• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিৰ’ ইণ্টাৰনেশ্যনেল কাপত জিলিকিছে উত্তৰ-পূবৰ দুই ফুটবলাৰ জেজে আৰু হলিচৰণ নাৰ্জাৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
June 5, 2018 10:13 am
Jeje-Lalpekhlua

ফাইল ফটো : জেজে

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুম্বাইৰ আন্ধেৰী স্প’ৰ্টছ ক’মপ্লেক্সত চলি থকা হিৰ’ ইণ্টাৰনেশ্যনেল কাপত জিলিকি উঠিছে উত্তৰ-পূবৰ দুই তাৰকা ফুটবলাৰ ক্ৰমে জেজে আৰু হলিচৰণ নাৰ্জাৰী। দুয়োগৰাকী খেলুৱৈয়ে ভাৰতীয় দলৰ বিজয়ত লৈছে মুখ্য ভূমিকা।

প্ৰতিযোগিতাৰ প্ৰথমখন মেচত চীনা টাইপেৰ বিপক্ষে ৫-০ ৰ বৃহৎ ব্যৱধানত জয়ী হয় ভাৰত। মেচখনত হেটট্ৰিক অৰ্জন কৰা অধিনায়ক সুনীল চেত্ৰীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলেও মেচখনত মিজোৰামৰ খেলুৱৈ তথা ভাৰতীয় দলৰ ফৰৱাৰ্ড জেজেয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মেচখনত অধিকাংশ সময় বল নিজৰ দখলত ৰাখি নিস্বাৰ্থভাৱে প্লে মেকাৰৰ ভূমিকা পালন কৰা দেখা যায় জেজেক।

Apply Now

আনহাতে সোমবাৰে নিশা অনুষ্ঠিত হৈ যোৱা দ্বিতীয়খন খেলত ভাৰতৰ প্ৰতিদ্বণ্ডী আছিল আফ্ৰিকা মহাদেশৰ কেনিয়া। খেলখনত ৩-০ ৰ ব্যৱধানত জয়ী হয় ভাৰত।

মূষলধাৰ বৰষুণে অসুবিধাৰ সৃষ্টি কৰা মেচখনৰ প্ৰথমাৰ্ধত বল নিয়ন্ত্ৰণ কৰাত বিফল হৈছিল দুয়োটা দলে। আৰু এইদৰে গ’ল শূণ্যভাৱে অন্ত পৰে প্ৰথমাৰ্ধৰ খেল।

দ্বিতীয়াৰ্ধত দুয়োটা দলৰে খেলুৱৈয়ে নিজৰ নিজৰ চন্দ ঘূৰাই পোৱা দেখা গ’ল। দুয়োটা দলে দেখুৱালে নিজৰ কলাত্মক কৌশল। কিন্তু মেচখনত সফলতা আহিল ভাৰতীয় দললৈ। ভাৰতীয় দলৰ অধিনায়ক সুনীল চেত্ৰীক বিপক্ষৰ খেলুৱৈয়ে পেনাল্টী বক্সত কৰা আক্ৰমণৰ ফলস্বৰূপে ভাৰতে লাভ কৰিলে পেনাল্টী। আৰু এইদৰে ১-০ৰ অগ্ৰগতি লাভ কৰে ভাৰতে।

holicharan-narzary-india-nepal-international-friendly-2017_17jx73hnbt8u314b8nnw9pkyfy
ফাইল ফটো : হলিচৰণ নাৰ্জাৰী

সুনীল চেত্ৰীয়ে গ’ল কৰাৰ ঠিক তিনি মিনিট পাছতে ভাৰতে দ্বিতীয়টো অগ্ৰগতি লাভ কৰিলে আক্ৰমক ফৰৱাৰ্ড জেজেৰ জৰিয়তে। ভাৰতীয় দলৰ অভিজ্ঞ মিডফিল্ডাৰ তথা অসম সন্তান হলিচৰণ নাৰ্জাৰীয়ে আগবঢ়োৱা বল জেজেয়ে সুন্দৰভাৱে আয়ত্ত কৰি কলাত্মক কৌশলেৰে এক আকৰ্ষণীয় গ’ল প্ৰদান কৰে। আৰু ভাৰতে ২-০ৰ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয়।

আনহাতে এই খেলখনৰে ৯০ মিনিট পাৰ হৈ যোৱাৰ পাছত অৰ্থাৎ মেচৰ অতিৰিক্ত সময়ত অধিনায়ক চেত্ৰীয়ে আন এক গ’ল কৰি ব্যৱধান ৩-০ লৈ বৃদ্ধি কৰি এইদৰে কেনিয়াৰ বিৰুদ্ধে সহজ বিজয় সাব্যস্ত কৰে।

উল্লেখ্য যে শততম আন্তঃৰাষ্ট্ৰীয় মেচ খেলা সুনীল চেত্ৰীয়ে গঢ়িলে আন এক অভিলেখ। আন্তঃৰাষ্ট্ৰীয় খেলৰ পৰা অৱসৰ নোলোৱা সৰ্বাধিক গ’ল প্ৰদান কৰা খেলুৱৈৰ ভিতৰত তিনি নম্বৰ স্থানত আছে ভাৰতীয় তাৰকা সুনীল চেত্ৰী। সৰ্বাধিক গ’ল দাতাৰ শাৰীত চেত্ৰীৰ ওপৰত আছে বিশ্ব ফুটবলৰ দুই আলোড়ণ সৃষ্টিকাৰী ফুটবলাৰ ক্ৰমে প্ৰথম স্থানত ৰ’নাল্ডো আৰু দ্বিতীয় স্থানত মেছী।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd