• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৭ জানুৱাৰিত জ্যোতি চিত্ৰবনে উদযাপন কৰিব সোণালী জয়ন্তী আৰু শিল্পী দিৱস

সুকৃতি গগৈ by সুকৃতি গগৈ
January 16, 2018 8:18 pm
সোণালী জয়ন্তী বৰ্ষত জোতি চিত্রবন

সোণালী জয়ন্তী বৰ্ষত জোতি চিত্রবন

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৭ জানুৱাৰি, মঙলবাৰে জ্যোতি চিত্ৰবনে ইয়াৰ সোণালী জয়ন্তী উদযাপনৰ লগতে শিল্পী দিৱসো পালন কৰিব। এই বছৰ শিল্পী দিৱস আৰু জ্যোতি চিত্ৰবনৰ প্ৰতিষ্ঠা দিৱস একেলগে উদযাপন কৰা হ’ব। দ্বিতীয়বাৰৰ বাবে এনেধৰণে একেলগে দুয়োটা দিৱস পালন কৰিবলৈ লোৱা হৈছে।

সোণালী জয়ন্তী উদযাপনৰ অংশ হিচাপে আয়োজন কৰা পেইন্টিং প্ৰতিযোগিতা আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীত বিটিএডিকে ধৰি অসমৰ সকলো প্ৰান্তৰ পৰা অংশগ্ৰহণকাৰীয়ে ভাগ ল’ব। সংগীত শিল্পী কুল বৰুৱা আৰু অনিমা বৰঠাকুৰক শিল্পী দিৱস উপলক্ষে সম্বৰ্দ্ধনা জনোৱা হ’ব।

Apply Now

জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পৱিত্ৰ মাৰ্ঘেৰিটাই কয় যে জ্যোতি চিত্ৰবনৰ সোণালী জয়ন্তী উপলক্ষে তেওঁলোকে উন্নয়নমূলক কাম হাতত লৈছে আৰু এইবছৰ তিনিখন চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত কৰিব।

‘’ সংগীতৰ আৰ্কাইভটো এটা ডিজিটেল আৰ্কাইভলৈ সলনি কৰা হৈছে। দহদিনৰ ভিতৰত আমি ১২০০ তকৈয়ো অধিক ফটোগ্ৰাফ আমি সাজু কৰিবলৈ সক্ষম হ’ম আৰু সেইবোৰ ডিজিটেল মাধ্যমত উপলব্ধ হ’ব,’’-গুৱাহাটীৰ কাহিলিপাৰাত অনুষ্ঠিত এখন সংবাদমেলত এইদৰে কয় পৱিত্ৰ মাৰ্ঘেৰিটাই। তেওঁ লগতে কয় যে অসমৰ চলচ্চিত্ৰ, সংগীত আৰু সংস্কৃতিৰ লগত জড়িত মূল্যৱান ফটোগ্ৰাফৰ ডিজিটেল সংকলন এই বছৰৰ পৰা সহজলভ্য কৰি তোলা হ’ব। জ্যোতি চিত্ৰবনৰ এই সংবাদমেলত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ যুটীয়া সচিব মনিতা বৰগোহাইও উপস্থিত আছিল।

পৱিত্ৰ মাৰ্ঘেৰিটাই লগতে উল্লেখ কৰে জ্যোতি চিত্ৰবনে আগন্তুক বছৰত এখন আন্তৰ্জাতিক শিশু চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰিব। চলচ্চিত্ৰ প্ৰদৰ্শনৰ উপৰি মহোৎসৱখন আন্তৰ্জাতিক সাংস্কৃতিক বিনিময়ৰ এখন মঞ্চ হোৱাৰ লগতে  শিশুৰ বাবে নতুন কেৰিয়াৰৰ আলোচনাৰ ব্যৱস্থা থাকিব। ইয়াত চলচ্চিত্ৰ নিৰ্মাণৰ কলা শিক্ষণৰ সুবিধাও আগবঢ়োৱা হ’ব।

জ্যোতি চিত্ৰবনে এখন তথ্যচিত্ৰ মহোৎসৱ আৰু গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ দ্বিতীয় সংস্কৰণৰ আয়োজন কৰিব। তদুপৰি, ১৯৯৯ চনত জ্যোতি চিত্ৰবনত আৰম্ভ কৰা ড০ ভূপেন হাজৰিকা ফিল্ম এণ্ড টেলিভিশ্বন ইনষ্টিটিউটে এতিয়াৰে পৰা স্বতন্ত্ৰভাৱে কাম কাজ চলাব।

‘’ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সিদ্ধান্ত অনুসৰি আমি বৈজ্ঞানিক ভিত্তিত সংৰক্ষণৰ কাম গ্ৰহণ কৰিম আৰু লগতে বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰত গৱেষণাৰ উদ্যোগ কৰা হ’ব,’’-তেওঁ কয়।

সুকৃতি গগৈ

সুকৃতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

June 5, 2026 6:02 pm
নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

June 5, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd