শুৱালকুছিৰ তাঁত শিপিনীসকললৈ পুনৰ এক সু-খবৰ কঢ়িয়াই আনিলে ৰাষ্ট্ৰীয় হস্ত-তাঁত উন্নয়ন নিগমে। ৰাষ্ট্ৰীয় হস্ত-তাঁত উন্নয়ন নিগম চমুকৈ এন এইচ ডি চিয়ে শুৱালকুছিৰ শিপিনীসকললৈ ১০ শতাংশ ৰেহাই মূল্যত পাট সূতা যোগানৰ বাবে এক আঁচনিৰ পৰিকল্পনা কৰিছে।
শুকুৰবাৰে বিয়লি ৪ বজাত স্থানীয় তাঁত শিল্প উন্নয়ন সমিতিৰ কাৰ্যালয়ত হোৱা এক সংবাদমেলত নিগমৰ আঞ্চলিক প্ৰবন্ধক নিলেশ সমুদেৱে কয়-এই সূতাৰ ভঁৰালৰ জৰিয়তে এগৰাকী শিপিনীক এখন তাঁতশালৰ বিনিময়ত মাহেকত ৪ কিলোগ্ৰামকৈ ১০ শতাংশ ৰেহাই মূল্যত সূতা যোগান ধৰা হ’ব।
উল্লেখ্য যে শিপিনীসকলে এই সুবিধা গ্ৰহণ কৰিবলৈ হ’লে নিজৰ নিজৰ পৰিচয় পত্ৰ সংগ্ৰহ কৰি ল’ব লাগিব। এই পৰিচয় পত্ৰৰ বাবে অহা ২৭ মাৰ্চৰ পৰা শুৱালকুছিস্থিত কলিতাপাৰাৰ ৰেচম পৰীক্ষাগাৰৰ কাৰ্যালয়ৰ পৰা প্ৰ পত্ৰ সংগ্ৰহ কৰিব পাৰিব। আৰু শিপিনীসকলে অহা ১০ এপ্ৰিলৰ ভিতৰত প্ৰ পত্ৰসমূহ জমা দিব লাগিব।
এই আঁচনিৰ জৰিয়তে শুৱালকুছিৰ প্ৰায় ৫ শহস্ৰাধিক শিপিনীয়ে লাভান্বিত হ’ব বুলি নিগমে প্ৰকাশ কৰে। নিগমে পূৰ্বতে শুৱালকুছিত ৬টা সূতাৰ ভঁৰাল বেচৰকাৰী অনুষ্ঠানক অনুমোদন জনাইছিল যদিও বিতৰণ ব্যৱস্থাত যথেষ্ট লুণ্ঠন চলা বাবে শিপিনীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰে।
সেয়ে নিগমে এইবাৰ নিজৰ তত্ত্বাৱধানত এই ভঁৰাল তদাৰক কৰা হ’ব বুলি সংবাদমেলত জানিবলৈ দিয়ে তাঁত শিল্প উন্নয়ন সমিতিৰ সম্পাদকদ্বয় ড০ নিহাৰৰঞ্জন কলিতা আৰু বিপুল বৈশ্যই।