযুক্ত ২৭৪ গৰাকী অভিযন্তাৰ ভিতৰত ১৪৮ গৰাকী হৈছে সহকাৰী অভিযন্তা আৰু বাকী ১২৬ গৰাকী কনিষ্ঠ অভিযন্তা।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে শক্তি বিভাগৰ অধীনস্থ তিনিওটা কোম্পানীক কৃষি আৰু উদ্যোগ খণ্ডত শক্তি যোগান, গাওঁ আৰু চহৰ অঞ্চলত বিদ্যুৎ যোগান, প্ৰযুক্তিবিদ্যাৰ জৰিয়তে আভ্যন্তৰীণ সম্পদৰ উন্নয়ন সাধন আৰু বিতৰণ ব্যৱস্থাটো শক্তিশালী কৰি নিয়মিতভাৱে বিদ্যুৎ যোগান নিশ্চিত কৰি ৰাজ্যখনৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

Apply Now

মুখ্যমন্ত্ৰী সোণোৱালে দৈনন্দিন জীৱনত বিদ্যুতৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি বিভাগটোৰ বিষয়া-কৰ্মচাৰীসকলে উৎসৰ্গিত মনোভাৱেৰে সেৱা আগবঢ়াই বিভাগটোৰ প্ৰতি থকা জনসাধাৰণৰ নেতিবাচক ধাৰণা আঁতৰ কৰিব লাগিব বুলি কয়।

বিগত বছৰত বাহ আৰু কাঠৰ বৈদ্যুতিক খুটা উভালি কেইবাজন লোকৰ মৃত্যু হোৱা বিষয়টো উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে অতি শীঘ্ৰে তেনেধৰণৰ বিদ্যুৎ সংযোগ আঁতৰ কৰি স্থায়ী তথা মজবুত বৈদ্যুতিক খুটাৰে নিৰাপদ বৈদ্যুতিক সৰবৰাহৰ উদ্যোগ ল’বলৈ বিভাগক নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ শক্তিৰ প্ৰেক্ষাপট সলনিৰ বাবে উৎসৰ্গিত মনোভাৱেৰে কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ৰাজ্যখনত অনুষ্ঠিত হ’বলগীয়া বিশ্ব বিনিয়োগ সন্মিলনৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে বিনিয়োগকাৰীসকলে ৰাজ্যখনত কোম্পানী স্থাপনৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে আৰু ইয়াৰ বাবে তেওঁলোকক অবিৰত বিদ্যুৎ যোগান নিশ্চিত কৰিব লাগিব।

আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে দুটা মোবাইল এপ্লিকেশ্যনৰো শুভাৰম্ভ কৰে। ইয়াৰে ‘মাই বিজুলী’ এপৰ জৰিয়তে গ্ৰাহকে বিদ্যুতিক বিল, বিদ্যুতৰ ব্যৱহাৰ পৰীক্ষা ইত্যাদি কৰিব পাৰিব আৰু ‘ই সুবিধা’ এপৰ জৰিয়তে ৰাজহ সংগ্ৰহ বৃদ্ধিৰ বাবে ঠাইতে এ পি ডি চি এলে বিল গ্ৰহণ কৰিব পাৰিব।

নিযুক্তি পত্ৰ বিতৰণ এই অনুষ্ঠানত শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী পল্লৱ লোচন দাস, মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, শক্তি বিভাগৰ প্ৰধান সচিব তথা তিনিওটা কোম্পানীৰ অধ্যক্ষ জিষ্ণু বৰুৱা, এ পি ডি চি এলৰ মহাপ্ৰৱন্ধক পুৰু গুপ্তা প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

July 31, 2026 11:28 am
শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

July 31, 2026 11:28 am
শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd