• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হতভাগা অসমীয়া! ৰাজ্যৰ এফালে বানৰ তাণ্ডৱ, আনফালে বাক্সাত উপদ্ৰৱ বনৰীয়া হাতীৰ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
July 11, 2018 9:14 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ বিভিন্ন ঠাইত বানপানীৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে বাক্সা জিলাৰ তামুলপুৰত চলিছে বনৰীয়া হাতীৰ উপদ্ৰৱ। বনৰীয়া হাতীৰ আক্ৰমণত যোৱা ১০ জুলাইৰ নিশা গুৱাবাৰী গাঁৱৰ বৰ্মন চুপাৰ লক্ষ্মীন্দৰ বৰ্মন (৫৪ বছৰীয়া) নামৰ এজন লোকে কৰুণ মৃত্যুক সাৱটি ল’ব লগা হয়।

জানিব পৰা মতে খাদ্যৰ সংকটত ভোগা বনৰীয়া হাতীৰ বৃহৎ জাক এটাই পোৱালিসহ পাহাৰৰ পৰা নামি আহি বিগত এপষেক ধৰি নাগ্রীজুলি অঞ্চলত  বিচৰণ কৰি উপদ্ৰৱ চলাই আহিছে আৰু বহু লোকৰ ঘৰ-দুৱাৰ ভাঙি খাদ্য-সামগ্ৰী খাই সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে।

Apply Now

যোৱা কালি মাজনিশা বনৰীয়া হাতীৰ এটি জাকে খাদ্যৰ বাবে ভুটান সীমান্তৰ কুমাৰীকটা বনাঞ্চলিক কাৰ্য্যালয়ৰ অধীনৰ গুৱাবাৰী গাঁৱত প্ৰৱেশ কৰে। বনৰীয়া হাতীৰ জাকটো গাওঁখনত প্ৰৱেশ কৰাৰ লগে লগে আতংকৰ সৃষ্টি হয় আৰু গাওঁখনত হউৱা-দুৱা লাগে। গাওঁখনৰ লোক সকলে নিজৰ ঘৰ-দুৱাৰ এৰি পলায়ন কৰি নিৰাপদ দূৰত্বত আশ্ৰয় লয়। গাঁওখনৰ কিছু লোকে কাঁহী-বাতি, টিন আদি বজাই, জুই জ্বলাই বনৰীয়া হাতীৰ জাকটোক খেদি পঠিয়াবলৈ চেষ্টা কৰে। ৰাইজৰ হাই-উৰুমী শুনি হাতীৰ জাকটো কিছু দূৰ আঁতৰি যায় যদিও হঠাতে জাকটোৰ পৰা লাডেন নামেৰে খ্যাত প্ৰকাণ্ড হাতীটোয়ে অধিক আক্রমণাত্মক হৈ পৰে আৰু মানুহৰ জাকটোক খেদি আহে।

বনৰীয়া হাতীটোৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ লোকসকলে যেনি-তেনি দৌৰি পলায় যায় যদিও লক্ষ্মীন্দৰ বৰ্মন নামৰ লোকজন মাটিত বাগৰি পৰে। লগে লগে বনৰীয়া হাতীটোৱে লক্ষ্মীন্দৰক সুৰেৰে মেৰিয়াই মাটিত আছুৰি আৰু গচকি হত্যা কৰে। লাডেনৰ আক্ৰমণত লক্ষ্মীন্দৰ ঠাইতে নিহত হয়। লক্ষ্মীন্দৰক হত্যা কৰাৰ উপৰিও গুৱাবাৰী গাঁওত বনৰীয়া হাতীৰ জাকটোৱে কেইবাটাও পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি লণ্ড-ভণ্ড কৰে। উল্লেখ্য যে বিগত প্ৰায় ১৫ বছৰত বনৰীয়া হাতীৰ আক্ৰমণত অকল তামুলপুৰ মহকুমাত ৭১ জনতকৈ অধিক লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে ৮ টাকৈ বনৰীয়া হাতীয়ে প্ৰাণ হেৰুৱাইছে।  ইয়াৰ উপৰিও আন এটা বনৰীয়া হাতীৰ জাকে নাগ্রীজুলিৰ অৰঙাজুলি গাঁওত প্ৰৱেশ কৰে আৰু লোহিত সূত্ৰধৰ আৰু ৰেণু সূত্ৰধৰ নামৰ দুটা পৰিয়ালৰ কেইবাটাও ঘৰ ভাঙি লণ্ড-ভণ্ড কৰে আৰু ঘৰৰ ভিতৰত থকা ধান চাউল আদি খাই তহিলং কৰে। ইয়াৰ উপৰিও হাতীৰ জাকটোৱে ঘৰৰ ভিতৰৰ আচবাব আদিও গচকি ভাঙি-ছিঙি চুৰমাৰ কৰে। বনৰীয়া হাতীয়ে যেন এতিয়া চলাই গৈছে মানুহৰ বিৰুদ্ধে বিদ্ৰোহ।

জীৱশ্ৰেষ্ঠ মানুহৰ অদূৰদৰ্শিতাৰ বাবে আৰু অবাধ বনাঞ্চল ধ্বংসৰ বাবে খাদ্য সংকতত ভোগা বনৰীয়া হাতীৰ জাকে এনেদৰে বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহি সংঘাতত লিপ্ত হৈ আহিছে আৰু অতি সম্প্ৰতি এই সংঘাতে তীব্রৰূপ ধাৰণ কৰিছে। ইপিনে বছৰৰ পিছত বছৰ ধৰি বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে যদিও বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ চৰকাৰ কিম্বা বন বিভাগে আদ্যপি কোনো ধৰণৰ অভিলাষী আঁচনি গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু কিমান নিৰীহ লোকে জীৱন হেৰুৱাব লাগে নাইবা কিমান বন্যহস্তীযে প্ৰাণ হেৰুৱাব লাগে তাৰ কোনো নিশ্চয়তা নাই। অনতি পলমে বনৰীয়া হাতীৰ জাকটোক নিয়ন্ত্ৰণ কৰি বনৰীয়া হাতীৰ জীৱনৰ নিৰাপত্তা দিয়াৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰও দাবী জনাইছে নাগ্রীজুলিবাসী ৰাইজে।

উল্লেখযোগ্য যে ভুটান সীমান্তৰ কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যালয়ৰ অধীনৰ নাগ্রীজুলিৰ পূব-গুৱাবাৰীত ( ২নং দোংৰগাওঁ) এটা বনৰীয়া হাতীৰ মৃত্যু হৈছিল।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd