বড়োলেণ্ড স্বায়ত্ত্ব শাসিত পৰিষদে পৰম্পৰাগত উৎসাহ উদ্দীপনাৰে তেওঁলোকৰ বসন্ত উৎসৱ বিহু বা বৈছাগু উৎসৱক বাৰদৈ চিখ্লা হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
এই এলেকাটোৰ জনসাধাৰণৰ মাজত ঐক্যৰ মনোভাৱ শক্তিশালী কৰাৰ উদ্দেশ্যৰে এই উৎসৱ পালন কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
বড়োলেণ্ড স্বায়ত্ত্ব শাসিত পৰিষদ কৰ্তৃপক্ষই অনুষ্ঠানৰ কাৰ্যসূচীকে আদি কৰি এই উৎসৱৰ প্ৰস্তুতি পৰ্ব আৰম্ভ কৰিছে।
কাৰ্যসূচী অনুযায়ী, মে’ মাহৰ ৫ আৰু ৬ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰৰ বড়োফা নৗগৗৰৰ বিটিচি সচিবালয়ৰ ক্ষেত্ৰত বাৰদৈ চিখ্লা উৎসৱ পালন কৰা হ’ব।
বড়োলেণ্ড স্বায়ত্ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য দোনেশ্বৰ গয়াৰীয়ে এই উৎসৱ উদ্বোধন কৰিব আৰু তাৰ পাছত সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ’ব।
বড়ো সাহিত্য সভাৰ সভাপতি তাৰেন বড়োই দ্বিতীয় দিনাৰ কাৰ্যসূচী উদ্বোধন কৰিব আনহাতে অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশী আৰু আছুৰ উপদেষ্টা ড০ সমুজ্বল ভট্টাচাৰ্যই যথাক্ৰমে মুখ্য অতিথি আৰু নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব।
কাৰ্বি আংলং আৰু ডিমা হাছাও আদিকে ধৰি স্বায়ত্ত্ব পৰিষদসহ বড়োলেণ্ড স্বায়ত্ত্ব শাসিত পৰিষদৰ অন্তৰ্গত বিভিন্ন সম্প্ৰদায়ৰ সাংস্কৃতিক গোষ্ঠীসমূহে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
বড়োলেণ্ড স্বায়ত্ত্ব শাসিত পৰিষদৰ প্ৰধান সচিব বীৰেন চন্দ্ৰ ফুকনে ধৰ্ম, জাতি, বিশ্বাস নিৰ্বিশেষে সকলোকে পৰিষদৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত কৰা বিহু বা বৈশাগু উৎসৱ পালন কৰাৰ বাবে আহ্বান জনাইছে।





