আজি মঙলবাৰে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সুৰামত্ত ছাত্ৰই জালুকবাৰীৰ এখন বিয়াত তাণ্ডৱ চলোৱাৰ পিছতে আজি পুনৰ স্থানীয় লোকে কৰা অভিযোগ মতে অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদৰ মাজেদি এটা পি ডব্লিউ দি পথটো মহাবিদ্যালয়খনৰ একাংশ ছাত্ৰই অৱৰোধ কৰে।
প্ৰাপ্ত তথ্য মতে মহাবিদ্যালয়খনৰ একাংশ ছাত্ৰই মহাবিদ্যালয়খনৰ চৌহদৰ মূল গেটখন বন্ধ কৰি দিয়ে য’ত সেই গেটখনে দি পি ডব্লিউ ডিৰ এটা পথ গৈছে। যাৰ ফলত স্থানীয় ৰাইজ বহু সমস্যাৰ সন্মুখীন হ’ব লগীয়া হয়। এম্বুলেন্স, স্কুল বাছকে ধৰি বহু যান বাহন মহাবিদ্যালয়খনৰ গেটখন পুনৰ খোলালৈকে বহু ঘণ্টা ধৰি আবদ্ধ হৈ থাকিব লগা হয়।
আনহাতে এগৰাকী মাতৃয়ে অসুস্থ পুত্ৰক চিকিৎসালয়লৈ নিয়াৰ পথতে এনেদৰে পথতে আবদ্ধ হৈ থাকিব লগা হোৱাত মাতৃ গৰাকীয়ে দুখ প্ৰকাশ কৰি কয় এনে ছাত্ৰক আৰক্ষীৰ হাতত গটাই দিয়াৰ সলনি ৰাইজৰ হাতত গটাই দিব লাগে যাতে তেওঁলোকক ৰাইজে ভালদেৰ শিক্ষা দিব পাৰে।
কিছু সময়ৰ পিছতে জালুকবাৰীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ বাবে পথ মুকলি কৰে আৰু দুজন ছাত্ৰক উক্ত ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আটক কৰে যদিও পিছত মহাবিদ্যালয় কৰ্তৃপক্ষক চমজাই দিয়ে।
মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই জনোৱা মতে অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তিনিখন মুখ্য গেটৰে এখন গেট একাংশ ছাত্ৰই কোনো কাৰণত বন্ধ কৰি থৈছিল আৰু মহাবিদ্যালয় কৰ্তৃপক্ষই দুজন ছাত্ৰক গেটখন খুলিবলৈ পঠাইছিল। তেনে সময়তে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উক্ত ছাত্ৰ দুজনকে ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আটক কৰে।
ইফালে মঙলবাৰে জালুকবাৰীত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সুৰামত্ত ছাত্ৰই চলোৱা তাণ্ডৱৰ ঘটনাৰ লগত জড়িত ৯ জন ছাত্ৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ উক্ত ৯ অভিযুক্ত ছাত্ৰক আজি আদালতে ১৪ দিনৰ ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে। জালুকবাৰীৰ বিবাহ অনুষ্ঠানত চলোৱা তাণ্ডৱৰ অপৰাধত গ্ৰেপ্তাৰ কৰা ৯ জন ছাত্ৰক আৰক্ষীৰ জিন্মাৰ অন্তত আজি আদালতত হাজিৰ কৰোৱা হৈছিল।