• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বাৱলম্বিতাৰ কামেৰে যদি বজাৰবোৰ দখল কৰিবলৈ সক্ষম হওঁ, তেন্তে এচাম বাংলাদেশী নিজেই গুচি যাব : জিতেন দত্ত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 28, 2018 9:45 pm
Alochana

যুৱ প্ৰজন্মক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ বেলতলাস্থিত আৰোগ্ৰেছৰ সভাগৃহত আলোচনাপন্থী আলফাই অনুষ্ঠিত কৰা আলোচনা চক্ৰৰ এটা দৃশ্য।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“অৰ্থনৈতিক স্বাৱলম্বিতাৰ জৰিয়তে যদি বজাৰবোৰ দখল কৰিবলৈ সক্ষম হওঁ তেন্তে এচাম বাংলাদেশী নিজেই গুচি যাব।”

যুৱ প্ৰজন্মক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ বেলতলাস্থিত আৰোগ্ৰেছৰ সভাগৃহত অনুষ্ঠিত হোৱা আলোচনা চক্ৰত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য কৰে আলোচনাপন্থী আলফাৰ নেতা জিতেন দত্তই।

Apply Now

আলোচনা চক্ৰৰ অন্তত অসম সুৰক্ষা উন্নয়ন পৰিষদ নামৰ এটা অনুষ্ঠান গঠন কৰা হয় আৰু এই সংগঠনৰ মুখ্য নেতৃত্ব লয় জিতেন দত্ত আৰু মৃণাল হাজৰিকাই।

আনহাতে, উঠি অহা যুৱ প্ৰজন্মক অৰ্থনৈতিক স্বাবলম্বিতাৰ দিশত লৈ যোৱাৰ বাবে এই আলোচনা চক্ৰ অনুষ্ঠিত হৈছে বুলি জানিবলৈ দি দত্তই লগতে কয় যে জাতিটোক ৰক্ষা কৰিবৰ বাবে যুৱ শক্তিক ঐক্যবদ্ধ কৰিব লাগে, তেন্তে তেওঁলোকক মাটিৰ সৈতে সম্পৰ্ক কৰাব লাগিব।

তেওঁ লগতে কয়, “অসমৰ অৰ্থনীতি কৃষিৰ ওপৰত নিৰ্ভৰশীল। গতিকে কৃষিৰ সৈতে যুৱশক্তিক জড়িত কৰাব পাৰিলে তেতিয়া অসমীয়া জাতিটোৱে মূৰ তুলি জীয়াই থাকিব পাৰিব।”

তাৎপৰ্য্যপূৰ্ণভাৱে আন্দোলন প্ৰতিবাদৰ ফলত অসমৰ কোনো লাভ নহ’ব বুলি সদৰী কৰি তেওঁ কয়, “দীৰ্ঘ সময় ধৰি আমি আন্দোলন-প্ৰতিবাদ আদি কৰিয়েই আছো, আন্দোলন প্ৰতিবাদ কৰিবৰ বাবে হাজাৰ-হাজাৰ যুৱশক্তি ওলাই আহিছে। প্ৰতিবাদৰ বাবে ওলাই অহা যুৱকসকলৰ শক্তিক কেনেকৈ ধৰি ৰাখিব পাৰি, সেই কথা আজিলৈকে কোনেও চিন্তা কৰা নাই।”

তদুপৰি, ৰাজ্যখনত ধাৰাবাহিকভাৱে আন্দোলনসমূহ হৈ আছে যদিও সমাধান নোপোৱাৰ বাবে এতকাংশ যুৱক বহিঃৰাজ্যলৈ চাকৰি বিচাৰি যোৱা বুলি সংবাদ মাধ্যমৰ আগত গুৰুতৰ অভিযোগ তোলে আলোচনাপন্থী আলফা নেতাজনে। তেওঁ কয় “বৰ্তমান যুৱশক্তিয়ে চাৰিওফালে অন্ধকাৰ দেখিছে। তাৰ ফলত কেৰেলা, অন্ধ্ৰ প্ৰদেশ আদিলৈ গৈ কোম্পানীৰ ছিকিউৰিটি গাৰ্ড হৈছেগৈ অসমৰ বহুসংখ্যক যুৱক।”

আনহাতে, উক্ত যুৱকসকলক যদি অসমতে ধৰি ৰাখি অৰ্থনৈতিক ক্ষেত্ৰত নিয়োগ কৰিব পাৰি, তেন্তে জাতিটোৰ কাৰণে ই মংগলদায়ক হ’ব বুলিও তেওঁ কয়।

এন আৰ চিৰ খচৰাৰ পৰা কি সফলতা আহিব নিজেই ভাবি পোৱা নাই বুলি মন্তব্য কৰি তেওঁ লগতে কয়, “এন আৰ চিত বিদেশী বুলি চিনাক্ত হোৱাসকলৰ ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা ল’ব নোৱাৰিব। কাৰণ তেওঁলোকে পুনৰ আইনী প্ৰক্ৰিয়াৰে বিদেশী ন্যায়াধিকৰণৰ ওচৰত গৈ আৱেদন কৰিব পাৰিব। আৱেদন কৰি তেওঁলোক বিদেশী বুলি চিনাক্ত নোহোৱা পৰ্য্যন্ত অসমতে থাকিব। ৩০ বছৰৰ পাছত এন আৰ চি প্ৰক্ৰিয়াৰ জৰিয়তে বহিৰাগতক চিনাক্তকৰণ কৰা হ’ব। কিন্তু এন আৰ চিত নাম নহাসকলে পিছৰ ৩০ বছৰলৈকে এওঁলোক বিচাৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত থাকিব। বাংলাদেশে যদি এই লোকসকলক গ্ৰহণ নকৰো বুলি কয়, তেতিয়া কি হ’ব?”

তেওঁ লগতে ‘কিছুদিন আগলৈকে এন আৰ চিৰ জড়িয়তে জাতিটো সুৰক্ষিত হ’ব বুলি ভাবিছিলি’ বুলি জানিবলৈ দিয়ে যদিও ‘নাম কৰ্তন হোৱাৰ পাছত তেওঁলোকক নাম অন্তৰ্ভুক্তিৰ বাবে সুবিধা দিয়া হ’ব’ বুলি ঘোষণা কৰাৰ পৰা তেওঁৰ ধাৰণা সলনি হ’ল বুলি সংবাদ মাধ্যমত সদৰী কৰে।

‘এন আৰ চিৰ এই ব্যৱস্থাৰ পৰা আমি দোদুল্যমান অৱস্থাত আছো।‘ বুলি মন্তব্য কৰি তেওঁ কয় “সেয়েহে অৰ্থনৈতিক ক্ষেত্ৰত দখল সাব্যস্ত কৰিবৰ বাবে যুৱশক্তিক একত্ৰিত কৰিছো।”

“চৰ-চাপৰিসমূহৰ মাটি যদি অসমৰ খিলঞ্জীয়া যুৱকসকলে দখল কৰি খেতি কৰিবলৈ আৰম্ভ কৰে, কৃষি উৎপাদিত সামগ্ৰীৰ বিক্ৰী অসমীয়া ডেকাই কৰে, তেতিয়া আমি কাৰো ওপৰত নিৰ্ভৰ হ’ব লগীয়া নহয়।” দত্তই এইদৰে কয়।

ইয়াৰোপৰি তেওঁ খিলঞ্জীয়া যুৱকসকলক আহ্বান জনাই কয় যে বাহিৰৰ পৰা মাছ, কণী বা অন্যান্য সামগ্ৰীসমূহ অহাটো বন্ধ কৰিবলৈ হ’লে থলুৱাভাৱে সামগ্ৰীসমূহ উৎপাদন কৰাত যুৱ-প্ৰজন্মই গুৰুত্ব দিব লাগিব।

উল্লেখযোগ্য যে শনিবাৰে অনুষ্ঠিত আলোচনাৰ অন্তত আলোচনাপন্থী নেতা জিতেন দত্তৰ নেতৃত্বত ‘অসম সুৰক্ষা উন্নয়ন পৰিষদ’ নামৰ এটা সংগঠনৰ জন্ম দিয়া হয়। বৰ্তমান সংগঠনটোৰ সভাপতি-সম্পাদক ৰখা নাই যদিও কৰ্ণধাৰ কমিটি আৰু আহ্বায়ক কমিটি এখন গঠন কৰি দিয়া হয়।

উক্ত সংগঠনটোৰ কৰ্ণধাৰ সমিতিত অনুপ চেতিয়া, জেব্ৰাৰাম মুছাহাৰী, মৃণাল হাজৰিকা, জিতেন দত্ত, প্ৰাণজিৎ শইকীয়া, প্ৰবাল নেওগ, এ কে মহন্তক ৰখা হৈছে। লগতে দৰ্শপ্ৰাণ মান্য হাজৰিকা, মৃদুল বৰপাত্ৰ গোহাঁই, মানস চলিহা আৰু বৈকুণ্ঠ পাঠকক মুখ্য আহ্বায়ক হিচাপে ৰখা হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd