• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যত প্ৰতিবাদী অনশন মহিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ; বিশ্ববিদ্যালয়খনৰ ডিগ্ৰীৰ মূল্য নাই বোলাত ছাত্ৰীৰ হাহাকাৰ

স্মিতা ভট্টাচাৰ্য্য by স্মিতা ভট্টাচাৰ্য্য
March 19, 2018 8:51 pm
Jorhat- Hunger strike Women University

প্ৰতিবাদী ছাত্ৰী

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম মহিলা বিশ্ববিদ্যালয়ে প্ৰদান কৰা ডিগ্ৰীসমূহৰ কোনো মূল্য নাই বোলাকে ধৰি বিশ্ববিদ্যালয়খনক লৈ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰি অহা বিভিন্ন মন্তব্যৰ প্ৰতিবাদত আজি সোমবাৰে ৩৬ ঘণ্টীয়া অনশনত বহিল বিশ্ববিদ্যালয়খনৰ ছাত্ৰীসকল।

যোৰহাটৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সমুখত আজি দিনৰ ১ বজাৰ পৰা ২৫ গৰাকী ছাত্ৰীয়ে অনশন আৰম্ভ কৰিছে। বাকী ছাত্ৰী আৰু শিক্ষকসকলেও তেওঁলোকৰ এই অনশনলৈ সমৰ্থন আগবঢ়াইছে বুলি জানিব পৰা গৈছে।

Apply Now

জিলা উপায়ুক্ত আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য তথা মহিলা বিশ্ববিদ্যালয়খনৰো ‘মেন্তৰ’ৰ দায়িত্বত থকা কমল মল্ল বুজৰবৰুৱালৈ ছাত্ৰীসকলে স্মাৰক পত্ৰও প্ৰেৰণ কৰে।

এগৰাকী স্থায়ী উপাচাৰ্য্য আৰু স্থায়ী শিক্ষকৰ নিযুক্তিৰ জড়িয়তে বিশ্ববিদ্যালয়খনক পূৰ্ণ পৰ্য্যায়লৈ উন্নীত কৰাৰ বাবে ছাত্ৰীসকলে দাবী উত্থাপন কৰিছে।

বিশ্ববিদ্যালয়খনক কাৰিকৰী শিক্ষানুষ্ঠানলৈ পৰিৱৰ্তন কৰাৰ বাবে চিন্তা কৰি থকা বুলি মন্তব্য কৰি শিক্ষা মন্ত্ৰীগৰাকীয়ে পূৰ্বে এবাৰ ছাত্ৰীসকলৰ ডিগ্ৰী আৰু শিক্ষকসকলৰ চাকৰিসমূহৰ খেয়াল ৰখা হ’ব বুলি কৈছিল। কিন্তু উপাচাৰ্য্য নোহোৱা বিশ্ববিদ্যালয়খনৰ ডিগ্ৰীসমূহৰ কোনো মূল্য নাই বুলি কেইদিনমান আগতে পূৰ্বতকৈ ওলোটা মত আগবঢ়াইছিল মন্ত্ৰীজনে। কেৱল মহিলাৰ বাবে এখন বিশ্ববিদ্যালয় থকাৰ কোনো অৰ্থ নাই বুলিও তেওঁ মন্তব্য কৰিছিল।

ছাত্ৰীসকলে আজি প্ৰেৰণ কৰা স্মাৰক পত্ৰখনত শিক্ষা মন্ত্ৰীগৰাকীৰ মন্তব্যসমূহ উল্লেখ কৰা হৈছে।

উল্লেখযোগ্য যে বিশ্ববিদ্যালয়খনক কাৰিকৰী প্ৰতিষ্ঠানলৈ পৰিৱৰ্তন কৰা হ’ব বুলি শুনি তাৰ প্ৰতিবাদত মহিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলে যোৱা ৮ মাৰ্চৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা ‘ক’লা দিন’ পালন কৰিছিল।

তেওঁলোকৰ ভৱিষ্যৎ ওলমি ৰোৱাৰ বাবে ছাত্ৰীসকল আন্দোলন কৰিবলৈ বাধ্য হোৱা বুলি উল্লেখ কৰি এই অনিশ্চয়তাৰ বাবে অধ্যয়নত মন দিব নোৱৰা বুলি তেওঁলোকে প্ৰতিবেদকক জনায়। প্ৰতিবাদী ছাত্ৰীসকলে কয়, ‘নাগৰিকসকলৰ ভৱিষ্যৎ বিশেষকৈ নাৰী শিক্ষাৰ ক্ষেত্ৰত অলপো চিন্তা নকৰা বৰ্তমানৰ চৰকাৰখনৰ মনোবৃত্তিক আমি গৰিহণা দিছো।’

স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ ১৫ টা বিভাগৰ শিক্ষা প্ৰদান কৰা বিশ্ববিদ্যালয়খনৰ পৰা ইতিমধ্যে দুটা বৰ্ষৰ ছাত্ৰীয়ে শিক্ষা সম্পূৰ্ণ কৰিছে।

লক্ষণীয়ভাৱে এতিয়াও উপাচাৰ্য্যহীন বিশ্ববিদ্যালয়খনত এতিয়াও প্ৰায় ৫০০ গৰাকী ছাত্ৰীয়ে অধ্যয়ন কৰি আছে।

বিশ্ববিদ্যালয়খনৰ পৰা উত্তীৰ্ণ হোৱা কেবাগৰাকী ছাত্ৰী ইতিমধ্যে শিক্ষকৰ যোগ্যতা নিৰ্ণয়কাৰী ৰাষ্ট্ৰীয় প্ৰতিযোগিতামূলক পৰীক্ষা নে’ট (NET)টো উত্তীৰ্ণ হৈছে বুলি জানিব পৰা গৈছে। তাৰোপৰি কিছুসংখ্যক ছাত্ৰীয়ে ডিব্ৰুগড় আৰু নে’হু (NEHU) বিশ্ববিদ্যালয়ত এম ফিল আৰু ডক্তৰে’ট কৰি আছে।

বহুবিলাক ছাত্ৰী চৰকাৰী, বেচৰকাৰী বিভিন্ন চাকৰিত মকৰল হৈ আছে।

হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ চৰকাৰৰ শিক্ষা মন্ত্ৰী থকাৰ সময়ত ২০১৩ চনত গৃহীত কৰা, আইনযোগে অসম চৰকাৰে পতা বিশ্ববিদ্যালয়খন ২০১৪ চনৰ ১১ চেপ্তেম্বৰত উদ্বোধন কৰিছিল অসমৰ তেতিয়াৰ মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

এটা সূত্ৰ মতে শিক্ষা মন্ত্ৰীৰ মন্তব্যৰ কোনো মূল্য নাই কাৰণ ২১/০৮/২০১৩ তাৰিখে এল জি এল ১৪৯/২০১১/৯২ জাননীযোগে ৰাজ্যিক বিশ্ববিদ্যালয় হিচাপে অসম বিধান সভাই অনা ২০১৩ৰ XXII আইনযোগে বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা হোৱা আৰু নিজা বিভাগসমূহৰ জড়িয়তে য়ুজিচি আইন ১৯৫৬ৰ ২২ ধাৰাৰ অধীনত য়ুজিচিয়ে নিৰ্দিষ্ট কৰি দিয়া অনুসৰি বিশ্ববিদ্যালয়খনে ডিগ্ৰী প্ৰদান কৰিব পাৰিব বুলি বিভাগীয় ৱে’বছাইটত উল্লেখ আছে।

কিন্তু বিশ্ববিদ্যালয়খনক লৈ শিক্ষা মন্ত্ৰীগৰাকীৰ এনে মন্তব্যৰ ফলত বিশ্ববিদ্যালয়খনত কোনো ছাত্ৰীয়ে ভৱিষ্যতে নাম লগাব নুখুজিব আৰু ফলত বিশ্ববিদ্যালয়খন অৱশেষত ধ্বংসৰ মুখত পৰিব বুলি সূত্ৰটোৱে লগতে মন্তব্য কৰে।

স্মিতা ভট্টাচাৰ্য্য

স্মিতা ভট্টাচাৰ্য্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd