• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

হিমন্ত বিশ্ব শৰ্মাৰ হিন্দুত্বৰ সংজ্ঞা গ্ৰহণ নকৰে অসমে

ভাস্কৰজ্যোতি বৰা by ভাস্কৰজ্যোতি বৰা
June 1, 2018 7:04 pm
himanta-biswa-sarma
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই হিন্দুত্ববাদ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ সন্দৰ্ভত কৰা এক মন্তব্যই সকলো অসমীয়াৰে চকু কঁপালত তুলিছে। লখিমপুৰৰ নাৰায়ণপুৰত মাধৱদেৱৰ জয়ন্তীৰ এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী ড০ শৰ্মাই সকলোকে আচৰিত কৰি ভাষণত ক’লে- অসমলৈ হিন্দুত্ববাদ আনিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। হিন্দুত্বৰ দৰ্শন অসমলৈ আনিছিল শংকৰদেৱে। হিন্দুত্ব আনিছিল মহাপুৰুষ মাধৱদেৱে। ভগৱান কৃষ্ণৰ নিৰ্দেশত অসমত আবিৰ্ভাৱ হৈছিল মহাপুৰুষ দুগৰাকীৰ। অৰ্থাৎ যুগ যুগ ধৰি অসমত হিন্দুত্ব চলি আহিছে। আৰ এছ এছ বা বিজেপিয়ে অসমলৈ হিন্দুত্ব আমদানি কৰা নাই।

এজন দায়িত্বশীল মন্ত্ৰীৰ মুখৰ পৰা মহাপুৰুষ দুজনা সন্দৰ্ভত এই মন্তব্য কোনো অসমীয়াই আশা নকৰে। সেই বাবে ড০ শৰ্মাৰ এই মন্তব্যৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ অসমতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিজেপিত যোগদান কৰাৰ দিনাৰ পৰাই হিমন্ত বিশ্ব শৰ্মাই এনেধৰণৰ প্ৰতিক্ৰিয়াশীল, অদ্ভূত মন্তব্য কৰি আৰ এছ এছৰ বিশ্বাসভাজন হোৱাৰ চেষ্টা চলাই আহিছে।

Apply Now

তেওঁ আৰ এছ এছৰ ঘনিষ্ঠ হ’বৰ বাবেই এই মন্তব্য কৰা বুলি কোনোবাই আওকাণ কৰিব বিচাৰিব পাৰে। কিন্তু তেনেদৰে এই কথা আওকাণ কৰিব নোৱাৰি। কাৰণ আৰ এছ এছ তথা সংঘ পৰিয়ালৰ দীৰ্ঘম্যাদী কাৰ্য্যসূচীৰ এক অংশ ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। উদাৰ-সংস্কাৰবাদী নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰবৰ্তক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক অসমত হিন্দুত্বৰ বাৰ্তাবাহক বুলি অভিহিত কৰিবলৈ যোৱাটো কোনো পধ্যেই গ্ৰহণযোগ্য হ’ব নোৱাৰে। আৰু ইয়াৰ বিৰোধিতা কৰিবই লাগিব।

আৰ এছ এছে সংশ্লিষ্ট সমাজৰ প্ৰেক্ষাপটত নিজৰ কাৰ্য্যসূচী যুগুত কৰি আগবাঢ়িছে। যিহেতু সাম্প্ৰতিক সময়ত অসমত তেওঁলোক অতি তৎপৰ। অসমৰ ভিন্ন জনগোষ্ঠীৰ মাজত তেওঁলোকে ভিন্ন ধৰণেৰে প্ৰৱেশ কৰিছে। এই ক্ষেত্ৰত অতি কৌশলপূৰ্ণভাৱে আগবাঢ়িছে আৰ এছ এছ নেতৃত্ব। হিমন্ত বিশ্ব শৰ্মাই অসমৰ বিভিন্ন নৃগোষ্ঠীৰ মাজত বিজেপিৰ সমৰ্থন ভেটি গঢ়ি তোলাৰ বাবে দিন-ৰাতি একাকাৰ কৰিছে। ড০ শৰ্মাই মহাপুৰুষ দুজনাৰ সন্দৰ্ভত কৰা মন্তব্যও তেওঁৰ এই কাৰ্য্যসূচীৰেই অংশবিশেষ।

শংকৰদেৱৰ নৱ-বৈষ্ণৱ ধৰ্ম মূলতঃ সংঘ পৰিয়ালে পোষকতা কৰা হিন্দুত্বৰ সম্পূৰ্ণ পৰিপন্থী। সংঘ পৰিয়ালৰ উত্তৰ ভাৰতৰ হিন্দু ধৰ্মৰ বিপৰীতে মহাপুৰুষ শংকৰদেৱে এক উদাৰ, সাৰ্বজনীন বৈষ্ণৱ ধৰ্মৰ প্ৰবৰ্তন কৰিছিল। য’ত জাত-পাত, উচ্চ-নীচ, ধনী-দুখীয়াৰ প্ৰভেদ নাই। সেই বাবেই শংকৰদেৱৰ ভক্তি আন্দোলনে অসমৰ জনসাধাৰণৰ মাজত অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে।

আজি শ্ৰীমন্ত শংকৰদেৱৰ বৈষ্ণৱ ধৰ্মাৱলম্বী মানুহৰ সংখ্যা অগণন। আৰু সেই বাবেই সকলো ৰাজনৈতিক দলে বিশেষ দৃষ্টি ৰাখে বৈষ্ণৱ ধৰ্মাৱলম্বীসকলৰ ওপৰত। আৰু বিজেপিৰটো কথাই নাই! বৈষ্ণৱ ধৰ্মাৱলম্বীসকলৰ সমৰ্থন আদায় কৰাৰ বাবে যি কৰিব লাগে তাকেই কৰিছে। কিন্তু আচল সমস্যা হৈছে- অসমৰ বৈষ্ণৱ ধৰ্মাৱলম্বীসকলৰ মানসিকতা বিজেপি তথা আৰ এছ এছৰ হিন্দুত্বৰ সম্পূৰ্ণ বিপৰীত। উত্তৰ ভাৰতৰ হিন্দু ধৰ্মীয় বিশ্বাস আৰু ৰীতি-নীতি নামানে এওঁলোকে। এক দেৱ, এক সেৱত বিশ্বাসী শংকৰী লোকসকলে দেৱ-দেৱী, পূজা-পাতল আদি কেতিয়াও বিশ্বাস নকৰে। ব্ৰাহ্মণ্যবাদৰ তেওঁলোক ঘোৰ বিৰোধী। এইখিনিতেই আন এটা কথা স্পষ্ট- এওঁলোক ব্ৰাহ্মণ্যবাদৰহে বিৰোধী। ব্ৰাহ্মণৰ বিৰোধী নহয়। কাৰণ গুৰুজনাই কেতিয়াও কোনো সম্প্ৰদায়ৰে বিৰোধিতা কৰা নাছিল। সেই সম্প্ৰদায়ৰ বিশ্বাস আৰু ৰীতি-নীতিৰহে বিৰোধী আছিল।

আৰ এছ এছৰ হিন্দু ধৰ্মৰ বাখ্যাই অসমৰ শংকৰী ধৰ্মত বিশ্বাসীসকলক কেতিয়াও প্ৰত্যয় নিয়াব নোৱাৰে। সেইবাবেই আৰ এছ এছে এই ক্ষেত্ৰত বিশেষ কৌশল অৱলম্বন কৰিছে। তেওঁলোকৰ মতে- অসমৰ নৱ-বৈষ্ণৱ ধৰ্ম হিন্দু সভ্যতাৰ এক অংশ। হয়, হিন্দু ধৰ্মৰ এক অংশই। কিন্তু কেইবা শতিকাৰ পূৰ্বে হিন্দু ধৰ্মৰ মাজত বিৰাজ কৰা কোনো কোনো মহলৰ আধিপত্যবাদৰ বিৰুদ্ধে সমগ্ৰ ভাৰতজুৰি হৈছিল সংস্কাৰ আন্দোলন। সেই সংস্কাৰ আন্দোলনেই আছিল ভাৰতৰ এক ভক্তি আন্দোলন। সেই বহুধাপল্লৱিত ভক্তি আন্দোলনৰে এক সৌৰভময় শক্তিশালী শাখা আছিল শ্ৰীমন্ত শংকৰদেৱৰ নৱ-বৈষ্ণৱ ধৰ্ম। ইয়াত হিন্দু-মুছলমানৰ কোনো ভেদ-ভাব নাই।

তেতিয়াহ’লে এই বৈষ্ণৱ ধৰ্মৰ মাজত মন্ত্ৰী ড০ শৰ্মাই কেনেদৰে হিন্দুত্ব দেখিবলৈ পাইছে? শংকৰদেৱক হিন্দুত্বৰ বাৰ্তাবাহক বুলি কৈ তেওঁ অসমৰ লোকসকলক কি বুজাব বিচাৰিছে? ৰাজনৈতিক ক্ষমতাৰ বাবে সমাজত বিষবাষ্প বিয়পোৱাৰ বাহিৰে ই আৰু একো নহয়। হিমন্ত বিশ্ব শৰ্মাই বৈষ্ণৱ ধৰ্মাৱলম্বীসকলক বিজেপিৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে কৰি অহা প্ৰচেষ্টাৰ ই এক অংশ। কিন্তু স্বয়ং গুৰু দুজনাৰ ক্ষেত্ৰত এনে মন্তব্য কৰি তেওঁ গুৰু দুজনাৰ অনুগামীৰ মাজলৈ বিজেপিক নিব পাৰিবনে? কাৰণ কোনো একনিষ্ঠ বৈষ্ণৱ সেৱকে শংকৰদেৱ আৰু মাধৱদেৱে অসমলৈ হিন্দুত্ব আনিছিল বুলি কৰা মন্তব্য গ্ৰহণ নকৰে। আৰু ই বৰঞ্চ তেওঁলোকক ক্ষুব্ধহে কৰিব।

ইতিমধ্যে শৰ্মাৰ এই মন্তব্যই বৈষ্ণৱ ধৰ্মাৱলম্বীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কেৱল এয়াই নহয়। অসমত প্ৰবাহমান কালৰ পৰাই হিন্দুত্ব আছিল বুলি ক’বলৈ গৈ তেওঁ কৈছে- ‘কৃষ্ণাইৰ মূৰতে বকুল ফুল এপাহি, নিয়ৰ পাই মুকলি হ’ল ঐ গোবিন্দাই ৰাম’ বিহু যোজনা ফাকিয়ে হেনো প্ৰমাণ কৰিছে অতীজৰ পৰাই অসমত হিন্দুত্বৰ প্ৰচলন আছিল। এনে উদ্ভট মন্তব্য কৰি ৰাজনৈতিক মুনাফা আদায় কৰিব বিচৰা নেতাজনে জনা উচিত যে- অসমৰ হিন্দু ধৰ্মাৱলম্বীসকলৰ ওপৰত সংঘ পৰিয়ালৰ হিন্দুত্বৰ সংজ্ঞা জাপি দিয়া উচিত নহয়।

মেৰু বিভাজনৰ চেষ্টা যিমানেই বেছি কৰিব, সিমানেই তাৰ বিৰুদ্ধে প্ৰতিবাদ হ’ব। ড০ শৰ্মাই সহজ-সৰল বৈষ্ণৱ পৰিয়াল এটাৰ লোকৰ সৈতে ভালদৰে কথা বতৰা পাতিলেই বুজি পাব তেওঁলোকৰ মানসিক পৰিমণ্ডল কিমান উদাৰ আৰু বহল। সংকীৰ্ণ হিন্দুত্বই তেওঁলোকক স্পৰ্শ কৰিব নোৱাৰে। এক প্ৰকাৰ ক’বলৈ গ’লে- অসমৰ উদাৰ গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ সমাজৰ ভেটিও এইসকল লোকক লৈয়ে গঢ় লৈছে। তাক ভাঙিবলৈ অপচেষ্টা নকৰাই ভাল।

পুৱা-গধূলি নামঘৰৰ চাকি-বন্তি, ডবা-শংখৰ লগতে ঘৰে ঘৰে গোঁসাইঘৰত চাকি-বন্তি আৰু মহাপুৰুষ দুজনাৰ সৃষ্টি-প্ৰাৰ্থনাৰ মাজত দিন পাৰ কৰা বৈষ্ণৱ সমাজে কেতিয়াও ড০ হিমন্ত বিশ্ব শৰ্মাৰ হিন্দুত্বৰ সংজ্ঞা গ্ৰহণ নকৰে। সম্পূৰ্ণ নিৰাসক্ত হৈ তেওঁলোকে ক’ব পাৰে- ‘মুক্তিতো নিস্পৃহ যিটো’ বুলি। ড০ শৰ্মাৰ দৰে ৰাজনীতিবিদে উপলব্ধি কৰিব পাৰিবনে এই কথা?

(লেখক গুৱাহাটীস্থিত এজন জ্যেষ্ঠ সাংবাদিক। তেখেতৰ ই মে’ইল ঠিকনা [email protected])

ভাস্কৰজ্যোতি বৰা

ভাস্কৰজ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd